• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত নাহৰফুটুকী বাঘৰ আতংক; বন বিভাগৰ গাফিলতিৰ বাবে বাঘটোৰ মৃত্যুৰ অভিযোগ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 2, 2020 8:59 pm
IMG-20200502-WA0237
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনত চলি থকা লকডাউনৰ সময়ছোৱাত আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত নাহৰফুটুকী বাঘ এটাই জনাঞ্চলত প্ৰৱেশ কৰাত সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ইক্ৰাবিল গাঁৱৰ লোকে জানিবলৈ দিয়া মতে আজি পুৱা প্ৰায় ৯-৩০ বজাত গাঁওখনৰ দুজন লোকে গৰু এৰাল দিবলৈ যাওঁতে  নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে। বাঘটো প্ৰত্যক্ষ কৰাৰ লগেলগে গাঁওখনত হুৱাদুৱা লাগে।

Apply Now

খবৰটো বনজুইৰ দৰে বিয়পি পৰাত গাঁৱখনৰ লোকৰ লগতে নাগ্ৰীজুলি অঞ্চলৰ বহু লোকে হাই-হাল্লা কৰি ওলাই  অহাত বাঘটো স্থানীয় লোক এজনৰ বাৰীৰ পিছপিনে থকা বাহৰ চুপাৰ ওচৰত থকা ঝাৰনিৰ মাজত প্ৰৱেশ কৰে। বাঘটো জংঘলত সোমোৱাৰ পিছত স্থানীয় লোকে নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে।

খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ মালাকাৰৰ নেতৃত্বত অহা  আৰক্ষীৰ দল এটা  ঘটনাস্থলীত উপস্থিত হয় আৰু কুমাৰীকাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে। প্ৰায় ১১-৩০ বজাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীৰ সৈতে আলোচনা কৰি সমীপতে থকা বাল্টি নদীৰ পিনে বাঘটোক খেদি লৈ গৈ বাল্টি নদীৰে ভূটান পাহাৰৰ অভিমুখে বাঘটোক খেদি পঠিওৱাৰ পৰিকল্পনা কৰে নতুবা সম্ভৱ হ’লে বাঘটোক জীৱন্তে আটক কৰাৰ পৰিকল্পনা কৰে।

ইপিনে বাঘ ওলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ অগণন লোক হাতে হাতে-হাতে লাঠী-জোং লৈ বাঘ চাবলৈ আহি তীব্ৰ হাই-উৰুমীৰ সৃষ্টি কৰে আৰু বাঘৰ আতংকত সকলোৱেই পাহৰি যায় সামাজিক দূৰত্ব বজাই ৰখাৰ কথা।

আৰক্ষীয়ে প্ৰথমে লোকসকলক দূৰলৈ খেদি পঠায় আৰু স্থানীয় যুৱকসকলৰ সহায়ত বন বিভাগৰ লোকে বাঘটোক লুকাই থকা জংঘলৰ ভিতৰৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰে।

বাঘটোৱে দৌৰি গৈ কিছু দূৰৰ এটা পৰিয়ালৰ ঘৰৰ চৌহদত ৰৈ থকা ইছমাইল চৰেন নামৰ লোক এজনৰ ওপৰত জপিয়াই পৰে। লোকজনে সাহসিকতাৰে হাতত থকা লাঠিৰে বাঘটোক জোৰেৰে কোব মাৰে আৰু বাঘটো মাটিত পৰি যায়। পিছত ইছমাইল চৰেন নামৰ যুৱকজনে বুদ্ধিমত্তাৰে বাঘটোৰ ওপৰত জপিঁয়াই পাৰি বাঘটোৰ গলত হেঁচি ধৰে। ওচৰত থকা অন্য লোক সকলো  দৌৰি আহি ইছমাইল চৰেনক সহায় কৰাত বাঘটোক ধৰিবলৈ সক্ষম হয়।

বাঘটোৰ আক্ৰমণৰ ফলত বাঘৰ নখ লাগি ইছমাইল চৰেন নামৰ যুৱক জনৰ হাতখনৰ এটা অংশ ফালি যায় আৰু ভৰিত দাঁত লাগি আঘাতপ্ৰাপ্ত হয়।

বন বিভাগৰ লোকে জানিব দিয়া মতে বাঘটোৰ বয়স আনুমানিক দুই বছৰ হ’ব।

ইপিনে বাঘটো ৰাইজৰ হাতত বন্দী হোৱাৰ পিছত বাঘটো গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় আৰু  কিছু সময়ৰ পিছতে বাঘটোৰ কৰুণ মৃত্যু ঘটে।

বাঘটোৰ মৃত্যু হোৱাত লৈ অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু বন বিভাগৰ লোকে বাঘটো জীৱন্তে কৰায়ত্ত্ব কৰাৰ ক্ষেত্ৰত উপযুক্ত সঁজুলিসহ ব্যৱস্থা নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বন বিভাগৰ হেমাহিৰ বাবে বাঘাটোৱে কৰোঁ মৃত্যুক সাৱটি ল’ব লগাত পৰিছে।

মৃত বাঘটো পিছত কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়লৈ লৈ অনা হয় আৰু পিছত মাৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সমাধিস্থ কৰা হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd