NORTHEAST NOW (Assamese)

হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! হোজাইত ‘হাই এলাৰ্ট’ জাৰি

May 30, 2019 12:40 pm · নিখিল মুন্দ্ৰা
Updated: May 30, 2019 12:41 pm
প্ৰতিনিধিত্বমূলক ছবি

দেশৰ প্ৰধান মন্ত্ৰী ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব। কিন্তু মোদীৰ শপত গ্ৰহণৰ প্ৰাকক্ষণত হোজাই জিলাৰ কেতবোৰ বিশেষ স্থানত সন্ত্ৰাসবাদী কুটাঘাটকে ধৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হোৱাৰ আশংকাত আৰক্ষীয়ে জিলাখনত ‘হাই এলাৰ্ট’ জাৰি কৰিছে।

মোদীৰ শপত গ্ৰহণৰ আগে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বুধবাৰৰ পৰা আৰক্ষীয়ে সমগ্ৰ জিলাখনত, বিশেষকৈ হোজাই নগৰকে ধৰি লংকা, যমুনামুখ আৰু লামডিং ৰে’লৱে ষ্টেশ্যন আদি জনসমাগম হোৱা ঠাই সমূহত নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে।

হোজাই আৰক্ষীয়ে জনোৱা মতে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ আগে আগে উল্লেখিত স্থানসমূহত সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ শ্লিপাৰ চে’ল সমূহে কুটাঘাত তথা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবলৈ চেষ্টা চলাব পাৰে।

ইয়াৰ পৰিপ্ৰেক্ষিতত যি কোনোধৰণৰ অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে আৰক্ষীয়ে জিলাখনত সকৰ্তকা জাৰি কৰা বুলি সদৰী কৰে।

তদুপৰি কোনো লোকে যদি কিবা প্ৰকাৰৰ সন্দেহজনক বস্তু বা গতি-বিধি লক্ষ্য কৰে তেন্তে ১০০ ডায়েল কৰি স্থানীয় আৰক্ষী বা ০৬০০০৯২৪৭৫০ নম্বৰত ফোন কৰি হোজাই আৰক্ষী নিয়ন্ত্ৰণ কক্ষত জনাবলৈ আৰক্ষীয়ে ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

Related News