• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত অভিনন্দন অনুষ্ঠান : ধৰিত্ৰী কাকতি আমফিসহ কৃতি শিক্ষক ৰাজেন বৰাক সম্বৰ্ধনা

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 28, 2020 8:30 pm

2 min read

index.jpgb
248
VIEWS
Share on FacebookShare on Twitter

“লোক সেৱা শব্দৰ অৰ্থ হৃদয়গংম কৰি লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলে কৰ্তব্যত যোগদান কৰিব লাগে”- মৰিগাঁও মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আজি ভাষণ প্ৰসংগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে।

শিক্ষা বিষয়া গৰাকীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ধৰিত্ৰী কাকতি আমফিৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনাই সাৰুৱা ভাষণ প্ৰদান কৰে।

মজলীয়া বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদ্য প্ৰাক্তন সভাপতি হৰেন শৰ্মাৰ সঞ্চালনত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মৰিগাঁও মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী ধৰিত্ৰী কাকতি আমফিক গামোচা, জাপি গ্ৰন্থৰ টোপোলা, মান পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

কনকলতা মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত আৰু প্ৰজ্ঞালিপি শৈক্ষিক ই-পত্ৰিকা মৰিগাঁৱৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰা মৰিগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন বৰাকো সম্বৰ্ধনা জনোৱা হয়।

জিলা আঁচনি বিষয়া ৰাজেন গোস্বামী, মৰিগাঁও উচ্চতৰ ও বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ফুল নাথ, প্ৰজ্ঞালিপিৰ কাৰ্যবাহী সম্পাদক ৰাজীৱ চহৰীয়া, শিক্ষয়িত্ৰী মঞ্জু দত্ত, শিক্ষক খগেন বৰা, শিক্ষক যুৱ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ শিক্ষকবৃন্দ আৰু শিক্ষাৰ্থীসকলৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানটিৰ আঁত ধৰে কনকলতা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক তথা প্ৰজ্ঞালিপিৰ সম্পাদক ভবেশ ঠাকুৰীয়াই।

উল্লেখযোগ্য যে, সম্বৰ্ধনা গ্ৰহণ কৰি ধৰিত্ৰী কাকতি আমফিয়ে অনাগত দিনত শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd