• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ ৰেহাই আৰু উদ্যোগিক বিকাশৰ ঘোষণাৰে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 1:40 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে ৰাজ্য বিধানসভাত ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে। বাজেটত ৬২০.২৭ কোটি টকাৰ ঘাটিৰ প্ৰস্তাৱ দিয়া হৈছে।

বাজেটত প্ৰতিমাহে ১৫,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলৰ বাবে প্ৰফেছনেল কৰ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ফলত ১.৪৩ লাখৰো অধিক কৰদাতা আৰু পৰিয়াল উপকৃত হ’ব আৰু তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি পাব।

Apply Now

অসমৰ চাহ উদ্যোগক সহায় কৰিবলৈ আৰু দুবছৰলৈ গ্ৰীণ টিৰ কৰ ৰেহাই বৃদ্ধি কৰা হৈছে ।

এডভান্টেজ আছাম ২.০ৰ অধীনত ৰাজ্যৰ ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, পলাশবাৰী, জাগীৰোড, তেজপুৰ, আৰু নলবাৰীত নতুন ঔদ্যোগিক পাম স্থাপন কৰা হ’ব। ঔদ্যোগিক বিকাশৰ বাবে ৫০০ কোটি টকা আবণ্টন দিয়া হ’ব।

ইয়াৰ উপৰিও এছিয়ান ডেভেলপমেণ্ট বেংকৰ (এডিবি) আৰ্থিক সাহায্যত পলাশবাৰী আৰু জাগীৰোডত একোটাকৈ টাউনশ্বিপ প্ৰকল্প গঢ়ি তোলা হ’ব, য’ত নগৰীয়া আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে ৮,০০০ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ’ব।

বাজেটত বৰ্ধিত হাতী-মানুহৰ সংঘাতৰ ঘটনা মোকাবিলা কৰিবলৈ চৰকাৰে গোৱালপাৰা, তেজপুৰ, ওদালগুৰি, বাক্সা আৰু নগাঁও- এই ৫খন ক্ষতিগ্ৰস্ত জিলাত গজ মিত্ৰ প্ৰকল্প আৰম্ভ কৰিছে।

হাতীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ এআই চালিত কেমেৰা স্থাপন কৰা হ’ব। মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰিবলৈ হাতীৰ বাসস্থান উন্নত কৰা হ’ব। সংঘাতপূৰ্ণ অঞ্চল পৰিচালনা তথা দ্ৰুত সঁহাৰি নিশ্চিত কৰাৰ বাবে গজ মিত্ৰ দল গঠন কৰা হ’ব।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইখনেই শেষ সম্পূৰ্ণ বাজেট হোৱাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী নেওগে চৰকাৰৰ অৰ্থনৈতিক বিকাশ, কৰ সকাহ, পৰিৱেশ সংৰক্ষণ আৰু উদ্যোগ সম্প্ৰসাৰণৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd