সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ লগতে বিভিন্ন দল-সংগঠনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত দীৰ্ঘদিনে অব্যাহত ৰখা প্ৰতিবাদৰ প্ৰতি সহাৰি জনায় ৰাজ্যপালে তদন্তৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে।
ৰাজ্যপালে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখনে ইতিমধ্যে উত্থাপিত অভিযোগৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটে দীৰ্ঘদীনৰ পৰা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ বিৰুদ্ধে ৰাজহুৱা ধনৰ অপব্যৱহাৰকে ধৰি বিত্তীয় অনিয়ম সন্দৰ্ভত অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।
ৰাজ্যপালে গঠন কৰি দিয়া উচ্চস্তৰীয় দলটোত শিক্ষা সংসদৰ আয়ুক্ত প্ৰীতম শইকীয়া, উজনি অসম আয়ুক্ত মলয় বৰাকে ধৰি ফৰেনছিক বিশেষজ্ঞ ৰাজীৱ শেনচোৱা আৰু ইচৰাফিল মুছাহাৰী আছে।
বিত্তীয় অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হৰিচন্দ্ৰ মহন্ত, উপ-পঞ্জীয়ক (বিত্ত) দিগন্ত বৰাক নিলম্বন কৰা হয়।
আনহাতে, উচ্চস্তৰীয় সমিতিখনে বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণকে আদি কৰি বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰি ৬ ফেব্ৰুৱাৰিৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি ধাৰণ কৰা হৈছে।