DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
February 18, 2022 6:09 pm
কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?
1k
VIEWS
Share on FacebookShare on Twitter

ফাগুনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বলিবলৈ লোৱা পচোৱা বতাহৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি জ্বলোৱাৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়া আৰম্ভ হয় ৷

চলিত বৰ্ষতো ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰ্বাচিত ঘাঁহনিত জুই লগোৱাৰ কাম আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

ঘাঁহনিত জুই লগোৱাতো কাজিৰঙাৰ পৰিচালনা ব্যৱস্থাৰ এক বাৰ্ষিক প্ৰক্ৰিয়া ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ লগতে হাতী, ম’হ, বিভিন্ন প্ৰজাতিৰ হৰিণকে ধৰি বহু তৃণভোজীপ্ৰাণী আছে ৷ আৰু এই তৃণভোজী প্ৰাণীৰ ওপৰতে নিৰ্ভৰ কৰি মাংসভোজী প্ৰাণীবোৰ জীয়াই আছে৷ তৃণভোজী আৰু মাংসাহাৰী প্ৰাণীৰ সমতাৰ বাবে আৰু তৃণভোজী প্ৰাণীৰ পৰ্যাপ্ত খাদ্যৰ বাবেই কাজিৰঙাত প্ৰতি বছৰে ঘাঁহনি জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷

ছাৰ্ভে অৱ ইণ্ডিয়াৰ ভেজিটেচন মেপিঙৰ তথ্যত প্ৰকাশ পোৱা মতে দেশৰ বেছি ভাগ ঘাঁহনি অঞ্চল কাঠনিলৈ ৰূপান্তৰিত হ’বলৈ ধৰিছে৷

কাজিৰঙাৰ ঘাঁহনিবোৰ যাতে শিমলু, ভেলকৰ, এজাৰ আদি দ্ৰুত প্ৰসাৰিত উদ্ভিদে গ্ৰাস কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি হাতত লোৱা এলানি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰৰে অন্যতম এক ব্যৱস্থা হ’ল ঘাঁহনি জ্বলোৱা প্ৰক্ৰিয়া ৷ ফাগুনত ঘাঁহনি জ্বলোৱাৰ পিচত নতুনকৈ আৰ্ভ হ’বলগীয়া বৰষুণত ক্ৰমান্বয়ে গজি উঠা ঘাঁহৰ গঁজালিবোৰে তৃণভোজী প্ৰাণীৰ বাবে পৰ্যাপ্ত খাদ্যৰ যোগান ধৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত জুই লগোৱাৰ আগতে উদ্যান কৰ্তৃপক্ষই অগ্ৰাধিকাৰ ভিত্তিত ঘাঁহনি নিৰ্বাচন কৰাৰ লগতে প্ৰতিটো ৰেঞ্জতে জুই লগোৱাৰ দিনপঞ্জীও প্ৰস্তুত কৰে৷

ৰাষ্ট্ৰীয় উদ্যান খনৰ মিহিমুখ আৰু দেৱেশ্বৰীৰ দৰে বিৰল প্ৰজাতিৰ উলুম’ৰা চৰাইৰ গুৰুত্বপুৰ্ণ আৱাসস্থলত জানুৱাৰী মাহত উলুম’ৰা চৰায়ে কণী পাৰি পোৱালি জগায়। সেয়ে এই বিষয়ত সকলো কথা নিশ্চিত কৰিহে জুই জ্বলোৱাৰ ব্যৱস্থা কৰা হয় ৷

জুই জ্বলোৱাৰ পিচত ঘাঁহনি সমূহৰ জৈৱতন্ত্ৰৰ ওপৰত পৰিব পৰা নেতিবাচক দিশ সমূহো প্ৰতি বছৰে পৰ্যালোচনা কৰা হয় ৷

প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙাৰ ঘাঁহনিত জুই লগোৱাৰ কাম আৰম্ভ কৰা হৈছে ৷ জুই লগোৱাৰ সময়ত বন্যপ্ৰাণীৰ উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকক সতৰ্ক হবলৈও কোৱা হৈছে ৷ ঘাঁহনিত জুই দিয়াৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্যানৰ বাহিৰলৈ গঁড় আদি ওলাই যোৱাৰ সম্ভাৱনাৰ বাবেও সজাগ থাকিব লগা হয় বনকৰ্মী সকল ৷

Recent News

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

অৰ্থনৈতিক সংকট: শ্ৰীলংকাৰ পিছত পাকিস্তানৰ পাল! ‘অপ্ৰয়োজনীয়’ বিলাসী সামগ্ৰীৰ আমদানিত নিষেধাজ্ঞা

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd