• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘২১ত বিজেপিক ৰোধিব! : ৭০ টা জাতীয় সংগঠনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা

‘সকলোৰে বাবে খোলা ৰাখিছে মিত্ৰতাৰ দুৱাৰ’, বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে বাঘে-ছাগলে একেলগে পানী খাবলৈও প্ৰস্তুত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2020 7:30 pm
70 akhil polash
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৭০ সংগঠনৰ বেনাৰত গঠন হ’বলগীয়া প্ৰস্তাৱিত ৰাজনৈতিক দলটো।

বিজেপি দলক প্ৰতিহত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল আৰু শক্তিৰ সৈতে একত্ৰিত হৈ মিত্ৰতা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰস্তুত ৭০ টাকৈ জাতীয় সংগঠন।

Apply Now

ইপিনে, নাম প্ৰকাশত অনিশ্চুক ৭০ সংগঠনৰ এজন অন্যতম নেতাই আমাৰ সাংবাদিকক জনোৱা অনুসৰি তেওঁলোকে আজি এক কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰিছিল। সেই বৈঠকতে ১৬ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

সুত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি কাৰাৰুদ্ধ অখিল গগৈৰ নেতৃত্বত এই ৰাজনৈতিক দল গঠন কৰা হ’ব।

সুত্ৰটোৱে জনোৱা অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে টীয়ক আৰু শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই সোণাৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

ৰহা সমষ্টিৰ পৰা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে প্ৰতিদ্বন্দিতা কৰিব।

টাই আহোম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে মাহমৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে থাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লগতে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

মদ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ দাস অথবা ৭০ সংগঠনৰ নেতা ধ্ৰুৱ ভৰালীয়ে দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য এগৰাকী উপদেষ্টা চাহজাহান হুছেইনে চেঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে শদিয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

৭০ সংগঠনৰ অন্যতম নেতা বিদ্যুত কলিতাই পলাশবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই গোলাঘাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

প্ৰদীপ বৰুৱাই দিছপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তৃষ্ণা শৰ্মাই পূৱ গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

ইয়াৰোপৰি সুত্ৰটোৱে জনোৱা অনুসৰি প্ৰণৱজ্যোতি শইকীয়াই বিহপুৰীয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

লাহোৱাল সমষ্টিৰ পৰা মিৰ্জা বৰাই প্ৰতিদ্বন্দিতা কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে, জালুকবাৰী সমষ্টিৰ পৰা স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে প্ৰতিদ্বন্দিতা কৰিব। লুই বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধে দীৰ্ঘদিন মাত মাতি আহিছে ভবেন সন্দিকৈয়ে।

পাছৰ পৰ্যায়ত অন্যান্য সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে।

সুত্ৰটোৱে আৰু কয় ‘ভ্ৰষ্টাচাৰী আৰু স্বৈৰাচাৰী বিজেপি দলক সমুলঞ্চে উৎখাত কৰাৰ স্বাৰ্থত তথা দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ নেতৃত্বত ৭০ জাতি-জনগোষ্ঠী সংগঠনৰ উদ্যোগত এই প্ৰস্তাৱিত ৰাজনৈতিক দলটোৱে সমভাৱসম্পন্ন জাতীয়তাবাদী আৰু প্ৰগতিশীল চিন্তাধাৰাৰে পৰিপুষ্ট আছুৰ প্ৰস্তাৱিত ৰাজনৈতিক দল আৰু অজিত কুমাৰ ভুঞা নেতৃত্বাধীন আঞ্চলিক গণ মৰ্চাৰ লগতে কা বিৰোধী আন্দোলন আৰু বিজেপি বিৰোধী সকলোবোৰ ৰাজনৈতিক শক্তিৰ লগত মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে।‘

‘যিহেতুকে ভোটৰ ৰাজনৈতিক অংকত সকলোবোৰ সম্ভাৱনা থাকে গতিকে আগন্তুক সময়ত এই চৰকাৰক প্ৰতিহত কৰাৰ স্বাৰ্থত বাঘে চাগে একেলগে যুঁজাৰ পণ কৰা হৈছে।‘ সুত্ৰটোৱে লগতে কয়।

ইপিনে, ৰাজনৈতিক দল সুকীয়া হ’লেও নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘সাম্প্ৰদায়িক ৰাজনীতিৰ পিঠিত উঠি ৰাজনৈতিক বৈতৰণী পাৰ হোৱা বিজেপি আৰু অগপই বন্ধুত্বসূলভ চৰিত্ৰৰে অসমৰ ৰাইজক বিপথে পৰিচালনা কৰি আহিছে। আসন বুজা বুজিৰে প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ জৰিয়তে বিজেপিক প্ৰতিৰোধ কৰা হ’ব।‘

সকলো জিলা সমিতিত ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে বুলি দাবী কৰিছে বুলি সুত্ৰটোৱে।

সুত্ৰটোৱে আৰু কয় ‘১২৬ টা সমষ্টিতে প্ৰাৰ্থী থিয় কৰাব। পাহাৰীয়া জিলা দুখন, বড়ো অধ্যুষিত অঞ্চল আৰু বৰাক ভেলীত বহুতো সমভাৱসম্পন্ন দলৰ লগত যোগাযোগ অব্যাহত ৰখা হৈছে।‘

ইপিনে, ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত প্ৰস্তাৱিত ৰাজনৈতিক দলটোৱে তিনি ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd