• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বগীবিল দলঙৰ ওপৰেৰে প্ৰথমখন মালভৰ্তি ট্ৰেইনৰ সফল যাত্ৰা

অচিৰেই আৰম্ভ হ'ব যাত্ৰীভৰ্তি ট্ৰেইনৰ পৰীক্ষামূলক যাত্ৰা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2018 9:25 pm

2 min read

Bogibeel

প্ৰতিনিধিত্বমূলক ছবি।

477
VIEWS
Share on FacebookShare on Twitter

অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা আৰু কেৱল আনুষ্ঠানিক উদ্বোধন বাকী থকা, গাড়ী আৰু ৰেইল যোৱাৰ দুয়োটা ব্যৱস্থা থকা দেশৰ দীৰ্ঘতম দলং বগীবিলৰ ওপৰেৰে ট্ৰেইনৰ পৰীক্ষামূলক চলাচল অব্যাহত আছে। এনে পৰীক্ষা-নিৰীক্ষাৰ অংশ হিচাপে ১ ডিচেম্বৰত ৪৫টা দবাৰ এখন মালগাড়ীয়ে ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখী যাত্ৰাৰে দলংখন সফলতাৰে পাৰ হয়।

এই সফলতাৰ পিছতে আজি প্ৰথমখন মালভৰ্তি ট্ৰেইনে সফলতাৰে অতিক্ৰম কৰিলে বগীবিল দলং। মন কৰিব লগীয়া যে ১ ডিচেম্বৰত যোৱাখন খালী দবাৰ ট্ৰেইন আছিল। সেইখনৰ সফলতাৰ পিছত আজি উত্তৰ-পূবৰ ৰেইলৱেই এখন মালভৰ্তি ট্ৰেইন দলংখনৰ ওপৰেৰে পৰীক্ষামূলকভাৱে চলায়। এই ট্ৰেইনখনো ৰঙাপৰা উত্তৰ জংচনৰ পৰা ৫০টা পেট্ৰল ভৰ্তি দবাসহ সফলতাৰে দলংখন পাৰ হৈ নিউ তিনচুকীয়া জংচন পায়। পুৱা ৭.৪৫ বজাত যাত্ৰা আৰম্ভ কৰা ট্ৰেইনখনে বগীবিল দলঙৰ ওপৰেৰে পাৰ হৈ আবেলি ৫.১৫ বজাত তিনিচুকীয়া পায়।

“আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বে এয়া হ’ল পৰীক্ষামূলক যাত্ৰা” এইদৰে কয় ৰেইলৱেইৰ বিষয়াই। আনহাতে ল’ড থকা মালগাড়ীৰ সফলতাৰ পিছত অচিৰেই যাত্ৰীভৰ্তি ট্ৰেইনৰ পৰীক্ষামূলক চলাচল কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে ৰেইলৱেইৰ বিষয়াই।

উল্লেখযোগ্য যে যোৱা ২২ অক্টোবৰতো নতুন দলংখনৰ ওপৰেৰে ১৫ দবাসহ এটা ইঞ্জিনৰ পৰীক্ষামূলক চলাচল কৰোৱা হৈছিল।

উদ্বোধনৰ পূৰ্বে এইদৰে কৰা পৰীক্ষামূলক চলাচলবোৰ অতিশয় গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিয়ে ৰেইলৱেইৰ বিষয়াই। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ৪.৯ কিলোমিটাৰ দীঘল দলংখন এই বছৰৰ শেষৰফালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd