• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোটেল ব্যৱসায়ীক অপহৰণ, ধন দাবী; হাউলী আৰক্ষীৰ জালত ৫ ভুৱা দুর্নীতি নিবাৰক বিষয়া

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
April 18, 2022 1:15 pm
হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫ ভুৱা দুৰ্নীতি নিবাৰক বিষয়া। ফটো: নৰ্থইষ্ট নাও।

হাউলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫ ভুৱা দুৰ্নীতি নিবাৰক বিষয়া। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী হোটেল ব্যৱসায়ীক সোধপোছৰ নামত অপহৰণ পিছতে ৭ লাখ টকা দাবী কৰিছিল পাঁচজন ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ (এন্টি ক’ৰাপছন) বিষয়াই।

অবশেষত আৰক্ষীৰ অভিযানৰ অন্তত ৰঙিয়াত এই ভুৱা ৫জন দুৰ্নীতি নিবাৰক বিষয়াক গ্ৰেপ্তাৰ কৰে বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে ৷ অপহৰণৰ তিনি ঘন্টাৰ ভিতৰতে হাউলী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ভুৱা পাঁচ বিষয়াক।

আটকাধীন ভুৱা দুৰ্নীতি নিবাৰক বিষয়া কেইজন হৈছে ক্ৰমে নলবাৰীৰ ৰাজেশ ডেকা আৰু কংকন ডেকা, পাঠশালাৰ ইনজামুল ইচলাম, মনজিৎ ৰয় আৰু নয়ন তালুকদাৰ।

Apply Now

লগতে পঢ়ক: হঠাৎ দিখৌ নদীৰ পানীয়ে সলাইছে ৰং; প্ৰথমে নীলা তাৰ পিছত সেউজীয়া হৈ পৰিছে দিখৌৰ পানী

আনহাতে, দলটোৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ ল’গ’ লগাই থোৱা AS 01 BP 8309 নম্বৰৰ এখন চাৰিচকীয়া বাহন আৰু AS 14 E 9624 নম্বৰৰ মটৰ চাইকেল এখনৰ লগতে কেইবাটাও মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ৷

হাউলীৰ কালঝাৰৰ বৈশ্য লাইন হোটেলখনত অবৈধ কাম কাজ চলাৰ অভিযোগ তুলি হোটেলখনৰ মালিক মনোহৰ বৈশ্যৰ আগত নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি হোটেলৰ পৰাই মালিকগৰাকীক ৰঙিয়ালৈ উঠাই লৈ গৈছিল৷ 

ইপিনে ব্যৱসায়ীগৰাকীক উঠাই লৈ যোৱাৰ পিছতে নিজকে দুৰ্নীতি নিবাৰক শাখাৰ   বিষয়া বুলি পৰিচয় দিয়া দলটোৱে ব্যৱসায়ীগৰাকীৰ জৰিয়তে পৰিয়ালৰ লোকক ৭ লাখ টকা দাবী কৰে ৷ 

পৰিয়ালৰ লোকক ফোনযোগে ধনদাবী কৰাৰ পিছতে পৰিয়ালৰ লোকে কাষ চাপে আৰক্ষীৰ ৷

লগতে পঢ়ক: প্ৰতিবাদী কৃষকক গাড়ীৰে চেপি নিহত কৰা লখিমপুৰ খেৰি কাণ্ডৰ মূল অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

ইয়াৰ পাছতে হাউলী আৰক্ষীয়ে কৌশলেৰে ৰঙিয়াৰ মৰাণজানা নামে ঠাইত হাউলীৰ স্থানীয় কেইজনমান যুৱকৰ সহযোগত অভিযান চলাই ব্যৱসায়ীগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া পাঁচ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে । 

অপহৰণ আৰু ধনদাবীৰ অভিযোগত এতিয়া পাঁচ ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ   বিষয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হোৱা ঘটনাক লৈ হাউলীত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

শশাংক তালুকদাৰ, বজালী

শশাংক তালুকদাৰ, বজালী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd