• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাৰ হাপাছাৰা গাঁও পঞ্চায়ত চৌহদত বান-খহনীয়াগ্ৰস্তৰ অৱস্থান ধৰ্মঘট

মুখ্যমন্ত্ৰীলৈ আঠ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
February 10, 2022 8:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন(ডি ৱাই এফ আই)ৰ ২ আৰু ৩ নং জাৰাগুৰী শাখা কমিটিৰ উদ্যোগত বুধবাৰে বঙাইগাঁও জিলাৰ ২ নং জাৰাগুৰীস্থিত হাপাছাৰা গাঁও পঞ্চায়ত চৌহদত আই নদীৰ প্ৰলয়ংকাৰী বান-গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈকে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে প্ৰায় তিনিটাতকৈ অধিক দশকজু্ৰি আই নদীৰ প্ৰলয়ংকাৰী বান আৰু খহনীয়াই বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ জাৰাগুৰী, বালাজানী-চেচাঁপানী, বটগুৰী, হুৰামাৰা, ভাণ্ডাৰা, বাঁশবাৰী, নধীয়াপাৰা, কীৰ্তনপাৰা, নাচনকুৰী, গৰাইমাৰী আদিকে ধৰি নদীখনৰ দুয়োপাৰে বসবাস কৰা বাসিন্দা সকলৰ ব্যাপক ক্ষতিসাধন কৰি আহিছে।

Apply Now

হাজাৰ-হাজাৰ বিঘা কৃষিভূমি বালিয়ে পুতি পেলোৱাৰ লগতে মানুহৰ ঘৰ-বাৰী, ভেটি উচন কৰি জীৱিকা নিৰ্বাহৰ ক্ষমতা নাইকীয়া কৰি পেলাইছে ৷ যাৰ ফলশ্ৰুতিত দীৰ্ঘদিন ধৰি মানুহবোৰ মথাউৰিৰ দাঁতিৰ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত জুপুৰি সাঁজি বসবাস কৰি আহিছে। এই সন্দৰ্ভত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ২ আৰু ৩ নং জাৰাগুৰী শাখা কমিটিৰ নেতা মজিবৰ ৰহমান আৰু নাজিমুল ইছলামে এক প্ৰেছ বিবৃতিত অভিযোগ কৰা মতে বানপানীৰ সময়ত বহুকেইবাৰ মন্ত্ৰী-বিধায়কে নৌকাবিহাৰ কৰাৰ লেখীয়াকে অঞ্চলবোৰ পৰিদৰ্শন কৰি বহু আশ্বাস দিয়া স্বত্তেও আজিকোপতি চৰকাৰে তেওঁলোকৰ সংস্থাপন তথা নদীখনক নিয়ন্ত্ৰণ কৰাৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

ইপিনে বানপানীৰ সময়ত নদীখনৰ বাঢ়নী পানীৰ সমান্তৰালভাৱে গৰাখহনীয়াই ৰাস্তা-ঘাট, দলংবোৰ উটুৱাই লৈ যোৱাৰ পাছত কিছু মেৰামতি কৰাৰ বাহিৰে বাকীবোৰৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ আজিলৈকেও হৈ উঠা নাই বাবে অঞ্চলবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ আহিছে।

বান-বিধ্বস্ত ভুক্তভোগী পৰিয়ালবোৰৰ বাবে চৰকাৰে প্ৰদান কৰা সাহায্য বিতৰণৰ ক্ষেত্ৰতো কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। লক্ষ্যণীয় যে বঙাইগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক আৱণ্টন দিয়া সাহায্যৰ ক্ষেত্ৰতো একাংশ স্বাৰ্থন্বেষী জনপ্ৰতিনিধি, বিষয়াই স্থানীয় একাংশ দালালৰ সৈতে মিলি ব্যাপক লুন্ঠন চলোৱাৰো অভিযোগ ব্যক্ত কৰে।

বানপীড়িত সকলৰ পৰা ভোটাৰ কাৰ্ড, পান কাৰ্ড, ফটো আদি যাৱতীয় নথি কৌশলেৰে সংগ্ৰহ কৰি বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত হিতাধিকাৰীসকলৰ অজ্ঞাতে একাউন্ট খুলি সেইবোৰত সাহায্যৰ ধন সুমুৱাই গ্ৰাহক সেৱা কেন্দ্ৰৰ মালিকৰ সৈতে মিলি অতি সংগোপনে তাৰ পৰা ধনখিনি আত্মসাৎ কৰাৰো বহু অভিযোগ উল্লেখ কৰে।

উক্ত ঘটনা তেওঁলোকৰ দৃষ্টিগোচৰ হোৱাত তেওঁলোকৰ মাজৰে এগৰাকী সতীৰ্থই যোৱা বছৰৰ জুন মাহত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জিলাখনৰ তথ্য বিষয়াৰ ওচৰত ২০১৫ চনৰ পৰা ২০২০ চনলৈকে ডিডিএমএ (DDMA ) ই বিতৰণ কৰা সাহায্যৰ তথ্য বিচাৰি আবেদন দাখিল কৰে যদিও আজিলৈকে বিচৰা তথ্য অভিযোগকাৰীক প্ৰদান কৰা হোৱা নাই। এই লুণ্ঠন প্ৰক্ৰিয়াত মাণিকপুৰ ৰাজহ চক্ৰৰ বিষয়া আৰু স্থানীয় লাট মণ্ডলৰ সক্ৰিয় অংশগ্ৰহণ থকাৰ সন্দেহৰ কথা ব্যক্ত কৰে।

এনে ধৰণৰ বহু অভিযোগেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু এই সমগ্ৰ বিষয়ত মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰি নিম্ন উল্লেখিত দাবীসমুহৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা আঠ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰত আই নদীৰ দুয়োপাৰত বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰা আৰু নদীখনৰ বক্ষ খান্দি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, বান-গৰাখহনীয়া পীড়িতসকলক জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰদান কৰা সাহায্য বিতৰণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়মৰ উপযুক্ত নিৰপেক্ষ তদন্ত কৰি সাহায্য পুঁজিৰ হিচাপ ৰাজহুৱা কৰা, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২-৩ নং জাৰাগুৰীৰ মাজেৰে যোৱা মথাউৰি অতি শীঘ্ৰে পুণৰ নিৰ্মাণ কৰা, ৮ নং হাপাছৰা গাঁও পঞ্চায়তৰ অধীনত হোৱা উন্নয়নমূলক কাম-কাজত সংঘটিত দুৰ্নীতি ৰোধ কৰা, তথ্য জনাৰ আইনৰ অধীনত বিচৰা তথ্যসমূহ ক্ষিপ্ৰতাৰে প্ৰদান কৰা, মহাত্মা গান্ধী এনৰেগা(MGNREGA )ৰ অধীনৰ কামবোৰ যন্ত্ৰৰ পৰিৱৰ্তে শ্ৰমিকৰ দ্বাৰা সম্পাদন কৰাৰ জৰিয়তে তেওঁলোকক বছৰি ১০০ (এশ) দিনৰ কাম দিয়াৰ ব্যৱস্থা কৰা, দীৰ্ঘদিন ধৰি বালাজানী-চেচাঁপানী, ২-৩ নং জাৰাগুৰীত আই নদীৰ চৰত বসবাস কৰা শিশুসকলৰ পঢ়া-শুনাৰ সুবিধাৰ্থে একোখনকৈ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।

ইপিনে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ দাবীসমূহ নিষ্পত্তি নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে । পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd