DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

বান- গৰাখহনীয়াই নিঃশেষ কৰাৰ দিশে শিৱসাগৰৰ দিচাংমুখৰ অফলা গাঁও

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
May 18, 2022 4:36 pm
213
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ প্ৰতিশ্ৰুতি এতিয়া কেৱল শ্ল’গানতে আৱদ্ধ। হয়, বিজেপি চৰকাৰে ৰাজ্যত দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই বানমুক্ত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিছিল।

বান গৰাখহনীয়া ৰোধৰ বাবে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিল বিভাগীয় মন্ত্ৰী, বিধায়ক তথা সাংসদে। ভুক্তভোগী ৰাইজক দিছিল বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি।

কিন্তু বাৰিষাৰ বানত যেন উটি গ’ল চৰকাৰৰ এই প্ৰতিশ্ৰুতি। বাৰিষাৰ আগমনৰ লগে লগে এতিয়া ঠায়ে ঠায়ে সৃষ্টি হৈছে বান গৰাখহনীয়াৰ সন্ত্ৰাস। শিৱসাগৰৰ দিচাংমুখৰ অফলাৰ দৃশ্যও ব্যতিক্ৰম নহয়।

বান গৰাখহনীয়াৰ কবলত পৰি নিশ্চিন্ন হোৱাৰ দিশত অফলা গাঁও। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত অফলাৰ মথাউৰি। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰা খহনীয়াই নিঃশেষ কৰি পেলাইছে অফলা গাঁওৰ বিস্তৃৰ্ণ অঞ্চল।

যাৰ বাবে চৰকাৰৰ ওপৰত ক্ষুন্ন হৈ পৰিছে অফলাবাসী। বিগত বৰ্ষত এই অফলা অঞ্চললৈ জল সম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা, শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈকে ধৰি বহু বিজেপি নেতা কৰ্মী উপস্থিত হৈ অফলাৰ এই বান গৰাখহনীয়া ৰোধ তথা স্থায়ী সমাধানৰ বাবে অতিশীঘ্ৰে আঁচনি গ্ৰহণ কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি এবছৰে এই অঞ্চলত এচপৰাও মাটি নপৰিল।

ইপিনে খৰালি কালত শুই- বহি থকা শিৱসাগৰৰ জল সম্পদ বিভাগে অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰায় ডেৰ কোটিটকীয়া ‘ইৰ’শ্বন শ্বিল্ড’ নামৰ এক আঁচনি গ্ৰহণ কৰিছিল যদিও সেয়া যেন এতিয়া ফুটুকাৰ ফেন হৈ পৰিছে।দৈনিক নতুন নতুন অঞ্চললৈ বিয়পি পৰিছে অফলাৰ এই গৰাখহনীয়া। অফলাবাসীৰ প্ৰশ্ন, কেতিয়া স্থায়ী সমাধান হব অফলাৰ বান গৰাখহনীয়া সমস্যাৰ?

বিভাগীয় মন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পাৰিব নে? নে বান গৰাখহনীয়াই এইদৰে এদিন নিঃশেষ কৰি পেলাব শিৱসাগৰৰ দিচাংমুখৰ এই অফলা গাঁও।

Recent News

Nitu Ghanghas Women’s Boxing World Championship

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

APSC exam

কাইলৈ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা: মহানগৰীত ১৪৪ ধাৰা জাৰি

The Whale

চিনেমা কথা: দ্য হুৱেল

Temjen Imna Along

‘টি-মেন’ টেমজেন: এইবাৰ চুপাৰহিৰ’ ৰূপেৰে নেট দুনীয়াত খলকনি টেমজেন ইমনা আলঙৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd