• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বানপানীৰ কৱলত ৰাজ্যৰ চাৰি জিলাৰ ১০ হাজাৰৰো অধিক লোক, ২৩ হাজাৰ পশুধন আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 24, 2020 8:36 pm

2 min read

860
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ সমান্তৰালভাৱে ৰজ্যত আৰম্ভ হৈছে বানপানীৰ আতংক।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, ওড়িশাত সামুদ্ৰিক চাইক্ল’ন আম্ফানে তচনচ কৰি যোৱাৰ পিছত যোৱা তিনিদিন ধৰি অব্যাহত থকা বৃষ্টিপাতৰ ফলত অসমত চাৰিখন জিলাৰ বহু গাঁও বানপানীত বুৰ গৈছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ( ASDMA)এ সদৰী কৰা মতে ৰাজ্যৰ চাৰিখন জিলাৰ সাতটা মহকুমাৰ বহু গাওঁ ইতিমধ্যে জলমগ্ন হৈছে।

ৰাজ্যৰ লখিমপুৰ জিলাৰ তিনিটা মহকুমা, গোৱালপাৰা জিলাৰ দুটা, শোণিতপুৰ জিলা আৰু দৰং জিলাৰ এটাকৈ মহকুমাৰ ৪৬ খন গাঁও প্লাৱিত হৈছে।

লখিমপুৰত ৰঙানদীৰ নীপকোৰ বন্ধৰ পানী খুলি দিয়াৰ ফলত নাওবৈচা আৰু বিহপুৰীয়াৰ বহু গাঁও বানত বুৰ গৈছে।

জীয়াভৰলীৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকা বাঢ়নী পানীয়ে শোণিতপুৰ জিলাৰ বিভিন্ন গাঁও জলমগ্ন কৰাৰ বিপৰীতে গোৱাৰপাৰাত মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা বাঢ়নি পানীয়ে বিস্তৰ অঞ্চল প্লাৱিত কৰিছে।

গোৱালপাৰাৰ কৃষ্ণাই, দুধনৈ, জিনাৰী, দেওশিলা আদি নৈ উপনৈসমূহে জিলাৰখনৰ বিস্তৃত গাঁও আৰু বিস্তীৰ্ণ কৃষি ভূমিক বুৰাই পেলাইছে।

আনহাতে জিলাখনৰ আগিয়া আৰু লক্ষীপুৰ সংযোগী মূলপথটো গাৰো পাহাৰ পৰা নামি অহা বাঢ়িনী পানীয়ে ছিঙি নিয়ে।

ৰাজ্যৰ প্ৰথমটো বানত ১০ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৩ হাজাৰ পশুধন ওখ ঠাইত অৱস্থান কৰিবলৈ বাধ্য হৈছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক বানত আক্ৰান্ত ঠাইসমূহত উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd