• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বানপানী আৰু গৰাখহনীয়া : বিকল্প সমাধানৰ সন্ধানত

আবু নাছাৰ চঈদ আহমদ by আবু নাছাৰ চঈদ আহমদ
July 15, 2022 4:08 pm
Assam Flood
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই বছৰৰ (২০২২ চন) জুন মাহত প্রলংকাৰী বানে যি এক ভয়াৱহ ৰূপ ধাৰণ কৰিলে তাক বৰ্ণনা কৰাটো কঠিন। ছপা আৰু ই-মাধ্যমত নিতৌ শেহতীয়া পৰিস্থিতিৰ কৰুণ ছবি দেখুৱাই আহিছে। এতিয়ালৈকে ধন-জন-জীৱকুলৰ ক্ষয়-ক্ষতিৰ নিৰ্ভৰযোগ্য হিচাপ নাই; তথাপি জানিব পৰা মতে ১৫৯ গৰাকী মানুহৰ প্রাণ গৈছে, ১.৩৫ লাখ পৰিয়াল গৃহহাৰা হৈছে, ২৮ খন জিলা প্লাবিত হৈছে আৰু সাত লাখতকৈ অধিক মানুহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰ মাজতে নৈৰ গৰাখহনীয়াই শতাধিক গাঁও নিশ্চিন্ন কৰি দিছে। এই দুই সমস্যা নতুন নহয়। প্রতি বছৰে ইয়াৰ তাণ্ডৱ ৰূপ আমি দেখি আহিছোঁ। পিছে এই বাৰৰ দই বিভীষিকাই সৰ্বাধিক ক্ষতি সাধন কৰিছে।

অসমৰ বানপানী আৰু নৈৰ গৰাখহনীয়া সমস্যাৰ ওপৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৌজন্যত আমি তিনিগৰাকী বিশেষজ্ঞকলৈ ২০১৯ চনৰ ৪ মাৰ্চত এক আলোচনাচক্ৰত মিলিত হৈছিলো। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক যোগেনচন্দ্ৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অৱনী কুমাৰ ভাগৱতী আৰু গুৱাহাটী আইআইটিৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই নিজৰ ব্যাপক গবেষণা আৰু চৰজমিন অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গৱেষণা-পত্ৰ উপস্থাপন কৰিলে। তেওঁলোকৰ লগতে কেইবাগৰাকী বেচৰকাৰী খণ্ডত কাম কৰি থকা ব্যক্তিয়ে নিজৰ অনুভৱ আৰু উপলব্ধিৰ কথা ব্যক্ত কৰিলে। এই দুই সমস্যাই সৃষ্টি কৰা প্রত্যাহ্বান কিদৰে সন্মুখীন হ’ব পাৰি তাৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ পাছত এই কথাত উপনীত হ’ব পৰা গৈছিল যে বানপানী এক ভয়ানক প্রাকৃতিক দুৰ্যোগ যাক নিৰ্মূল কৰিব নোৱাৰি; কিন্তু তাৰ সৈতে সহবাস কৰিব পাৰি। একালত অসমৰ মুখ্যমন্ত্ৰী শৰৎচন্দ্ৰ সিংহই কোৱাৰ দৰে “Let us dance with floods”।

Apply Now

এই সত্যতা মানি লৈ ৰাজ্যৰ চৰকাৰ, নাগৰিক আৰু সমাজে কিছুমান বাস্তৱ সন্মত পদক্ষেপ ল’ব পাৰে। যেনে – (১) আগতীয়াকৈ সতৰ্কবাণী দি নৈ-পৰীয়া আৰু বানপানী আক্ৰান্ত অঞ্চলৰ বাসিন্দাক সম্ভাব্য বানপানী হোৱাৰ বিষয়ে সজাগ কৰা; (২) বানাক্ৰান্তক ক্ষিপ্ৰতাৰে উদ্ধাৰ আৰু নিৰাপদ ঠাইলৈ ক্ষিপ্ৰতাৰে স্থানান্তৰিত কৰণ; (৩) খোৱা পানী আৰু খাদ্য সামগ্ৰী যোগানৰ আগতীয়া ব্যৱস্থা; (৪) আশ্ৰয় শিৱিৰৰ স্থান আগতীয়া নিৰ্ণয়; (৫) বানাৰ্তক চিকিৎসা প্রদান; (৬)পশুধনৰ উদ্ধাৰ আৰু সিহঁতৰ খাদ্য যোগান; (৭) আৰু অসমৰ ভালেমান জনজাতীয় বসতি অঞ্চলত নৈ-পৰীয়া ৰাইজে চাংঘৰ সাজি বাস কৰে যাৰ বাবে তাত বনপানী হ’লেও ঘৰৰ তলেদি পানী পাৰ হৈ যায়। তাৰ ফলত তাত বাস কৰাসকল কিছু ক্ষেত্ৰত বানৰ প্রকোপৰ পৰা ৰক্ষা পোৱা দেখা যায়। আমাৰ আলোচনাত তেনে ধৰণৰ চাংঘৰৰ আৰ্হি উপস্থাপন কৰা হৈছিল আৰু তেনে পদ্ধতিৰ ঘৰৰ নিৰ্মাণ কৰাৰ পৰামৰ্শ দিয়া হৈছিল। (৮) বাংলাদেশে বানপানীৰ সৈতে সহ-অৱস্থান আৰু গৰাখহনীয়া নিয়ন্তণ কৰাৰ উদাহৰণ আৰু তাৰ প্রযোজ্যৰ বিষয়ে বিবেচনাৰ কথা ভাবি চাব পাৰি।

গৰাখহনীয়াৰ সমস্যাই নৈপৰীয়া বাসিন্দাক সৰ্বস্বান্ত কৰি দিয়ে। কোৱা হয় বানপানীয়ে যিমান ক্ষতিসাধন কৰে তাতকৈ বহুণ্ডণে বেছি গৰাখহনীয়াই কৰে। পিছে এই সমস্যা নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ নহয়। এই বিপৰ্যয় ৰোধৰ ক্ষেত্রত কেইবাটাও পৰামৰ্শ আগবঢ়োৱা হৈছিল। (১) নদীৰ মাথাউৰি বিজ্ঞানসন্মতভাবে নিৰ্মাণ আৰু তাকে কৰোঁতে যিবিলাক মাটিৰে মাথাউৰি সজা হয় সেই মাটিৰ পৰীক্ষা-নিৰীক্ষা কৰা; (২) নদীৰ কিনাৰত বাঁহগছ আৰু নাৰিকল গছ ৰোপন, কাৰণ সেইবিলাক গছৰ শিপা ব্যাপক ধৰণেৰে বিস্তাৰিত হয় আৰু মাথাউৰি সুৰক্ষিত কৰি ৰাখে। মৰিগাঁও জিলাত তেনে ধৰণৰ ব্যৱস্থা কৰাৰ হেতুকে সেই অঞ্চলত খহনীয়া ৰোধ কৰিব পৰা হৈছে;

(৩) ভেটিভাৰ (vetiver) ঘাঁহ মাথাউৰিত লগালে গৰাখহনীয়া ৰোধ কৰিব পাৰি কাৰণ তাৰ শিপা একোখন জালৰ নিচিনাকৈ বিয়পি পৰি মাটি খামচি মাৰি ধৰে আৰু খহনীয়া হোৱাটো ৰোধ কৰে। (৪) একোটা নিৰ্দিষ্ট ব্যৱধানত নদীৰ বাঢ়নি পানী ওলাই যাব পৰা কালভাৰ্ট বনাই ৰাখিলে মাথাউৰিৰ ওপৰত হেঁচাৰ প্ৰকোপ কমি যায় আৰু তাৰ ফলত সঘনে মাথাউৰি চিঙি যোৱা সমস্যাটো নিয়ন্তুণ কৰিব পাৰি। (৫) বানপানী আৰু গৰাখহনীয়া সমস্যাৰ দায়িত্বত থকা চৰকাৰী বিভাগৰ বিষয়া আৰু কৰ্মগৰীয়ে বাৰিষা হোৱাৰ আগতে মাথাউৰি সঘনে পৰিদৰ্শন কৰি দুৰ্বল অংশবিলাক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’ব লাগে।

এই সকলোবিলাক দিশ সামৰি প্রস্তুত কৰা এক প্ৰতিবেদন উক্ত বিশ্ববিদ্যালয়ৰ তেতিয়াৰ উপাচাৰ্য ড’ হিতেশ ডেকাই মন্ত্ৰী কেশৱ মহন্তৰ হাতত প্রদান কৰিছিল। আমি নাজানো এই দিশত অসম চৰকাৰে কিবা ইতিবাচক পদক্ষেপ লৈছিল নে নাই। বোধকৰোঁ একো কৰা নাই। কিবা পদক্ষেপ হাতত ল’লে জানিব পৰা গ’লহেঁতেন।

আমাৰ অসম (জানুৱাৰী ২৮, ২০১৮) কাকতত প্রকাশ পোৱা মোৰ এটা প্রবন্ধত এই দুই সমস্যাৰ বিষয়ে বহলকৈ আলোচনা কৰা হৈছিল। তাত প্রকাশ কৰা হৈছিল এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য খ্যাতনামা structural engineering ৰ বিশেষজ্ঞ ড৹ শৈলধৰ গগৈয়ে প্রস্তুত কৰা বাস্তৱ-সন্মত চাংঘৰৰ আৰ্হি এটা। বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চলত তেনে এক চাংঘৰ সজাৰ বাবে তাৰ বাসিন্দাসকলক চৰকাৰে কিছু পৰিমাণে আৰ্থিক সহায় আৰু উদগনি দিব লাগে। কিন্তু এনেবিলাক কথা কোনে শুনিব? এই ক্ষণত ২০১৯ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত শাসক দলৰ বিয়াগোম নেতাই দাবী কৰিছিল যে তেওঁৰ দলক ভোট দি জিকালে অসমত আৰু বানপানী নহয়, কাৰণ তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বিশাল ‘সৰোবৰ’ খান্দিব আৰু তালৈকে বাঢ়নি পানী সোমাই আহিব।

এই দুটা বছৰত আমি কিন্তু সৰোবৰৰ কথা বাদ দিলো, সৰু পুখুৰী এটা খন্দাও আমি দেখা পোৱা নাই। এনে ধৰণৰ অবাস্তৱ প্রতিশ্ৰুতিৰে কেৱল অজলা-হোজা অসমীয়াকহে ঠগিব পাৰি। আৰু এটা কথা। অসমত হৈ যোৱা প্রলয়ংকাৰী বানপানীৰ খবৰ ল’বলৈ কেন্দ্ৰৰ কোনো এগৰাকী নেতা নাহিল। মাত্ৰ ৩২৪ কোটি টকাৰ সাহাৰ্য মুকলি কৰি দায়িত্ব সামৰিলে; প্রয়োজন আছিল ৩৮০০ কোটি টকা। এয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ অসম-প্ৰীতিৰ নমুনা।

২০১৬ চনত আমি নেতাসকলৰ মুখত শুনিবলৈ পাহছিলো৷ যে ব্ৰহ্মপুত্ৰ নদীখন ড্ৰেজাৰে খান্দিব আৰু তেনেদৰে বানপানী সমস্যা নিৰ্মূল কৰিব। আমাৰ আলোচনাত অংশ গ্ৰহণ কৰা বিশেষজ্ঞসকলে নিশ্চিতভাবে কৈছিল যে এনে পদক্ষেপ হাতত লৈ বিশাল নদীখন খান্দিব নোৱাৰি, লাগিলে এশখন ড্ৰেজাৰ লগাই নদীখন খান্দিবলৈ চেষ্টা নকৰক কিয়। এইবাৰ খৰালিত নদীখনৰ বুকু খান্দকচোন, অহাবাৰ বাৰিষাত সিমানখিনি বালি আৰু গেদে আকৌ পুতি পেলাব। বাৰিষাৰ সময়ত ফেনেফুটুকাৰে মহানদীখন বাঢ়ি অহাৰ সময়ত কোনো কোনো ঠাইত ব্ৰহ্মপুত্ৰ প্ৰায় তেৰ কিলোমিটাৰ বহল হৈ পৰে। গড়ে প্রায় আঠ কিলোমিটাৰ বহল নদীখন খান্দি নিয়ন্তুণ কৰিব নোৱাৰি।

যেতিয়া মহানদীখনৰ লগতে তাৰ উপনদীবিলাকে বহন ক্ষমতাতকৈ অধিক পানী কঢ়িয়াব লগীয়া হয়, তেতিয়া বানপানী হ’বই; তাৰ গত্যান্তৰ নাই। লগতে মনত ৰাখিব লাগিব যে চৰকাৰে এই সমস্যা সমাধান নকৰে অথবা কৰিবলৈকো ইচ্ছা শক্তি নাই; কাৰণ এই বিষয়টোৰ সৈতে আৰ্থ-সামাজিক ভালেমান কথা জড়িত হৈ আছে। লগতে ভূটান আৰু অৰুণাচল প্রদেশৰ পৰা পানী এৰি দিয়াৰ বাবে হোৱা বিভীষিকাৰ কথাটো আছে। গতিকে অসম বাসীয়ে এনেদৰে জীৱন-নিৰ্বাহ কৰিব লাগিব।

আবু নাছাৰ চঈদ আহমদ

আবু নাছাৰ চঈদ আহমদ

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd