তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ বিদ্যালয়খনৰ ১৪ গৰাকী ছাত্ৰীৰ লগতে আবাসিক বিদ্যালয় খনৰ অধীক্ষক তথা ৱাৰ্ডেন গৰাকী কালি নিশাৰে অসুস্থ হৈ পৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অসুস্থ হোৱা বিদ্যালয় খনৰ আবাসিক শিক্ষাৰ্থী কেইগৰাকী হল ক্ৰমে তামুলপুৰ জিলাৰ অন্তৰ্গত কচুবাৰীৰ হৰেশ্বৰ বসুমতাৰীৰ কন্যা নিজৰা বসুমতাৰী ( ১৩ ) , গুৱাবাৰীৰ ধন বাহাদুৰৰ কন্যা আশা দাহাল ( ১৪ ) , নতুন হাউলিৰ পবিত্ৰ ৰাভাৰ কন্যা অনামিকা ৰাভা ( ১৪ ) , সাহপুৰৰ মনোজ শৰ্মাৰ কন্যা খুশি শৰ্মা ( ১৪ ) , তৰণী দাসৰ কন্যা নীলমণি দাস ( ১৪ ) , ফহুৰাবাৰীৰ ৰতন বড়োৰ কন্যা তনুজা বড়ো ( ১৩ ) , কালচেনীৰ চেভেন বড়োৰ কন্যা কৃষ্ণা বড়ো ( ১৪ ) , বাঙালীপাৰাৰ সুকুমাৰ প্ৰধানৰ কন্যা ৰাধিকা প্ৰধান ( ১৫ ) , কুম্ভীঝাৰৰ ৰাজু দাসৰ কন্যা প্ৰিয়া দাস ( ১৪ ) , বাঙালীপাৰাৰ বিজয় নায়কৰ কন্যা ছানিয়া নায়ক( ১৪ ) , হস্তিনাপুৰৰ কান্ত স্বৰ্গীয়াৰীৰ কন্যা দিম্পী স্বৰ্গীয়াৰী ( ১৪ ) , গুৱাবাৰীৰ লোকবাহাদুৰ ছেত্ৰীৰ কন্যা প্ৰাপ্তি ছেত্ৰী ( ১৪ ) , জয়পুৰৰ কুমাৰ বড়োৰ কন্যা মমতা বড়ো ( ১৩ ) আৰু উলুবাৰীৰ প্ৰাণেশ্বৰ বড়োৰ কন্যা হিনা বড়ো ( ১) । ইপিনে বিদ্যালয়খনৰ অধীক্ষক তথা হোষ্টেল ৱাৰ্ডেন অনিতা নায়কো (৪৫ ) অসুস্থ হৈ চিকিৎসাধীন হব লগা হৈছে ।
উল্লেখযোগ্য যে কালি নিশাৰ পৰা অধীক্ষক গৰাকী আৰু ছাত্ৰী কেইগৰাকীয়ে পেটৰ বিষ, বমি আৰু শৌচ কৰা ৰোগত আক্ৰান্ত হয় । লগে লগে বিদ্যালয়খনত হুৱা দুৱা লাগে । নিশাটো কিবাকৈ পাৰ কৰি আজি পুৱা ততাতৈয়াকৈ অসুস্থ হোৱা ছাত্ৰী কেইগৰাকী সহ অধীক্ষক গৰাকীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে ৰবিবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটা পতঞ্জলি যোগ কেন্দ্ৰৰ পৰা যোগ শিকাবলৈ আহি পেকেট জুইচ আৰু অন্যান্য খাদ্যৰ যোগান ধৰিছিল পতঞ্জলি কেন্দ্ৰটোৰ পৰা । ইয়াৰ উপৰিও ছাত্ৰী কেইগৰাকীৰ অভিভাৱক সকলেও ৰাবিবাৰে ছাত্ৰী সকললৈ বিভিন্ন খাদ্য লৈ আহিছিল। পতঞ্জলি কেন্দ্ৰৰ পৰা যোগান ধৰা খাদ্য খাই ছাত্ৰী সকল আক্ৰান্ত হৈছে নে অন্য খাদ্য খাই ছাত্ৰীসকল আক্ৰান্ত হল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।
ইপিনে ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস , তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পঙ্কজ যাদৱ , তামুলপুৰ মহকুমা সদৰ মহকুমাধিপতি ৰামানুজ হাজৰিকাকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া নাগ্ৰীজুলিত আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসকৰ লগত বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে জিলা উপায়ুক্ত গৰাকীয়ে সদৰ মহকুমাধিপতি ৰামানুজ হাজাৰিকাক তদন্তৰ নিৰ্দেশ দিছে আৰু বিষয়া গৰাকীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে।
বিদ্যালয়খনত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ ঘটনাৰ মূল কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই যদিও তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব । ইপিনে ছাত্ৰী সকলক আৰু অধীক্ষক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসালয়খনৰ চিকিৎসক ডাঃ মনোহৰ দাস আৰু ডাঃ গিৰিধৰ ব্ৰহ্মই তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰে। বৰ্তমান আটাইকেইগৰাকী ছাত্ৰী আৰু অধীক্ষক গৰাকী সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।