• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত খাদ্যত বিষক্ৰিয়া : কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ১৪ গৰাকী ছাত্ৰী অসুস্থ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 31, 2022 8:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ বিদ্যালয়খনৰ ১৪ গৰাকী ছাত্ৰীৰ লগতে আবাসিক বিদ্যালয় খনৰ অধীক্ষক তথা ৱাৰ্ডেন গৰাকী কালি নিশাৰে অসুস্থ হৈ পৰা কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অসুস্থ হোৱা বিদ্যালয় খনৰ আবাসিক শিক্ষাৰ্থী কেইগৰাকী হল ক্ৰমে তামুলপুৰ জিলাৰ অন্তৰ্গত কচুবাৰীৰ হৰেশ্বৰ বসুমতাৰীৰ কন্যা নিজৰা বসুমতাৰী ( ১৩ ) , গুৱাবাৰীৰ ধন বাহাদুৰৰ কন্যা আশা দাহাল ( ১৪ ) , নতুন হাউলিৰ পবিত্ৰ ৰাভাৰ কন্যা অনামিকা ৰাভা ( ১৪ ) , সাহপুৰৰ মনোজ শৰ্মাৰ কন্যা খুশি শৰ্মা ( ১৪ ) , তৰণী দাসৰ কন্যা নীলমণি দাস ( ১৪ ) , ফহুৰাবাৰীৰ ৰতন বড়োৰ কন্যা তনুজা বড়ো ( ১৩ ) , কালচেনীৰ চেভেন বড়োৰ কন্যা কৃষ্ণা বড়ো ( ১৪ ) , বাঙালীপাৰাৰ সুকুমাৰ প্ৰধানৰ কন্যা ৰাধিকা প্ৰধান ( ১৫ ) , কুম্ভীঝাৰৰ ৰাজু দাসৰ কন্যা প্ৰিয়া দাস ( ১৪ ) , বাঙালীপাৰাৰ বিজয় নায়কৰ কন্যা ছানিয়া নায়ক( ১৪ ) , হস্তিনাপুৰৰ কান্ত স্বৰ্গীয়াৰীৰ কন্যা দিম্পী স্বৰ্গীয়াৰী ( ১৪ ) , গুৱাবাৰীৰ লোকবাহাদুৰ ছেত্ৰীৰ কন্যা প্ৰাপ্তি ছেত্ৰী ( ১৪ ) , জয়পুৰৰ কুমাৰ বড়োৰ কন্যা মমতা বড়ো ( ১৩ ) আৰু উলুবাৰীৰ প্ৰাণেশ্বৰ বড়োৰ কন্যা হিনা বড়ো ( ১) । ইপিনে বিদ্যালয়খনৰ অধীক্ষক তথা হোষ্টেল ৱাৰ্ডেন অনিতা নায়কো (৪৫ ) অসুস্থ হৈ চিকিৎসাধীন হব লগা হৈছে ।

Apply Now

উল্লেখযোগ্য যে কালি নিশাৰ পৰা অধীক্ষক গৰাকী আৰু ছাত্ৰী কেইগৰাকীয়ে পেটৰ বিষ, বমি আৰু শৌচ কৰা ৰোগত আক্ৰান্ত হয় । লগে লগে বিদ্যালয়খনত হুৱা দুৱা লাগে । নিশাটো কিবাকৈ পাৰ কৰি আজি পুৱা ততাতৈয়াকৈ অসুস্থ হোৱা ছাত্ৰী কেইগৰাকী সহ অধীক্ষক গৰাকীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে ৰবিবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটা পতঞ্জলি যোগ কেন্দ্ৰৰ পৰা যোগ শিকাবলৈ আহি পেকেট জুইচ আৰু অন্যান্য খাদ্যৰ যোগান ধৰিছিল পতঞ্জলি কেন্দ্ৰটোৰ পৰা । ইয়াৰ উপৰিও ছাত্ৰী কেইগৰাকীৰ অভিভাৱক সকলেও ৰাবিবাৰে ছাত্ৰী সকললৈ বিভিন্ন খাদ্য লৈ আহিছিল। পতঞ্জলি কেন্দ্ৰৰ পৰা যোগান ধৰা খাদ্য খাই ছাত্ৰী সকল আক্ৰান্ত হৈছে নে অন্য খাদ্য খাই ছাত্ৰীসকল আক্ৰান্ত হল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।

 

ইপিনে ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ জিলাৰ উপায়ুক্ত সীমান্ত কুমাৰ দাস , তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পঙ্কজ যাদৱ , তামুলপুৰ মহকুমা সদৰ মহকুমাধিপতি ৰামানুজ হাজৰিকাকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া নাগ্ৰীজুলিত আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্ত সকলৰ স্বাস্থ্যৰ বুজ লয় আৰু চিকিৎসকৰ লগত বিষয় সন্দৰ্ভত পৰ্যালোচনা কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে জিলা উপায়ুক্ত গৰাকীয়ে সদৰ মহকুমাধিপতি ৰামানুজ হাজাৰিকাক তদন্তৰ নিৰ্দেশ দিছে আৰু বিষয়া গৰাকীয়ে তদন্তৰ কাম আৰম্ভ কৰিছে।

বিদ্যালয়খনত হোৱা খাদ্যৰ বিষক্ৰিয়াৰ ঘটনাৰ মূল কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই যদিও তদন্তৰ অন্ততহে প্ৰকৃত কাৰণ জানিব পৰা যাব । ইপিনে ছাত্ৰী সকলক আৰু অধীক্ষক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসালয়খনৰ চিকিৎসক ডাঃ মনোহৰ দাস আৰু ডাঃ গিৰিধৰ ব্ৰহ্মই তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰে। বৰ্তমান আটাইকেইগৰাকী ছাত্ৰী আৰু অধীক্ষক গৰাকী সংকটমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am
ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd