• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫৫ বছৰত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত নাথাকে কোনো মুখ্য অতিথি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 12:00 pm
186
VIEWS
Share on FacebookShare on Twitter

বিশ্বত ক’ৰ’না ভাইৰাছৰ সংহাৰে জীৱনশৈলী যথেষ্ট পৰিমানে সলনি কৰি দিছে। সুৰক্ষিত থকাৰ স্বাৰ্থত বহুতো ডাঙৰ ডাঙৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

ভাইৰাছ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব অতি গুৰুত্বপূৰ্ণ। সেয়ে এইবাৰ ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীও অইন বছৰ সমূহৰ তুলনাত যথেষ্ট সাল সলনি ঘটোৱা হৈছে।

ভাৰতত যোৱা ৫৫ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেড অনুষ্ঠানত মুখ্য অতিথিৰূপে কোনো লোক উপস্থিত নাথাকে।

দৰাচলতে, এইবাৰ বৃটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক গণৰাজ্য দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু মঙলবাৰে বৰিছ জনছনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি গণৰাজ্য দিৱস উদযাপনৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব নোৱাৰিব বুলি জনায়।

বৃটেইনত দেখা দিয়া ক’ৰ’না ভাইৰাছৰ নতুন সংক্ৰমণৰ বাবে দেশজুৰি পুনৰ এবাৰ লকডাউন ঘোষণা কৰিছে আৰু সেয়ে তেওঁ ভাৰতলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল হোৱাৰ পিছত এতিয়া আৰু ভাৰতে কোনো লোককে মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে, ১৯৬৬ চনৰ ১১ জানুৱাৰিত প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ বাবে কোনো লোকক আমন্ত্ৰণ জনোৱা হোৱা নাছিল।

শাস্ত্ৰীৰ মৃত্যুৰ পিছত ইণ্ডিৰা গান্ধীৰ নেতৃত্বত নতুন চৰকাৰে ১৯৬৬ চনৰ ২৪ জানুৱাৰিত অৰ্থাৎ গণৰাজ্য দিৱসৰ পেৰেডৰ মাত্ৰ দুদিন পূৰ্বে শপত লৈছিল। সেয়ে উক্ত বছৰত কোনো লোক গণৰাজ্য দিৱসত উপস্থিত নাছিল।

আৰু এইবছৰ মহামাৰী ক’ৰ’নাৰ বাবে গণৰাজ্য দিৱস সমাৰোহত কোনো লোক উপস্থিত নথকাটো প্ৰায় খাটাং হৈ পৰিছে।

দৰাচলতে, গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ বিদেশী গণ্য-মান্যৰ বাবে এক বিশেষ সন্মান।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৩ চনত ওমান চুলতান কবুছ বিন চৈইদে বিশেষ কাৰণৰ বাবে গণৰাজ্য দিৱসত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ স্থানত ভুটানৰ ৰজা জিগ্মে খেচৰক আমন্ত্ৰণ জনোৱা হৈছিল।

আনহাতে ২০১৯ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প উপস্থিত থাকিব নোৱাৰাত দক্ষিণ আপ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোচা উপস্থিত আছিল।

কিন্তু এইবাৰ ক’ভিড-১৯ৰ বাবে গণৰাজ্য দিৱসত বিকল্প নেতাৰ উপস্থিতিৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই ক’ব পাৰি।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd