NORTHEAST NOW (Assamese)

গোলাঘাটৰ ১৩২জন লোকক বিদেশী, ২৫জনক ডি ভোটাৰ ঘোষণা বিদেশী ন্যায়াধিকৰণৰ

December 30, 2018 7:45 am · এন ই নাও নিউজ

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত চলি থকাৰ মাজতে বিদেশী ন্যায়াধিকৰণে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ৰায়ত গোলাঘাটৰ মুঠ ১৩২জন লোকক বিদেশী বুলি ঘোষণা কৰিছে। ২৯ ডিচেম্বৰত গোলাঘাট জিলাৰ সীমান্ত আৰক্ষী শাখাৰ এটা সূত্ৰই এই কথা জানিবলৈ দিছে।

সূত্ৰটোৱে জনোৱা মতে জিলাখনৰ মুঠ ১৫৭জন সন্দেহজনক লোকৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত বিচাৰ প্ৰক্ৰিয়া চলি আছিল। তাৰে ১৩২ জনক বিদেশী বুলি ৰায় দিয়া হয়। বিদেশী বুলি ৰায় দিয়াসকলক ডিটেনশ্যন কেম্পত ৰখা হৈছে।

আনহাতে ইয়াৰে আন ২৫জনক ন্যায়াধিকৰণে ডি ভোটাৰ হিচাপে চিনাক্ত কৰিছে।

অৱশ্যে বিদেশী বুলি চিনাক্ত কৰাসকলক কেতিয়াকৈ বিতাড়িত কৰা হ’ব বা তেওঁলোক কোন দেশৰ নাগৰিক সেয়া উল্লেখ কৰাৰ পৰা বিৰত থাকিল সীমান্ত আৰক্ষীৰ সূত্ৰটো।

লগতে এন আৰ চিৰ খচৰতা তেওঁলোকৰ নাম সোমাইছিল নে নাই সেই বিষয়েও একো নক’লে সীমান্ত আৰক্ষীৰ সূত্ৰটোৱে।

Related News