• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ ভৱিষ্যত তত্ত্বাৱধায়ক সকলৰ মাজত আৰণ্যকৰ সংৰক্ষণ সজগতা অভিযান  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2023 4:15 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৰাফৰ্ডছ স্মল গ্ৰান্টছ ফাউণ্ডেশ্যনৰ সহায় আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (অ’এনপি এণ্ড টিআৰ) কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ২০-২৪ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে-পাশে থকা বিভিন্ন শিক্ষানুষ্ঠানত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কীয় এলানি সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ অধীনত বিভিন্ন সম্প্ৰসাৰিত কাৰ্যকলাপৰ জৰিয়তে অঞ্চলটোৰ ৭ খন বিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ১১০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছিল ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে বাস কৰা ছাত্ৰ-ছাত্ৰীসকলক পৃথিৱীৰ চহকী আৰু বৈচিত্ৰময় পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ চৌপাশৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।  

Apply Now

সম্প্ৰসাৰিত কাৰ্যসূচীলানিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বিশেষ গুৰুত্ব আৰোপ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বিষয়ক উপস্থাপন, মত-বিনিময় অধিবেশন, দলীয় কাৰ্যসূচী, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা আৰু তত্ত্বাৱধানৰ চেতনা জগাই তুলিবলৈ পুথিভঁৰালসমূহৰ বাবে পঠন সামগ্ৰী বিতৰণকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল ।

২০ জুনত দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আৰম্ভ হোৱা এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত হাতে কামে জি পি এছৰ ব্যৱহাৰৰ প্ৰশিক্ষণৰ লগতে “বন্যপ্ৰাণী সংৰক্ষণ আৰু বাসস্থান গৱেষণাত ভূ-অৱস্থানিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ” বিষয়ক এখন দিনযোৰা কৰ্মশালা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়খনৰ উল্লেখিত বিভাগসমূহৰ পৰা প্ৰায় ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে।

২১ জুনত শিলবৰীৰ কেৰামত আলী মধ্য এংৰাজী বিদ্যালয়ত অনুষ্ঠিত এক দলীয় সংৰক্ষণ কাৰ্যসূচীত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ‘আৰ্দ্ৰভূমিৰ গুৰুত্ব, কীটনাশকৰ ব্যৱহাৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ, জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব, প্লাষ্টিক প্ৰদূষণ, বৰষুণৰ পানী সংগ্ৰহ’ আদি বিষয়ক লৈ অনুষ্ঠিত দলীয় কাৰ্যসূচীত শিক্ষাৰ্থী গোটসমূহে তেওঁলোকৰ চিন্তাধাৰা দাঙি ধৰে। সেইদিনা শিলবৰিৰ ছিৰাজুল হক হাইস্কুলত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আৰু নৱম শ্ৰেণীৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক মত-বিনিময় অনুষ্ঠিত কৰা হয়।

আনহাতে ২২ জুনত ২নং কছাৰী ভেটিটোপ নিম্ন প্ৰথমিক বিদ্যালয়ত প্ৰাথমিক শাখাৰ প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণক মূল বিষয় হিচাপে লৈ এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু তাৰ পিছত বৰছলা  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক উপস্থাপন আৰু মত-বিনিময় অধিবেশন অনুষ্ঠিত কৰা হয় ।

এই পদক্ষেপৰ নেতৃত্ব দিয়া আৰণ্যকৰ ভূ-অৱস্থানিক প্ৰযুক্তিবিদ্যা আৰু প্ৰয়োগ বিভাগৰ (জিটিএডি) জ্যেষ্ঠ প্ৰৱন্ধক অৰূপ কুমাৰ দাসে কয়, “জৈৱ বৈচিত্ৰ্য হৈছে পৃথিৱীৰ জীৱ্কূলৰ অতুল্য বৈচিত্ৰ্যক সামৰি গঢ়া এক সুস্থ আৰু বহনক্ষম পৰিৱেশৰ ভেটি। পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বাসস্থান ধ্বংস, প্ৰদূষণ, অতিমাত্ৰা শোষণৰ দৰে মানুহৰ কাৰ্যকলাপ আৰু এনে অন্যান্য কাৰ্য্যকলাপে আমাৰ গ্ৰহৰ স্বাস্থ্য আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আমাৰ এই পদক্ষেপৰ জৰিয়তে আমি সামূহিক প্ৰচেষ্টাৰে মানুহ আৰু পৰিৱেশৰ মাজত এক সামঞ্জস্যপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছো” ।

চতুৰ্থ দিনা অৰ্থাত ২৩ জুনত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক উপস্থাপন আৰু মত-বিনিময় কাৰ্যসূচীত কৌপাটিৰ শিয়ালমাৰী হাইস্কুলৰ প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৌপাটিৰ বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন ২০০ ছাত্ৰ-ছাত্ৰীকো সামৰি লোৱা হয়।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’) আৰু সঞ্চালক প্ৰদীপ্ত বৰুৱা আৰু ফৰেষ্টাৰ প্ৰাণজিৎ ডেকাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্য বিষয়াসকলৰ উপস্থিতিত ২৪ জুনত ৰাষ্ট্ৰীয় উদ্যানৰ সভগৃহত অনুস্থিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী বিদ্যালয়সমূহৰ বিজয়ী শিক্ষাৰ্থীসকলক পুৰষ্কাৰ বিতৰণ কৰা হয় ।

সমল ব্যক্তি হিচাপে থকা আৰণ্যকৰ কৰ্মচাৰী অৰূপ কুমাৰ দাস, মধুমিতা বৰঠাকুৰ, অভিষেক সৰকাৰ, আৰিফ হুছেইন আৰু ৱাছিমা বেগমে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সৈতে মত বিনিময় আৰু সম্প্ৰসাৰণ কাৰ্যসূচীসমূহ সফলতাৰে সম্পূৰ্ণ কৰাত সহায় কৰে । আৰণ্যকৰ গৌৰ বৈদ্য আৰু প্ৰেৰণা দাসেও অংশগ্ৰহণ কৰে। আৰণ্যকৰ প্ৰণৱ গোস্বামীয়ে অভিযানটোত তেওঁৰ বহুমূলীয়া সহায় আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd