বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কুম্ভীঝাৰ গাঁওত আজি উদ্ধাৰ কৰা হয় এটি হৰিণা পহু ৷
পুৱাই হৰিণা পহুটো এটি পৰিয়ালৰ তামোলবাৰীত চৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
স্থানীয় লোকে কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত খবৰ দিয়াত বনবিভাগৰ লোক কুম্ভীঝাৰত আহি উপস্থিত হয় ৷
পিছত স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে হৰিণা পহুটো সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
কুমাৰীকাটাস্থিত বনবিভাগৰ লোকে হৰিণাটো উদ্ধাৰ কৰি মানস অভয়াৰণ্যত এৰি দিবলৈ লৈ যায় ৷
বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা প্ৰায় তিনি বছৰ বয়সৰ হৰিণাটো গাভিনী আছিল৷