• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লক্ষ্য ২০২১ৰ নিৰ্বাচন! : ৰাজ্যিক বিজেপিৰ নতুন কমিটি গঠন; কোন কোন হ’ল অন্তৰ্ভুক্ত?

মহিলাক অগ্ৰাধিকাৰ; গুৰুত্বপূৰ্ণ পদত পূৰ্বৰ বহুকেইখন মুখ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 4, 2020 2:02 pm

2 min read

bjpp
616
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক বিজেপিৰ নতুন কমিটি গঠন কৰা হৈছে।

দিছপুৰ লাষ্টগেটস্থিত গড়কপ্তানি বিভাগৰ আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত বিজেপি বাৰ্তা উন্মোচন অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰে নতুন কমিটিখন।

এইবাৰৰ কমিটিখনত মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি ৰঞ্জিত দাসে দাবী কৰাৰ লগতে ২০ জনীয়া কমিটিৰ ৬ টাকৈ গুৰুত্বপূৰ্ণ পদত মহিলাক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি তেওঁ সদৰী কৰে।

কমিটিৰ পুৰুষৰ উপ সভাপতি পদত প্ৰাক্তন আয়ুক্ত তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মুখপাত্ৰ স্বপ্ননীল বৰুৱা। ১৯৯৪ চনৰ পৰা বিজেপিৰ সৈতে জৰিত হৈ থকা কাৰ্বিআংলংৰ ৰতন তেৰণ, প্ৰাক্তন সাধাৰণ সম্পাদক পুলক গোহাঁই, প্ৰাক্তন ৰাজ্যিক মুখপাত্ৰ জয়ন্ত দাস আৰু জয়ন্ত মল্ল বৰুৱাও উপ সভাপতি পদত অধিষ্ঠিত হৈছে।

ইয়াৰোপৰি, মহিলা উপ সভানেত্ৰী পদত ডিব্ৰুগড়ৰ ড০ হেমপ্ৰভা বৰঠাকুৰ, মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী বিজুলী কলিতা মেধি, প্ৰাক্তন অগপ নেত্ৰী ৰেখাৰাণী দাস বড়োক নিয়োগ কৰা হৈছে।

আনহাতে, সাধাৰণ সম্পাদক পদত তিনিগৰাকীকৈ সাংসদক দায়িত্ব দিয়া হৈছে। শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয়, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰৰ সাংসদ পল্লৱলোচন দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে।

সাধাৰণ সম্পাদকসকলে বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ৰঞ্জিত দাসে উল্লেখ কৰে।

সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে পূৰ্বৰ ফনীন্দ্ৰ নাথ শৰ্মাকে দায়িত্ব দিয়া হৈছে।

কোষাধ্যক্ষ হিচাপেও পূৰ্বৰ ৰাজকুমাৰ শৰ্মাক দায়িত্ব দিয়া হৈছে।

সহ কোষাধ্যক্ষ পদত মনোজ সাৰাদক দায়িত্ব দিয়া হৈছে।

সম্পাদক হিচাপে পুনৰবাৰ দায়িত্ব দিয়া হৈছে দীপলু ৰঞ্জন শৰ্মা আৰু কিশোৰ উপাধ্যায়ক। তেওঁলোকৰ লগতে নতুনকৈ কন্ঠশিল্পী কৃষ্ণমণি চুতীয়া, সুকুমাৰ বিশ্বাস, বেনুধৰ নাথ, তৰংগ গগৈ,  ৰ’চি ৰয়(সম্পাদিকা) অকণি গগৈ (সম্পাদিকা) আৰু ৰূপামণি দাস(সম্পাদিকা)ক দায়িত্ব দিয়া হৈছে।

ইয়াৰোপৰি, যুৱ মৰ্চাৰ সভাপতি হিচাপে পুনৰ অনুপ বৰ্মণকে দায়িত্ব দিয়া হৈছে।

মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে অধিবক্তা অপৰাজিতা ভুঞাক দায়িত্ব দিয়া হৈছে।

অনুসূচিত জনজাতিৰ সভাপতি হিচাপে হৰেণ দেউৰী, অনুসূচিত জাতিৰ সভাপতি নবাৰুণ মেধি, OBC মৰ্চাৰ সভাপতি বিতোপন ৰায় দিহিঙ্গীয়া, কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, চাহ মৰ্চাৰ সভাপতি প্ৰহ্লাদ গোৱালা আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে মোক্তাব হুছেইন খানক দায়িত্ব দিয়া হৈছে।

Recent News

IMG_20210420_153103

তীৰ্থ ভুমিত পৰিণত কুমাৰীকাটা মিঠাৰাম দাস সমন্বয় ক্ষেত্ৰ; কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ সামৰণি

Rhino-1140x570

আকৌ গঁড় হত্যা! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ কাটি নিলে চোৰাংচিকাৰীয়ে

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd