• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদীপ দত্ত ৰয়ক কোনে সুকীয়া বৰাক দাবীৰ অধিকাৰ দিলে? : বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চ

কংগ্ৰেছ-বিজেপিৰ সাংসদ-বিধায়ককে ধৰি মুঠ ৭জনৰ বিৰুদ্ধে শিলচৰত গোচৰ ৰুজু কৰিলে বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চই

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
November 5, 2018 9:41 pm
Brak Ulfa

বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সংবাদ মেল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ গইনা লৈ অসমত সৃষ্টি হোৱা বিদ্বেষৰ পৰিস্থিতিৰ সুযোগত সুকীয়া বৰাক দাবী কৰা প্ৰদীপ দত্ত ৰয়ৰ লগতে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ সাংসদ সুস্মিতা দেব, কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, হোজাইৰ বিধায়ক শিলাদিত্য দেব, ৰাজেন গোহাঁই, কংগ্ৰেছী নেতা ছিদ্দিক আহমেদ আৰু চন্দন সৰকাৰৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে বৰাক উপত্যকাৰ প্ৰাক্তন আলফা ঐক্য মঞ্চই।

সাম্প্ৰদায়িক ঘৃণা আৰু বিষবাষ্প বিয়পোৱা আৰু উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত নেতাকেইজনৰ বিৰুদ্ধে এই এজাহাৰ দিয়া হৈছে। মঞ্চৰ এজাহাৰৰ ভিত্তিত শিলচৰ আৰক্ষীয়ে উক্ত নেতাকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৫৩(এ)ৰ অধীনত ৩৮৫২/১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

Apply Now

এজাহাৰখনত মঞ্চই অভিযোগ কৰে যে এই সাতজন নেতা আৰু অন্যান্য কিছুমানৰ উচটনিমূলক মন্তব্যই পৰিস্থিতিৰ অৱনতি ঘটইছে আৰু তিনিচুকীয়া ঘটনাটোৰ বাবে তেওঁলোক সমানে দায়ী।

আনহাতে আজি শিলচৰ চহৰৰ পৰা আঁতৰৰ সোণাবাৰীঘাটত দিয়া সংবাদমেলত মঞ্চৰ নেতৃবৰ্গই উভতি ধৰে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাৰ (ACKHSA) প্ৰতিষ্ঠাপক সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰদীপ দত্ত ৰয়ক। কেৱল উভতি ধৰাই নহয়, নেতাজনক সাৱধানবাণী শুনায় বৰাকৰ প্ৰাক্তন আলফাৰ ঐক্য মঞ্চৰ নেতাসকলে।

“প্ৰদীপ দত্ত ৰয়ক কোনে সুকীয়া বৰাক ভেলি দাবী কৰাৰ অধিকাৰ দিলে?” আজি আয়োজিত সংবাদমেলত এইদৰে কয় বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক অনমূল হক লস্কৰে। মন কৰিব লগীয়া যে অসমীয়াতে সংবাদমেল সম্বোধন কৰে উপত্যকাটোৰ প্ৰাক্তন আলফা নেতাকেইজনে।

“তেওঁক কোনে দায়িত্ব দিছে? তেওঁ নিজৰ অনুষ্ঠানটো আগে ঠিক কৰি লওক। বৰাক সুকীয়া কৰিব নে নকৰিব সেয়া ৰাইজে ক’ব।” এইদৰে কয় সাধাৰণ সম্পাদক লস্কৰে।

তেওঁ বিষবাষ্প বিয়পাই মানুহক হিংসাৰ বাবে উচটনি দিয়াক সমালোচনা কৰি কয়, “তেওঁলোক নেতা হ’ব বিচাৰিছে। মানুহৰ জীৱন লৈ খেলিছে।”

উল্লেখযোগ্য যে যোৱা ৩০ অক্টোবৰত প্ৰদীপ দত্ত ৰয়ে ‘হয় নাগৰিকত্ব বিধেয়ক নহয় সুকীয়া বৰাক ভেলি লাগিবই’ বুলি বিতৰ্কিত মন্তব্য কৰিছিল। ইয়াৰ পিছদিনাই তিনিচুকীয়াত অচিনাক্ত আততায়ীয়ে ৫জনকৈ নিৰীহ বাংলাভাষী লোকক গুলীয়াই হত্যা কৰিছিল।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰাকৰ প্ৰাক্তন আলফা ঐক্য মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি আহিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিৰ আগত বিধেয়কখনৰ বিৰোধ কৰি নিজৰ মত আগ বঢ়াইছিল মঞ্চই। কেৱল সেয়াই নহয়, বিধেয়কখনৰ সমৰ্থন বৰাকত সমদল উলিওৱা সংগঠনবোৰৰ বৈধতাৰ প্ৰশ্ন তুলি তাৰ এক তদন্ত কৰিবলৈ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ গৃহ বিভাগক অনুৰোধ কৰিছিল।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd