• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান

বিজেপিৰ বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰিব : ৰিপুণ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 20, 2018 2:42 pm
BJP_MLA

বিজেপিৰ প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাক দললৈ আদৰণি জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বিজেপিয়ে শাসনৰ গাদীত থকা সত্ত্বেও দলটোৰ এজন প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাই আজি কংগ্ৰেছ দলত যোগদান কৰে। ২০০৬ চনত ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা হাজৰিকাই ২০১১ চনলৈকে বিজেপিৰ বিধায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে হাজৰিকাই ২০১৫ চনত বিজেপি এৰি অগপ দলত যোগদান কৰে। কিছুদিন আগলৈকে তেওঁ অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদত আছিল।

Apply Now

আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ পূৰ্বে হাজৰিকাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আজি প্ৰাক্তন বিজেপি বিধায়কগৰাকীক দলৰ মজিয়ালৈ আদৰণি জনায় ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু দলৰ জ্যেষ্ঠ নেতৃবৰ্গই।

কংগ্ৰেছত যোগদান কৰি হাজৰিকাই নিজৰ ভাষণ প্ৰসংগত কয় যে বিজেপি দলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে তথা বিজেপিৰ কথা আৰু কাৰ্য্যৰ মাজত থকা পাৰ্থক্য ৰাইজে বুজি পাইছে।

তেওঁ লগতে বিজেপি দলক কটাক্ষ কৰি কয় যে বিজেপি দল শাসনত থাকিলে সম্প্ৰীতিৰে বান্ধ খাই থকা সমাজ ব্যৱস্থাটো ভৱিষ্যতে ধ্বংস কৰি পেলাব।

আনহাতে, দলৰ মজিয়ালৈ প্ৰাক্তন বিজেপি বিধায়কগৰাকীক আদৰণি জনাই উৎফুল্ল হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

“বিজেপিৰ আৰু বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰিব। ইতিমধ্যে বহু বিজেপি নেতাই আমাৰ সৈতে যোগাযোগ কৰিছে।” -এইদৰে কয় ৰিপুণ বৰাই।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসন লাভ কৰিব বুলিও বৰাই সংবাদ মাধ্যমৰ আগত দাবী কৰে।

লক্ষণীয় কথা যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতাই কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰাৰ্থীক মনোনয়ন দাখিল কৰাত বাধা আৰোপ কৰা বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ তোলে।

তেওঁ কয়, “বিজেপিয়ে ছলে-বলে কৌশলে কংগ্ৰেছ দলক প্ৰতিহত কৰিব বিচাৰিছে। বাহু বহল, ধনবল, ভীতি প্ৰদৰ্শন কৰিছে বিজেপিয়ে।”

“ইয়াৰোপৰি তেওঁ বিভিন্ন ঠাইত কংগ্ৰেছী নেতাক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসমূহক ভাবুকি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় “জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শৰাইঘাট পঞ্চায়তত কংগ্ৰেছৰ সভাপতি পদৰ দুগৰাকী প্ৰাৰ্থীক কালি জালুকবাৰী সমষ্টিৰ বিজেপি নেতাই অপহৰণ কৰি নি তেওঁলোকৰ পৰা বলপূৰ্বকভাৱে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি চহী কৰাই লৈছে।”

চতিয়া বিধান সভা সমষ্টিত চাহ বাগানৰ পঞ্চায়তৰ সদস্য পদৰ এগৰাকী মহিলা প্ৰাৰ্থীকো মনোনয়ন দাখিলত বাধা প্ৰদান কৰা বুলি অভিযোগ তোলে বৰাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd