• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান

বিজেপিৰ বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰিব : ৰিপুণ বৰা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 20, 2018 2:45 pm

2 min read

BJP_MLA

বিজেপিৰ প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাক দললৈ আদৰণি জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

656
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বিজেপিয়ে শাসনৰ গাদীত থকা সত্ত্বেও দলটোৰ এজন প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকাই আজি কংগ্ৰেছ দলত যোগদান কৰে। ২০০৬ চনত ৰঙাপৰা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা হাজৰিকাই ২০১১ চনলৈকে বিজেপিৰ বিধায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

উল্লেখযোগ্য যে হাজৰিকাই ২০১৫ চনত বিজেপি এৰি অগপ দলত যোগদান কৰে। কিছুদিন আগলৈকে তেওঁ অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদত আছিল।

আগন্তুক পঞ্চায়ত নিৰ্বাচন তথা লোকসভা নিৰ্বাচনৰ পূৰ্বে হাজৰিকাই কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আজি প্ৰাক্তন বিজেপি বিধায়কগৰাকীক দলৰ মজিয়ালৈ আদৰণি জনায় ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু দলৰ জ্যেষ্ঠ নেতৃবৰ্গই।

কংগ্ৰেছত যোগদান কৰি হাজৰিকাই নিজৰ ভাষণ প্ৰসংগত কয় যে বিজেপি দলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে তথা বিজেপিৰ কথা আৰু কাৰ্য্যৰ মাজত থকা পাৰ্থক্য ৰাইজে বুজি পাইছে।

তেওঁ লগতে বিজেপি দলক কটাক্ষ কৰি কয় যে বিজেপি দল শাসনত থাকিলে সম্প্ৰীতিৰে বান্ধ খাই থকা সমাজ ব্যৱস্থাটো ভৱিষ্যতে ধ্বংস কৰি পেলাব।

আনহাতে, দলৰ মজিয়ালৈ প্ৰাক্তন বিজেপি বিধায়কগৰাকীক আদৰণি জনাই উৎফুল্ল হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

“বিজেপিৰ আৰু বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰিব। ইতিমধ্যে বহু বিজেপি নেতাই আমাৰ সৈতে যোগাযোগ কৰিছে।” -এইদৰে কয় ৰিপুণ বৰাই।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে সৰ্বাধিক আসন লাভ কৰিব বুলিও বৰাই সংবাদ মাধ্যমৰ আগত দাবী কৰে।

লক্ষণীয় কথা যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জালুকবাৰী সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতাই কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰাৰ্থীক মনোনয়ন দাখিল কৰাত বাধা আৰোপ কৰা বুলি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ তোলে।

তেওঁ কয়, “বিজেপিয়ে ছলে-বলে কৌশলে কংগ্ৰেছ দলক প্ৰতিহত কৰিব বিচাৰিছে। বাহু বহল, ধনবল, ভীতি প্ৰদৰ্শন কৰিছে বিজেপিয়ে।”

“ইয়াৰোপৰি তেওঁ বিভিন্ন ঠাইত কংগ্ৰেছী নেতাক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসমূহক ভাবুকি দিয়া বুলি উল্লেখ কৰি তেওঁ কয় “জালুকবাৰী সমষ্টিৰ বেজেৰা আৰু শৰাইঘাট পঞ্চায়তত কংগ্ৰেছৰ সভাপতি পদৰ দুগৰাকী প্ৰাৰ্থীক কালি জালুকবাৰী সমষ্টিৰ বিজেপি নেতাই অপহৰণ কৰি নি তেওঁলোকৰ পৰা বলপূৰ্বকভাৱে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি চহী কৰাই লৈছে।”

চতিয়া বিধান সভা সমষ্টিত চাহ বাগানৰ পঞ্চায়তৰ সদস্য পদৰ এগৰাকী মহিলা প্ৰাৰ্থীকো মনোনয়ন দাখিলত বাধা প্ৰদান কৰা বুলি অভিযোগ তোলে বৰাই।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ চুপাৰী উদ্ধাৰ

Indian_National_Flag_EPS

৭১ সংখ্যক গণৰাজ্য দিৱসত অসমৰ কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd