• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তাৰকা ক্ৰিকেটাৰৰ পুত্ৰই জিকিলে দুটাকৈ অলিম্পিক স্বৰ্ণ! দুবছৰ আগতে পিতৃক সহায় কৰিছিল শচীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 12:19 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰগৰাকীৰ পুত্ৰই পেৰিছ অলিম্পিকত দুটাকৈ স্বৰ্ণ পদক লাভ কৰিছে। দুবছৰ পূৰ্বে শচীন তেণ্ডুলকাৰে তেওঁক সহায় কৰিছিল। সেই অলিম্পিয়ানজন হৈছে ৰাই বেঞ্জামিন। পেৰিছ অলিম্পিকত তেওঁ আমেৰিকা দলৰ এথলিট হিচাপে অংশগ্ৰহণ কৰিছিল।

ৰাই বেঞ্জামিন আচলতে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ উইনষ্টন বেঞ্জামিনৰ পুত্ৰ। পেৰিছ অলিম্পিকত জুনিয়ৰ বেঞ্জামিনে দুটা স্বৰ্ণ পদকো লাভ কৰে। ইয়াৰে এটা ৪০০ মিটাৰ হাৰ্ডলছত। আন এটা, ৪x৪০০ মিটাৰ ৰিলেত। দুবছৰমান আগতে শচীন টেণ্ডুলকাৰে উইনষ্টনৰ অনুৰোধত তেওঁক সহায় কৰিছিল।

সেই সাহায্য হৈছে উইনষ্টনৰ ক্ৰিকেট একাডেমী। এন্টিগুৱাত উইনষ্টনে ক্ৰিকেট একাডেমী চলায়। সেই একাডেমী চলাবলৈ তেওঁক ক্ৰিকেটৰ লগত জড়িত কেইবাটাও বস্তুৰ প্ৰয়োজন হৈছিল। তাৰ বাবে উইনষ্টনে শচীনৰ শৰণাপন্ন হয়। উইনষ্টনে কৈছিল যে তেওঁ কোনো আৰ্থিক সহায় নিবিচাৰে।

Apply Now

লগতে পঢ়কঃ আদানীৰ বাবেই! বাংলাদেশলৈ ৰপ্তানিৰ বাবে নিৰ্মাণ কৰা আদানীৰ বিদ্যুৎকেন্দ্ৰৰ বিদ্যুৎ ভাৰততো বিক্ৰীৰ অনুমতি

বেঞ্জামিনে মাথোঁ অনুৰোধ কৰিলে যে শচীনে তেওঁৰ ক্ৰিকেট একাডেমীক ক্ৰিকেটৰ সামগ্ৰী উপহাৰ দিয়ক। শচীনে সেই অনুৰোধ নেপেলালে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন তাৰকাগৰাকীৰ অনুৰোধৰ পিছত তেওঁ তেওঁক ক্ৰিকেটৰ বিভিন্ন সামগ্ৰী উপহাৰ দিয়ে। কেৱল শচীনেই নহয়। ভাৰতৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনেও ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰগৰাকীক সহায় কৰিছিল।

উইনষ্টন বেঞ্জামিনৰ সৈতে ভাৰতৰ সম্পৰ্ক আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁৰ পদাৰ্পনৰ পৰাই আৰম্ভ হৈছে। ভাৰতৰ মাটিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় উইনষ্টনে। ১৯৮৭ চনত দিল্লীৰ ফিৰোজ শ্বাহ কোটলাত ভাৰতৰ বিৰুদ্ধে টেষ্ট খেলৰ জৰিয়তে তেওঁ টেষ্ট ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰে। উইনষ্টন বেঞ্জামিনৰ ১০৬খন এদিনীয়াত ১৬১টা উইকেট আছে। তাৰ ভিতৰত ভাৰতৰ বিৰুদ্ধেই তেওঁ নিজৰ শ্ৰেষ্ঠ খেলখনো খেলিছিল।

সেই উইনষ্টন বেঞ্জামিনৰ পুত্ৰই পেৰিছ অলিম্পিকৰ নায়ক হৈ পৰিছে। ৪০০ মিটাৰ হাৰ্ডলছত সোণৰ পদক লাভ কৰিছে। আমোদজনকভাৱে পেৰিছ অলিম্পিকত ৰাই বেঞ্জামিন ফেভাৰিট খেলুৱৈৰ তালিকাৰ ভিতৰত নাছিল। কিন্তু, তথাপিও তেওঁ সকলো বিশেষজ্ঞক আচৰিত কৰি সোণৰ পদক লাভ কৰিছিল।

লগতে পঢ়কঃ দেশৰ সকলো ব্ৰেণ্ডেড নিমখ আৰু চেনিতে আছে মাইক্ৰ’প্লাষ্টিক! গৱেষণাত উদ্বেগজনক তথ্য

বর্তমানৰ বিশ্ব চেম্পিয়নগৰাকীয়ে পেৰিছ অলিম্পিকতো তেওঁৰ সৈতে অংশ লৈছিল৷ কিন্তু, জুনিয়ৰ বেঞ্জামিনে তেওঁক পৰাস্ত কৰে। ৰাই বেঞ্জামিনে পৰাস্ত কৰা বিশ্ব চেম্পিয়নগৰাকী আছিল যোৱা অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী। ২০২৩ চনৰ বুডাপেষ্ট বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক বিজয়ী। কিন্তু, জুনিয়ৰ বেঞ্জামিনে দৌৰি শেষ মুহূৰ্তত তেওঁক অতিক্ৰম কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd