• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ কোটি টকাৰ মূল্যৰ ১১১ ট্ৰাক চাউল চুৰি! : ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জি এমক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 4, 2021 8:53 am

2 min read

FCI-1-750x375
238
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ ৰাজা শেখৰক বুধবাৰে গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় খাদ্য নিগমৰ প্ৰায় ৫ কোটি টকা মূল্যৰ চাউল চুৰি কাণ্ডত জড়িত থকাৰ অভিযোগত এফচিআইৰ প্ৰাক্তন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ২০১৩-১৪ বৰ্ষত ৰাজা শেখৰে ভাৰতীয় খাদ্য নিগমৰ গুৱাহাটীৰ জেনেৰেল মেনেজাৰৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত নিগমৰ ১১১ খন ট্ৰাকৰ পৰা প্ৰায় ৫ কোটি টকাৰ মূল্যৰ চাউল চুৰি হৈছিল।

এই চাউল চুৰি কাণ্ডৰ তদন্তৰ দায়িত্ব থকা ব্যু অৱ ইন্টেষ্টিগেশ্যন(অৰ্থৈনিক অপৰাধ)এ চুৰি কাণ্ডৰ মূল অভিযুক্ত ৰাজা শেখৰক বুধবাৰে কামৰূপ সত্ৰ আদালতত হাজিৰ কৰোৱায়।

আদালতে শুনানি গ্ৰহণ কৰি ভাৰতীয় খাদ্য নিগমৰ ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰা এফচিআইৰ প্ৰাক্তন বিষয়াগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ভাৰতীয় খাদ্য নিগমৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ আৰু ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া লখেশ্বৰ শইকীয়াক উক্ত চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

ইফালে ভাৰতীয় খাদ্য নিগমৰ শ্বিলঙৰ অন্য এগৰাকী প্ৰাক্তন জেনেৰেল মেনেজাৰ তথা ভাৰতীয় ৰে’ল সেৱাৰ বিষয়া ভাস্কৰ শইকীয়া আৰু গুৱাহাটীৰ এফচিআইৰ প্ৰাক্তন জেনেৰল মেনেজাৰ দেবানন্দৰ বিৰুদ্ধেও ধান ক্ৰয়ত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে দেবানন্দক এফচিআই কৰ্তৃপক্ষই জেনেৰেল মেনেজাৰৰ পৰা ডিজিএমলৈ শাস্তিমূলকভাৱে পদাৱনতি কৰিছিল।

আনহাতে চাউল চুৰি এই ঘটনাৰ সন্দৰ্ভত আৰকেকে এন্টাৰপ্ৰাইজৰ ১০১ খন ট্ৰাক আৰু 4A এন্টাৰপ্ৰাইজৰ ১০ খন এফচিআইৰ চাউল ভৰ্তি নিৰুদ্দেশ হোৱাৰ বাবে অসম আৰক্ষীত ক্ৰমে বিআইঅ’ কেচ নং ১১/২০১৮ আৰু বিআইঅ’ কেচ নং ৮/২০১৮ দুটা গোচৰ ৰুজু কৰা হৈছিল। উক্ত দুই গোচৰৰ ভিত্তিতে এই সমগ্ৰ চাউল চুৰি কাণ্ডটোৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে।

বিশেষ সূত্ৰৰ পৰা নৰ্থ নাওৰ হাতত পৰা তথ্য অনুসৰি উক্ত বৰ্ষটোত নগাঁৱৰ গোদামৰ পৰা অৰুণাচল প্ৰদেশৰ চেপালৈ প্ৰেৰণ কৰা চাউল ভৰ্তি ট্ৰাক অন্তৰ্ধান হোৱাৰ ফলত এফচিআই-এ ২.৩৬ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল।

সূত্ৰটোৰ মতে এফচিআই-এ বিষয়া-কৰ্মচাৰীৰ পৰা ৮৮ লাখ আৰু ঠিকাদাৰসকলৰ পৰা ৯৭ লাখ টকা সংগ্ৰহ কৰি উক্ত ঘাটি পূৰণৰ চেষ্টা কৰিছিল।

ইফালে সূত্ৰটোৱে কয় যে আদালতে মেচাৰ্চ 4A এন্টাৰপ্ৰাইজ আৰু মেচাৰ্চ আৰকেকে এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰী অৰুণ কুমাৰ ৰায়ৰ মালিকাধীন সম্পত্তিৰ পৰা এফচিআইৰ চাউল চুৰি ফলত হোৱা লোকচানৰ ঘাটি পূৰণৰ নিৰ্দেশ দিছে।

Recent News

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

প্ৰত্যাৱৰ্তন সুখকৰ নহ’ল ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ, দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয়

index.jpgkkk

৫০ জনীয়া দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ অসম জাতীয় পৰিষদৰ : সভাপতি লুৰীণ জ্যোতিয়ে খেলিব দুটা সমষ্টিত

বংগ নিৰ্বাচন : মোদীৰ ‘সোণাৰ বাংলা’- মমতাৰ ‘এলপিজি চিলিণ্ডাৰ’, ক্ৰমাৎ উত্তপ্ত হৈছে বাকযুদ্ধ

বংগ নিৰ্বাচন : মোদীৰ ‘সোণাৰ বাংলা’- মমতাৰ ‘এলপিজি চিলিণ্ডাৰ’, ক্ৰমাৎ উত্তপ্ত হৈছে বাকযুদ্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd