আঠ বছৰ পূৰ্বে অষ্টম শ্ৰেণীৰ এটি ছাত্ৰৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী প্ৰাক্তন শিক্ষয়িত্ৰী। আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনা। নাবালক ছাত্ৰৰ সৈতে যৌন সম্পৰ্কৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে মেলিছা মেৰী কাৰ্টিছ নামৰ শিক্ষয়িত্ৰী এগৰাকী।
স্থানীয় মণ্টগোমাৰী কাউন্টি আৰক্ষী বিভাগৰ মতে, বৰ্তমান ৩১ বছৰীয়া কাৰ্টিছে ২০১৫ চনত মণ্টগোমাৰী ভিলেজ মিডল স্কুলত শিক্ষয়িত্ৰী হৈ থকাৰ সময়ত ১৪ বছৰীয়া এটি ছাত্ৰৰ সৈতে যৌন কাৰ্যত লিপ্ত হৈছিল।
সেই সময়ত অভিযুক্ত কাৰ্টিছৰ বয়স আছিল ২২ বছৰ। কাৰ্টিছে যৌন সম্পৰ্ক গঢ়া তেতিয়াৰ নাবালক তথা বৰ্তমান প্ৰাপ্তবয়স্ক যুৱকগৰাকীয়ে নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চপাৰ পিছতে তদন্ত আৰম্ভ কৰিছে স্থানীয় আৰক্ষীয়ে।
২০১৫ চনৰ জানুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত মণ্টগোমাৰী কাউন্টিৰ ভিতৰত, কাৰ্টিছৰ বাহনত আৰু অঞ্চলটোৰ কেইবাটাও বাসগৃহত কাৰ্টিছে তেওঁক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে যুৱকজনে।
তদুপৰি তেতিয়াৰ অষ্টম শ্ৰেণীৰ ছাত্ৰজনক সুৰা আৰু মাৰিজুৱানা নামৰ নিচাযুক্ত দ্ৰব্য খুৱাই ২০ বাৰতকৈও অধিকবাৰ কাৰ্টিছে তেওঁৰ সৈতে যৌন সম্পৰ্ক গঢ়া বুলিও অভিযোগ তুলিছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।
অভিযুক্ত কাৰ্টিছে প্ৰায় দুবছৰ ধৰি শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল আৰু লেকলেণ্ডছ পাৰ্ক মিডল স্কুলতো শিক্ষকতা কৰিছিল। ৩১ অক্টোবৰত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছিল।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি কাৰ্টিছৰ বিৰুদ্ধে নাবালকক যৌন নিৰ্যাতনৰ লগতে তৃতীয় আৰু চতুৰ্থ ডিগ্ৰীৰ যৌন অপৰাধৰ একাধিক অভিযোগ উত্থাপন কৰা হৈছে।
অৰ্থাৎ তেওঁৰ দ্বাৰা আন কেইবাজনো ছাত্ৰ নিৰ্যাতিত হ’ব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এই অভিযোগৰ মাজতে মঙলবাৰে কাৰ্টিছে আত্মসমৰ্পণ কৰে।