• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ভাল নম্বৰৰ বিনিময়ত ছাত্ৰীৰ প্ৰেম দাবী”ত অভিযুক্তক সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিযুক্তিত তীব্ৰ প্ৰতিক্ৰিয়া

এতিয়াও অভিযোগমুক্ত হোৱা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ ডম্বৰুধৰ নাথ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 4, 2019 5:56 pm
Dambaru Nath And Complain
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰীক ভাল নম্বৰৰ বিনিময়ত প্ৰেম দাবী কৰাৰ দৰে গুৰুতৰ অভিযোগ থকা এজন ব্যক্তিক চৰকাৰে “সাংস্কৃতিক” বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে নিযুক্তি দিয়াৰ পিছত ইয়াক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যৰ শিক্ষা জগতত।

বিতৰ্কিত নৱনিযুক্ত উপাচাৰ্য্যজন হৈছে ড০ ডম্বৰুধৰ নাথ আৰু তেওঁক চৰকাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে যোৱা ২৮ মে’ত নিযুক্তি দিছে। বিশ্ববিদ্যালয়খনৰ ইতিপূৰ্বে আধাৰশিলা স্থাপন হৈ গৈছে আৰু নিৰ্মাণৰ কাম আগ বাঢ়িছে।

Apply Now
Complain_to_Registrar
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দিয়া অভিযোগপত্ৰখনৰ প্ৰতিলিপি। উৎস : প্ৰদেশ যুৱ কংগ্ৰেছ।

ড০ নাথৰ বিৰুদ্ধে প্ৰায় দুবছৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ এগৰাকী ছাত্ৰীয়ে “পৰীক্ষাত ভাল ফলৰ বাবে প্ৰেম প্ৰদান”ৰ প্ৰস্তাৱ দিয়া বুলি গুৰুতৰ অভিযোগ আনিছিল। ড০ নাথ তেতিয়া বিভাগটোৰ এজন অধ্যাপক হোৱাৰ লগতে অনিৰুদ্ধদেৱ আসনত অধিষ্ঠিত আছিল।

চৰকাৰৰ এই কাৰ্য্যত আশ্চৰ্য্য প্ৰকাশ কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছে “বেটী বচাও বেটী পঢ়াও” শ্ল’গান দিয়া বিজেপিৰ এয়া নাৰীৰ প্ৰতি চৰম অপমান আখ্যা দিছে। ড০ নাথৰ এই নিযুক্তি অনতিপলমে বাতিল কৰাৰো দাবী জনাইছে যুৱ কংগ্ৰেছে।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত বিষয়টো সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰাৰ পিছত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী অংকিতা দত্তই তেওঁৰ হাতত থকা ছাত্ৰীগৰাকীয়ে পঞ্জীয়কলৈ লিখা অভিযোগপত্ৰখনকে ধৰি অন্যান্য নথি-পত্ৰৰ প্ৰতিলিপি নৰ্থ-ইষ্ট নাওৰ হাতত তুলি দিয়ে।

অভিযোগপত্ৰখনত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কলৈ তেওঁ সন্মুখীন হৈ অহা নিৰ্য্যাতনৰ বিষয়ে বিৱৰি লিখিছে। পত্ৰখন লিখা হৈছিল ১৫-১১-১৬-ত।

“অক্টোবৰ মাহৰ ১৩ তাৰিখৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত শিশু বিজ্ঞান সমাৰোহলৈ গৈ থাকোতে ৰাস্তাত তেওঁক লগ পায় এখন ঠাইৰ কথা আলোচনা কৰিবলৈ যাওঁতে তেওঁ মোক বিভিন্ন ধৰণৰ প্ৰস্তাৱ অশালীনভাৱে আগ বঢ়াইছিল। পঢ়াৰ খবৰ লোৱাৰ চলেৰে তেওঁ প্ৰেমৰ প্ৰস্তাৱ আগ বঢ়াইছিল”, অভিযোগ পত্ৰখনত ছাত্ৰীগৰাকীয়ে লিখে।

Letter to Pallavi
ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দিয়া ড০ পল্লৱী ডেকা বুজৰবৰুৱালৈ দিয়া পত্ৰখনৰ প্ৰতিলিপি। উৎস : প্ৰদেশ যুৱ কংগ্ৰেছ।

ছাত্ৰীগৰাকীয়ে তেওঁক প্ৰধ্যাপকজনে দিনত আৰু ৰাতিও বিভিন্ন সময়ত ফোন কৰি থকা, তেওঁৰ লগত কথা পাতিবলৈ কেবিনলৈ মতা আদি অভিযোগ আনিছিল। এইবোৰৰ বিনিময়ত প্ৰধ্যাপকজনে ছাত্ৰীগৰাকীক M Phil, Ph D ডিগ্ৰীৰ লগতে এম এ ডিগ্ৰীত ভাল নম্বৰেৰে উত্তীৰ্ণ হ’ব বুলি প্ৰলোভন দিছিল।

ছাত্ৰীগৰাকীয়ে পত্ৰখন লিখাৰ পূৰ্বে সেই দিনটোতো এখন পেপাৰ জমা দিবলৈ প্ৰধ্যাপকজনৰ কেবিনলৈ যাওঁতেও বিভিন্ন ধৰণৰ অবাঞ্ছনীয় কথা কয় বুলি জনায়।

ছাত্ৰীগৰাকী তেতিয়া স্নাতকোত্তৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি আছিল।

ছাত্ৰীগৰাকীয়ে এই গুৰুতৰ অভিযোগ অনাৰ পোন্ধৰ দিনৰ ভিতৰত ড০ নাথে শাৰীৰিক অসুস্থতাৰ দোহাই দি চাকৰিৰ পৰা অব্যাহতি বিচাৰে আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কাৰ্য্যনিৰ্বাহক পৰিষদৰ ৩০-১৫-২০১৬ তাৰিখত হোৱা বৈঠকে সেয়া অনুমোদন কৰে।

এই কথা অৱগত কৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে অভিযুক্ত ছাত্ৰীগৰাকীলৈ ২১-০৭-২০১৭ তাৰিখত এখন পত্ৰ দিয়ে, য’ত অব্যাহতি লৈ আঁতৰি যোৱা ড০ নাথক বিশ্ববিদ্যালয়খনৰ নিয়ম-নীতিৰ ভিতৰত বিচাৰ কৰিব পৰা নাযাব বুলি জানিবলৈ দিয়ে। পত্ৰখনত ছাত্ৰীগৰাকীৰ অভিযোগপত্ৰখন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই Gender sensitization and complaint committee for sexual harassment, Dibrugarh University-লৈ লগে লগে প্ৰেৰণ কৰিছিল বুলিও লিখে।

অভিযুক্ত প্ৰধ্যাপকজন আৰু বিশ্ববিদ্যালয়ৰ “পৰিস্থিতি”টোত ছাত্ৰীগৰাকীৰ অভিযোগ আজিও অমিমাংসীত হৈ থাকিল।

Letter from Registrar
ভুক্তভোগী ছাত্ৰীগৰাকীলৈ পঞ্জীয়কে দিয়া খনৰ প্ৰতিলিপি।

যুৱ কংগ্ৰেছে জনোৱামতে, যৌন নিৰ্য্যাতনত অভিযুক্ত হোৱাৰ পিছতে স্বাস্থ্যজনিক কাৰণ দেখুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্বেচ্ছা অৱসৰ লোৱা ড০ নাথে অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ভিজিটিং প্ৰছেচৰ হিচাপে যোগদান কৰিছিল। কিন্তু FASHEI-ৰ অভিযোগৰ ভিত্তিত তাৰ পৰা তেওঁক বিদায় দিয়া, জনালে অংকিতা দত্তই।

যুৱ কংগ্ৰেছৰ প্ৰশ্ন, স্বাস্থ্যজনিত কাৰণত স্বেচ্ছাই অব্যাহতি লোৱা অধ্যাপক ড০ ডম্বৰুধৰ নাথে এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দৰে গুৰুদায়িত্ব কেনেদৰে পালন কৰিব?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd