• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানক অগাধ বিশ্বাস কৰি প্ৰৱঞ্চিত, থাকিব লগা হৈছিল ভাড়াঘৰত! ৰেমণ্ডৰ প্ৰাক্তন অধ্যক্ষৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:51 am
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুত্ৰৰ লগত বিবাদৰ পিছত ভাড়াঘৰত থাকিব লগা হৈছিল। শেষ বয়সত সন্তানৰ প্ৰতি অগাধ বিশ্বাসৰ মূল্য তেওঁ দিব লগা হৈছিল। বহু ঠাইত তেওঁ অনুশোচনা কৰিছিল। ৰেমণ্ড গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ উদ্যোগপতি বিজয়পত সিংহানিয়াই শনিবাৰে মুম্বাইস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স আছিল ৮৭ বছৰ। তেওঁৰ পুত্ৰ গৌতম সিংহানিয়াই এক্সত এটা চুটি বাৰ্তাযোগে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।

সংস্থাটোৰ মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি পদ্ম ভূষণ এয়াৰ কমোডৰ ড° বিজয়পত সিংহানিয়াৰ শান্তিপূৰ্ণ দেহাৱসান ঘটিছে। দেওবাৰে দিনৰ ১.৩০ বজাত ৰূপৰেল মাৰ্গৰ হাভেলীত অন্তিম শ্ৰদ্ধা জনোৱা হ’ব, তাৰ পিছত বিয়লি ৩ বজাত চন্দনৱাড়ীত শেষকৃত্য সম্পন্ন কৰা হ’ব।

Apply Now

উদ্যোগ জগতলৈ বিজয়পত সিংহনিয়াৰ অৱদান অনস্বীকাৰ্য। ১৯৮০ চনৰ পৰা ২০০০ চনলৈকে ৰেমণ্ড গ্ৰুপৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে তেওঁৰ নেতৃত্বত কোম্পানীটোৱে দেশ-বিদেশৰ বস্ত্ৰ আৰু পোছাক উদ্যোগত শক্তিশালী স্থান দখল কৰিছিল। ‘ৰেমণ্ড’ সেই সময়ত ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ মাজত এক বিশ্বাসযোগ্য ব্ৰেণ্ডত পৰিণত হৈছিল।

কিন্তু সফলতাৰ সমান্তৰালকৈ পাৰিবাৰিক বিবাদে তেওঁৰ জীৱনৰ গতি সলাই দিয়ে। ২০১৫ চনত তেওঁৰ ৩৭ শতাংশ শ্বেয়াৰ পুত্ৰ গৌতমৰ হাতত গতাই দিয়ে। আন এজন পুত্ৰ মধুপতি সিংহনিয়া ছিংগাপুৰলৈ গুচি যায়। পিছলৈ সম্পৰ্কৰ অৱনতি আৰু আইনী বিবাদৰ বাবে ব্যক্তিগত জীৱনত কঠিন সময়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত তেওঁ অনুশোচনা কৰিছিল যে তেওঁ অগাধ বিশ্বাসৰ মূল্য দিবলগীয়া হৈছে— কেৱল ধন-সম্পত্তিয়েই নহয়, শান্তি আৰু পৰিয়ালো হেৰুৱাইছে।

কেৱল ব্যৱসায়েই নহয়, জে আৰ ডি টাটাৰ প্ৰেৰণাত তেওঁ এসময়ত বিমান অনুশীলনৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ২০০৫ চনত তেওঁ গৰম বতাহৰ বেলুনত ২১ হাজাৰ মিটাৰতকৈও অধিক উচ্চতাত উৰা মাৰি বিশ্ব অভিলেখ গঢ়িছিল। আন্তঃৰাষ্ট্ৰীয় এয়াৰ ৰেচতো তেওঁ সফলতা লাভ কৰিছে। ১৯৯৪ চনত ভাৰতীয় বায়ুসেনাই তেওঁক এয়াৰ কমোডৰৰ সন্মানীয় উপাধি প্ৰদান কৰে।

সফলতাৰ শিখৰৰ পৰা জীৱনৰ কঠিনতম বাস্তৱ- বিজয়পত সিংহানিয়াই দুয়োটাই দেখিছে। সেইবাবেই শেষত নিজকে ‘যোদ্ধা’ বুলি গণ্য কৰিছিল। তেওঁৰ ভাষাত কোনো বিজনেছ স্কুলে জীৱনৰ এই পাঠ শিকাব নোৱাৰে। ভাৰতীয় উদ্যোগলৈ তেওঁৰ অৱদান আৰু ব্যক্তিগত সংগ্ৰাম দুয়োটাই স্মৰণীয় হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd