• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন বছৰৰ পহিলা দিনটোতে নৱ প্ৰজন্মক আলফাত যোগদান নকৰিবলৈ আহ্বান অনুপ চেতিয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 1, 2020 7:01 pm
Anup Chetiya

অনুপ চেতিয়া

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ পহিলা দিনটোতে নৱ প্ৰজন্মক আলফাত যোগদান নকৰিবলৈ আহ্বান জনাইছে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই।

নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ ৰ বাতিলৰ দাবীৰে গুৱাহাটীৰ ৰ’টেৰী ক্লাৱত সদৌ অসম আইন ছাত্ৰ সন্থাৰ কামৰূপ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত ‘নাগৰিক সমাজৰ সৈতে অৱস্থান ধৰ্মঘট’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এই আহ্বান জনাই চেতিয়াই।

Apply Now

”প্ৰচাৰ মাধ্যমৰ জৰিয়তে গম পাইছো বৰডুমছা অঞ্চলৰ পৰা নৱম শ্ৰেণীত পঢ়ি থকা ৬ জন ছাত্ৰ হাবিলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই গ্ৰেপ্তাৰ হৈছিল। মই এটা সময়ত সশস্ত্ৰ পন্থীত আছিলো যদিও এতিয়া গণতান্ত্ৰিক ধাৰালৈ ঘুৰি আহিছো। গতিকে মই নৱ প্ৰজন্মক বিশেষভাৱে অনুৰোধ কৰিছো যাতে তেওঁলোক আৱেগৰ বশৱৰ্তী হৈ কঠিন সিদ্ধান্ত গ্ৰহণ কৰি যিটো আমি এৰি থৈ আহিলো সেই পথৰ যাত্ৰী  নহয়,’’ প্ৰাক্তন আলফা নেতা গৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়।

ইপিনে, সশস্ত্ৰ পন্থাৰ বিপৰীতে গণতান্ত্ৰিক মাধ্যমেৰে নিজৰ দাবীসমূহ আদায় কৰিবলৈ নৱপ্ৰজন্মক আহ্বান জনাই চেতিয়াই।

‘‘আমি সশস্ত্ৰ পন্থাৰ পৰা ঘুৰি আহি পুনৰ গণতান্ত্ৰিক ধাৰা লৈছো। গণতান্ত্ৰিক ধাৰাৰে যাতে আমি আদায় কৰিব পাৰো সেই ব্যৱস্থাটো গঢ়ি তুলিব লাগিব। আমি উপলব্ধি কৰিছো প্ৰথমে আমাৰ মাজত ঐক্য লাগিব,’’ চেতিয়াৰ মন্তব্য।

আনহাতে, ভাষণ প্ৰসংগতে তেওঁ আলফাত যোগদানৰ আঁৰৰ কাহিনীও কাখ্যা কৰে।

‘‘১৯৭৯ চনত অসম আন্দোলনত একান্তভাৱে জৰিত হৈ পৰিছিলো।১৯৮৩ চনৰ নিৰ্বাচনত যেতিয়া হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছৰ চৰকাৰ শাসনলৈ আহিছিল। ১৯৫১ চনটো মানি লৈ ভাৰত চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব বুলি দেহে কেহে খাটিছিলো কিন্তু ভাৰত চৰকাৰে আমাৰ গণতান্ত্ৰিক দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত আমি বাৰ্মালৈ যোৱাৰ ৰাস্তা বিচাৰি আছিলো। ১৯৮৩ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ২১ মে’ৰ দিনা মই বৰ্মাত গৈ উপস্থিত হৈছিলো,’’ চেতিয়াই কয়।

ইপিনে, আজিৰ এই পৰিস্থিতিৰ সৈতে ১৯৮৩ চনৰ পৰিস্থিতিৰো মিল থকা বুলি দাবী কৰে অনুপ চেতিয়াই।

চেতিয়াই কয় ‘‘আজি যিটো পৰিস্থিতি সৃষ্টি হৈছে সেই একেই পৰিস্থিতি সেই সময়তো সৃষ্টি হৈছিল। আজি যিদৰে অস্তিত্ব ৰক্ষাৰ বাবে আপোনালোকে খাতিছে আমিও তেতিয়া তেনেদৰে অসম আন্দোলনত দেহে কেহে খাতিছিলো কিন্তু গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু বিশ্বাস নোহোৱাৰ ফলতেই আমি হাবিলৈ যাবলৈ বাধ্য হৈছিলো। সেইটোৱে অন্তিম পথ আছিল আৰু সেই পথৰে যাত্ৰী হ’ব লাগিব বুলি ভাবিছিলো। এই পথৰ বাহিৰে খিলঞ্জীয়াক ৰক্ষা কৰাৰ উপায় নাই এই কথা উপলব্ধি কৰিয়েই হাবিলৈ গৈছিলো।’’

‘‘বহুতে আমি অসমখন ধ্বংসৰ দিশলৈ লৈ গ’লো বুলি সমালোচনা কৰে কিন্তু আমিও বহু খিলঞ্জীয়া লোকক হেৰুৱালগীয়া হৈছিল। কলমে লিখিলে সংশোধন কৰিব পৰা যায়, অস্ত্ৰৰ পৰা গুলিটো ওলাই গ’লে সংশোধন কৰাৰ কোনো উপায় নাথাকে। সেই সময়ত আমাৰ কিছু ভুল-ভ্ৰান্তি হৈছিল। সেই একেই পৰিস্থিতি এই সময়তো হৈছে,’’ তেওঁ লগতে কয়।

তাৰোপৰি, ৰাষ্ট্ৰযন্ত্ৰৰ বিভাজনকামী ষড়যন্ত্ৰৰ চক্ৰান্তৰ ফলত সংগ্ৰামত বিভাজনকামী মানসিকতা এটা গা কৰি উঠিছে বুলি মন্তব্য কৰি চেতিয়াই জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ছাত্ৰ সমাজক ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd