• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 9, 2022 3:54 pm
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ লগতে নামনি অসমৰ এখন অন্যতম উচ্চ শিক্ষানুষ্ঠান বঙাইগাঁও মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস মহাবিদ্যালয়খনত উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীনেশ দাসে ৷

ইয়াৰ পিচতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত প্ৰয়াত বিশিষ্ট ব্যক্তি সীতানাথ ব্ৰহ্ম চৌধুৰী, হৰিপ্ৰসাদ গোস্বামী, দামোদৰ মহন্ত আৰু ভৱেশ্বৰ চৌধুৰীক স্মৰণ কৰি শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বঙাইগাঁও মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তালুকদাৰ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ৰেণুকা দাস, অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ প্ৰণৱ কুমাৰ ধৰ আৰু শিক্ষাবিদ তৰণীকান্ত ৰায়ে ৷

Apply Now

ইয়াৰ পিচতে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ওম প্ৰকাশ আগৰৱালাই ৷ আনহাতে মহাবিদ্যালয় প্ৰাংগণত থকা প্ৰয়াত সীতানাথ ব্ৰক্ষ চৌধুৰী, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু ডঃ সৰ্বেপল্লী ৰাধা কৃষ্ণণৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত মৰব্বী অধ্যাপক বীৰেন পাটগিৰী, বয়োজ্যেষ্ঠ সমাজকৰ্মী গজেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু সমাজকৰ্মী বসন্ত চৌধুৰীয়ে ৷

সেইদৰে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি দেশ আৰু জাতিৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমাজকৰ্মী নীৰেন দাস আৰু অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক নৃৰ জামালে ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় ৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোপেশ্বৰ তালুকদাৰে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীনেশ দাসে ৷

সভাত স্মৃতি ৰমন্থন শীৰ্ষক এক অনুষ্ঠান ৰখা হয় ৷ এই অনুষ্ঠানত ইতিমধ্যে মহাবিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক আৰু কৰ্মচাৰীসকলক আমন্ত্ৰণ কৰি অনা হয় আৰু তেওঁলোকে মহাবিদ্যালয়খনৰ স্মৃতি ৰমন্থ কৰি বক্তব্য ৰাখে ৷ উল্লেখ্য যে বিগত ১৯৬৪ চনৰ ৮ জুলাইৰ দিনটোতে বঙাইগাঁও মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ৷ ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীনেশ দাসে কয় যে আমাৰ লগতে বঙাইগাঁওবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ দিন যে ১৯৬৪ চনৰ ৮ জুলাইৰ এই দিনটোতে ঐতিহাসিক বঙাইগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল ৷

বঙাইগাঁও মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসটো অনুষ্ঠুপীয়াভাৱে উদযাপন কৰিছো ৷ কাৰণ এটা বছৰ পিচতে আমি এই মহাবিদ্যালয়খনৰ হীৰক জয়ন্তীৰ শুভাৰম্ভ কৰিম ৷ ২০২৩ বৰ্ষৰ ৮ জুলাইৰ পৰা ২০২৪ বৰ্ষৰ ৮ জুলাইলৈকে আমি হীৰক জয়ন্তী পালন কৰাৰ বাবে মনসা কৰি আছো ৷

গতিকে সকলো ৰাইজৰে যাতে আশা – আকংক্ষা পূৰণ হয় তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ, অধ্যাপক আৰু ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd