ইলোৰা বিজ্ঞান মঞ্চ, দৰং জিলা সমিতিৰ উদ্যোগত আৰু মংগলদৈ টাউন হাইস্কুলৰ সহযোগত আজি মঙলদৈত ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।
প্ৰতিকূল বতৰকো নেওচি উপস্থিত থকা শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক ,বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগিতাৰে সকলো কাৰ্য্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয় ।
ইলোৰা বিজ্ঞান মঞ্চৰ পতাকা উত্তোলন কৰে শাখাৰ কাৰ্য্যকৰী সভানেত্ৰী ৰিণু বৰদলৈয়ে , ইলোৰা ৰায়চৌধুৰীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ পাচত মঞ্চৰ গীতটিৰে সভাৰ আৰম্ভণি কৰা হয় ।
সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি ড:খলিলুৰ ৰহমানে । উদ্বোধনী ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী নয়না কৰ্মকাৰে । সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শাখাৰ সম্পাদক ৰুমা অধিকাৰীয়ে ।
সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায় স্বাস্থ্য বিষয়া ডা: ৰমেশ গোস্বামী আৰু জ্যেষ্ঠ চিকিৎসক তথা সমাজকৰ্মী ডা: কমলেশ্বৰ নাথে ।
ইয়াৰ পাচত দৰং জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা:হৰপল সিং সুৰীয়ে সমজুৱাক উদ্দেশ্যি অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰাই এখন সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায় ।
” মানুহে মানুহৰ বাবে ” গীতটি পৰিবেশন কৰি সকলোকে আপ্লুত কৰে শিক্ষয়িত্ৰী মালা ডেকা আৰু সহযোগীসকলে।
শলাগৰ শৰাই আগবঢ়ায় শাখাৰ উপ সভানেত্ৰী আয়েচা বিলকিচে। সভাপতিৰ বক্তব্য আৰু মন্তব্যৰ পাচত সভা সফল ভাৱে সামৰণি পৰে ।