• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব : চাৰিটা বাওঁপন্থী দলৰ অভিমত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 21, 2024 6:53 pm
163
VIEWS
Share on FacebookShare on Twitter

অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ’ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ’ব। চাৰিটা বাওঁপন্থী দলৰ ৰাজ্যিক নেতৃত্বই অসমত কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ভোট আৰু আসন সংখ্যা কিছু হ্ৰাস পাইছে যদিও তেওঁলোকে তৃতীয় বাৰৰ বাবে দেশৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ পাছৰে পৰা নিজৰ জনসমৰ্থন ঘূৰাই আনিবলৈ বিজেপিয়ে অসমত তীব্ৰ সাম্প্ৰদায়িক প্ৰচাৰত লিপ্ত হোৱাও দেখিবলৈ পোৱা গৈছে।

এনে পৰিস্থিতিত বিজেপিক সম্পূৰ্ণ জনবিচ্ছিন্ন কৰিবলৈ ৰাজনৈতিক প্ৰচেষ্টা অব্যাহত ৰখা আৰু প্ৰতিটো নিৰ্বাচনতে বিজেপি জোঁটক পৰাস্ত কৰিবলৈ ঐক্যবদ্ধ প্ৰয়াস চলোৱাটো অতীৱ প্ৰয়োজন।

কিন্তু দুৰ্ভাগ্যজনক কথা যে এই বাস্তৱ পৰিস্থিতিক আওকাণ কৰি কংগ্ৰেছ দলে আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনত অকলেই পাঁচোখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যো-জা চলাইছে। কিন্তু মনত ৰখা দৰকাৰ যে সামগ্ৰিকভাৱে দেশত বিজেপিৰ বিৰুদ্ধে যিখিনি নতুন সাফল্য লাভ কৰা গৈছে সেয়া মূলতঃ ‘ইণ্ডিয়া’ মৰ্চাৰ নামত ধৰ্মনিৰপেক্ষ বিৰোধী দলসমূহৰ যি ঐক্য গঢ়ি উঠিছে তাৰ প্ৰতি সঁহাৰিৰহে প্ৰতিফলন। অসমত এই ঐক্য সঠিকভাৱে গঢ়ি নুঠা বাবেই বিজেপি মিত্ৰজোঁটৈ ৰাজ্যখনৰ মুঠ ১৪খন লোকসভা আসনৰ ১১খনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

অথচ অসমতো জনসাধাৰণৰ মাজত বিজেপি বিৰোধিতা যথেষ্ট তীব্ৰ আছিল। এনে প্ৰেক্ষাপটত মূলতঃ কংগ্ৰেছ দলৰ ভুল পদক্ষেপৰ বাবেই বিৰোধী দলবোৰৰ মাজত সম্ভাৱ্য ব্যাপক ঐক্য গঢ়ি নুঠিল।

ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি উপ-নিৰ্বাচনতো  সামগ্ৰিক ঐক্য গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত। অন্যথা লোকসভা নিৰ্বাচনৰ পাছতো বিজেপি দলৰ বিৰুদ্ধে জনক্ষোভ অব্যাহত থকা সত্ত্বেও বিজেপি-বিৰোধী ভোট বিভাজনৰ ফলত উপ-নিৰ্বাচনত শাসক দলটোৱেই উপকৃত হোৱাৰ সম্ভাৱনা থাকিব।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিৰোধী দলৰ যৌথমঞ্চ ‘মহাজোঁট’ৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে চিপিআই(এম-এল)-এ বিহালী আসনখন প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেয়েহে এইবাৰো এইখন আসনত নিৰ্বাচনী যুঁজ আগবঢ়োৱাৰ বাবে চিপিআই(এম-এল)-এ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতি চাৰিটা বাওঁপন্থী দল–চিপিআই(এম), চিপিআই, চিপিআই(এম-এল) আৰু ফৰৱাৰ্ড ব্লকে পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে।কংগ্ৰেছকে ধৰি সমূহ বিৰোধী দলক বিহালী আসনখনত চিপিআই(এম-এল) প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন জনাবলৈ বাঁও দলসমূহে আহ্বান জনাইছে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd