• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব : চাৰিটা বাওঁপন্থী দলৰ অভিমত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 21, 2024 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ’ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ’ব। চাৰিটা বাওঁপন্থী দলৰ ৰাজ্যিক নেতৃত্বই অসমত কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ভোট আৰু আসন সংখ্যা কিছু হ্ৰাস পাইছে যদিও তেওঁলোকে তৃতীয় বাৰৰ বাবে দেশৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে। নিৰ্বাচনৰ পাছৰে পৰা নিজৰ জনসমৰ্থন ঘূৰাই আনিবলৈ বিজেপিয়ে অসমত তীব্ৰ সাম্প্ৰদায়িক প্ৰচাৰত লিপ্ত হোৱাও দেখিবলৈ পোৱা গৈছে।

এনে পৰিস্থিতিত বিজেপিক সম্পূৰ্ণ জনবিচ্ছিন্ন কৰিবলৈ ৰাজনৈতিক প্ৰচেষ্টা অব্যাহত ৰখা আৰু প্ৰতিটো নিৰ্বাচনতে বিজেপি জোঁটক পৰাস্ত কৰিবলৈ ঐক্যবদ্ধ প্ৰয়াস চলোৱাটো অতীৱ প্ৰয়োজন।

Apply Now

কিন্তু দুৰ্ভাগ্যজনক কথা যে এই বাস্তৱ পৰিস্থিতিক আওকাণ কৰি কংগ্ৰেছ দলে আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনত অকলেই পাঁচোখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যো-জা চলাইছে। কিন্তু মনত ৰখা দৰকাৰ যে সামগ্ৰিকভাৱে দেশত বিজেপিৰ বিৰুদ্ধে যিখিনি নতুন সাফল্য লাভ কৰা গৈছে সেয়া মূলতঃ ‘ইণ্ডিয়া’ মৰ্চাৰ নামত ধৰ্মনিৰপেক্ষ বিৰোধী দলসমূহৰ যি ঐক্য গঢ়ি উঠিছে তাৰ প্ৰতি সঁহাৰিৰহে প্ৰতিফলন। অসমত এই ঐক্য সঠিকভাৱে গঢ়ি নুঠা বাবেই বিজেপি মিত্ৰজোঁটৈ ৰাজ্যখনৰ মুঠ ১৪খন লোকসভা আসনৰ ১১খনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

অথচ অসমতো জনসাধাৰণৰ মাজত বিজেপি বিৰোধিতা যথেষ্ট তীব্ৰ আছিল। এনে প্ৰেক্ষাপটত মূলতঃ কংগ্ৰেছ দলৰ ভুল পদক্ষেপৰ বাবেই বিৰোধী দলবোৰৰ মাজত সম্ভাৱ্য ব্যাপক ঐক্য গঢ়ি নুঠিল।

ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি উপ-নিৰ্বাচনতো  সামগ্ৰিক ঐক্য গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত। অন্যথা লোকসভা নিৰ্বাচনৰ পাছতো বিজেপি দলৰ বিৰুদ্ধে জনক্ষোভ অব্যাহত থকা সত্ত্বেও বিজেপি-বিৰোধী ভোট বিভাজনৰ ফলত উপ-নিৰ্বাচনত শাসক দলটোৱেই উপকৃত হোৱাৰ সম্ভাৱনা থাকিব।

২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিৰোধী দলৰ যৌথমঞ্চ ‘মহাজোঁট’ৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে চিপিআই(এম-এল)-এ বিহালী আসনখন প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেয়েহে এইবাৰো এইখন আসনত নিৰ্বাচনী যুঁজ আগবঢ়োৱাৰ বাবে চিপিআই(এম-এল)-এ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতি চাৰিটা বাওঁপন্থী দল–চিপিআই(এম), চিপিআই, চিপিআই(এম-এল) আৰু ফৰৱাৰ্ড ব্লকে পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে।কংগ্ৰেছকে ধৰি সমূহ বিৰোধী দলক বিহালী আসনখনত চিপিআই(এম-এল) প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন জনাবলৈ বাঁও দলসমূহে আহ্বান জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

গৃহ-গাড়ীৰ ঋণত বোজা বাঢ়িল! ৰেপো ৰেট বৃদ্ধিৰ লগে লগে কেইবাটাও বেংকে বৃদ্ধি কৰিলে সুতৰ হাৰ

October 9, 2026 8:26 am
নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

নিৰ্বাচন আয়োগক লৈ তীব্ৰতৰ বিৰোধীৰ প্ৰতিবাদ! জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আজি ৰাষ্ট্ৰপতি ভৱনলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সমদল

October 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

দিল্লীত সাংবাদিক নিৰ্যাতনৰ অভিযোগক লৈ সৰৱ মানৱ অধিকাৰ আয়োগ! আৰক্ষী আয়ুক্তলৈ জাননী

October 9, 2026 9:43 am
জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

জেলৰ পৰা দুই বন্দীক নিজৰ ঘৰত কাম কৰিবলৈ নি নিজেই জেলত বন্দী হ’ল জেইলাৰ

October 9, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd