• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্মচাৰীক শোষণৰ অপৰাধত ব্ৰিটেইনৰ অন্যতম ধনী হিন্দুজা পৰিয়ালৰ চাৰিজন সদস্যক কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 12:27 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰিটেইনৰ আটাইতকৈ ধনী ভাৰতীয় মূলৰ হিন্দুজা পৰিয়ালক ছুইজাৰলেণ্ডৰ আদালতে কৰ্মচাৰীক শোষণৰ অপৰাধত দোষী সাব্যস্ত কৰিছে। একেটা পৰিয়ালৰ চাৰিজন সদস্যক ৪ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

শুকুৰবাৰে চুইজাৰলেণ্ডৰ এখন আদালতে ব্ৰিটেইনৰ অন্যতম ধনী হিন্দুজা পৰিয়ালৰ চাৰিজন সদস্যক বিভিন্ন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। জেনেভাত অৱস্থিত তেওঁলোকৰ এটা ঘৰত ভাৰতীয় দাসী আৰু ঘৰুৱা শ্ৰমিকক শোষণ, মানসিক নিৰ্যাতন তথা নিপীড়নৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

ৰায় ঘোষণা কৰাৰ সময়ত হিন্দুজা পৰিয়ালৰ কোনো লোক আদালতত উপস্থিত নাছিল। ইয়াৰে এটা গোচৰত অভিযুক্তক মানৱ সৰবৰাহৰ অভিযোগৰ পৰা মুক্ত কৰা হৈছে। হিন্দুজা পৰিয়ালৰ বিৰুদ্ধে অভিযোগ যে তেওঁলোকে ভাৰতৰ পৰা ছুইজাৰলেণ্ডলৈ শ্ৰমিক অনাৰ পিছত পাছপ’ৰ্ট নিজৰ জিম্মাত ৰাখি দিয়ে।

Apply Now

অধিবক্তাসকলে দাবী কৰে যে হিন্দুজা পৰিয়ালৰ সদস্যসকলে ঘৰুৱা শ্ৰমিকসকলক সামান্য দৰমহা দিছিল। অনুমতি অবিহনে ঘৰৰ পৰা ওলাই যাবলৈ দিয়া নাছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে হিন্দুজা পৰিয়ালে। সূত্ৰ অনুসৰি অভিযোগকাৰী কৰ্মচাৰী তিনিজনৰ সৈতে হিন্দুজা পৰিয়ালে গোপন বন্দোবস্তত উপনীত হৈছিল। কিন্তু অভিযোগৰ গুৰুত্ব বিবেচনা কৰি অধিবক্তাই গোচৰটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়।

লগতে পঢ়কঃ আজিৰে পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা; দৰ্শনাৰ্থীৰ বাবে কি নীতি-নিৰ্দেশনা প্ৰশাসনৰ?

অভিযোগকাৰীৰ অধিবক্তাই প্ৰকাশ (৭৮) আৰু কমল হিন্দুজা (৭৫)ক সাড়ে পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি দিবলৈ আদালতত আবেদন জনায়। গোচৰ আৰম্ভ হোৱাৰ পিছৰে পৰা স্বাস্থ্যজনিত কাৰণত প্ৰকাশ আৰু কমল হিন্দুজা কেতিয়াও আদালতত হাজিৰ হোৱা নাই। অধিবক্তাই আদালতত অভিযোগ কৰে যে কৰ্মচাৰীসকলক মাহে ২৫০ৰ পৰা ৪৫০ ডলাৰৰ ভিতৰত দৰমহা দিয়া হৈছিল। এইটো চুইজাৰলেণ্ডৰ শ্ৰম আইনৰ আয়তকৈ কম।

প্ৰত্যুত্তৰত হিন্দুজা পৰিয়ালৰ অধিবক্তাই অভিযোগ কৰা কৰ্মচাৰী তিনিজনে পৰ্যাপ্ত সুবিধা লাভ কৰা বুলি কয়। তেওঁলোকক পৃথক কৰি ৰখা হোৱা নাই। ঘৰৰ পৰা ওলাই অহাত কোনো বাধা নাছিল। কৰ্মচাৰীসকলে ভালদৰে জীৱন নিৰ্বাহক সুযোগ দিয়াৰ বাবে হিন্দুজা পৰিয়ালটোক যথেষ্ট কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

দোষী সাব্যস্ত হোৱা অজয় ​​হিন্দুজাৰ অধিবক্তাই কাৰাদণ্ডক লঘু দোষত গুৰু শাস্তি বুলি অভিহিত কৰে। সামাজিক ন্যায় নহয়, ন্যায় বিচাৰৰ কথা মনত ৰাখি গোচৰ পৰিচালিত হোৱা প্ৰয়োজন। আন এজন অপৰাধী অজয়ৰ পত্নী নম্ৰতা হিন্দুজাৰ অধিবক্তাইও ক্লায়েণ্টৰ মুক্তিৰ দাবী জনায়।

বিশ্বৰ ৩৮খন দেশত তেল, গেছ, বেংকিং আৰু স্বাস্থ্য খণ্ডত হিন্দুজা পৰিয়ালৰ ব্যৱসায় আছে। পৰিয়ালটোৰ মুঠ ধন-সম্পত্তি প্ৰায় ৪ হাজাৰ ৭০০ কোটি ডলাৰ। সমগ্ৰ বিশ্বতে বিষয়া-কৰ্মচাৰীৰ সংখ্যা প্ৰায় দুই লাখ।

লগতে পঢ়কঃ Euro 2024: আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন

আদালতৰ শুনানিৰ সময়ত অভিযোগকাৰীসকলৰ অধিবক্তাই কয় যে হিন্দুজা পৰিয়ালে পৰিচাৰকৰ দৰমহাতকৈ পোহনীয়া কুকুৰৰ বাবে অধিক খৰচ কৰে। ব্ৰিটেইনৰ আটাইতকৈ ধনী পৰিয়ালটোৱে পৰিচালকৰ দৰমহাতকৈ বেছি খৰচ কৰে তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ বাবে। চুইজাৰলেণ্ডৰ আদালতত ঘৰুৱা শ্ৰমিকৰ সৰবৰাহ আৰু শোষণৰ সৈতে জড়িত এটা গোচৰত চৰকাৰী অধিবক্তাই এই তথ্য প্ৰকাশ কৰিছিল।

অধিবক্তা ইভ বাৰ্টছাই কয় যে হিন্দুজাই পৰিচাৰকতকৈ পোহনীয়া কুকুৰৰ বাবে অধিক খৰচ কৰে। তেওঁ আদালতত দাবী কৰে যে এগৰাকী মহিলা পৰিচাৰিকাক মাত্ৰ ৬৫৬.৭০ টকা (৭ ছুইছ ফ্ৰাংক)হে দিয়া হৈছিল। মহিলাগৰাকীয়ে সপ্তাহৰ সাত দিন ১৮ ঘণ্টাকৈ কাম কৰিব লগা হয়। অধিবক্তাগৰাকীয়ে আৰু দাবী কৰে যে কৰ্মচাৰীজনৰ চুক্তিত কৰ্মৰ সময় আৰু বন্ধৰ দিন লিখা নাই। প্ৰয়োজন হ’লেও কাম নাথাকিলেহে ছুটী পায়। পাছপ’ৰ্ট পৰিয়ালৰ জিম্মাত ৰাখি দিলে তেওঁলোকৰ কাম এৰি যোৱাৰ কোনো উপায় নাথাকে।

এই কাৰণতে আৱেদনকাৰীৰ অধিবক্তাই অজয় ​​হিন্দুজা আৰু তেওঁৰ পত্নী নম্ৰতাৰ কাৰাদণ্ডৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ উপৰিও আদালতৰ ব্যয় জৰিমনা হিচাপে ১০ লাখ চুইছ ফ্ৰাংক আৰু কৰ্মচাৰীজনক ক্ষতিপূৰণ হিচাপে ৩.৫ কোটি চুইছ ফ্ৰাংক দিয়াৰ আবেদন জনোৱা হৈছিল আদালতত।

লগতে পঢ়কঃ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে NTA-ই স্থগিত ৰাখিলে CSIR-UGC NET পৰীক্ষা

অভিযোগ সন্দৰ্ভত হিন্দুজা পৰিয়ালৰ অধিবক্তাই কয় যে পৰিচাৰকসকলক সন্মানেৰে ব্যৱহাৰ কৰা হৈছে। দৰমহা সম্পৰ্কে তেওঁলোকৰ বক্তব্য, তেনেকৈ হিচাপ কৰা উচিত নহয়। কাৰণ সকলো পৰিচাৰকে বৰ্ডিং আৰু লজিং বা থকা-খোৱাৰ খৰচ লৈ জীৱন নিৰ্বাহ কৰে। ফলত মুঠ খৰচ বহু বেছি। ১৮ ঘণ্টাৰ কামৰ সম্পৰ্কত হিন্দুজাৰ অধিবক্তাই কয়, যেতিয়া তেওঁ ঘৰত ল’ৰা-ছোৱালীৰ সৈতে টিভি চায়, তেতিয়া ইয়াক কাম বুলি ক’ব পাৰিনে! মই ভাবো নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd