• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Euro 2024: আগবাঢ়িও পৰাস্ত শ্লোভাকিয়া, দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে ২-১ গ’লত জয়ী যুদ্ধবিধ্বস্ত ইউক্ৰেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2024 10:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোত গ্ৰুপ ‘ই’ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে। প্ৰথমখন মেচত বেলজিয়ামক পৰাস্ত কৰি চমক দিছিল শ্লোভাকিয়াই। কিন্তু শুকুৰবাৰে তেওঁলোকে প্ৰথমে গ’ল কৰি আগবাঢ়ি যোৱাৰ পিছতো ইউক্ৰেইনৰ হাতত পৰাস্ত হয়।

ইপিনে, প্ৰথমখন খেলত ৰোমানিয়াৰ হাতত পৰাস্ত হয় ইউক্ৰেইন। সেই আঘাত চম্ভালি প্ৰত্যাৱৰ্তনেৰে যুঁজলৈ উভতি আহিল যুদ্ধবিধ্বস্ত দেশখন। ০-১ গ’লত পিছ পৰি থকাৰ পাছতো ইউক্ৰেইনে ২-১ গ’লত জয়ী হৈ সন্তুষ্টিৰে খেলপথাৰ এৰিলে।

জাৰ্মানীৰ ডাচেলডৰ্ফ ষ্টেডিয়ামত ফেভাৰিট হিচাপে খেলপথাৰত প্ৰৱেশ কৰে শ্লোভাকিয়াই। আৰু ইউক্ৰেইনক পৰাস্ত কৰিলেই শেষৰ ষোল্লটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিলেহেঁতেন। কিন্তু ভৱা কথা নহ’ল সিদ্ধি। আনহাতে, ইউক্ৰেইনৰ বাবে এই মেচখন আছিল বৰ্তি থকাৰ যুঁজ। এই মেচখনত পৰাজয়ে তেওঁলোকক ইউৰোৰ পৰা কাৰ্যতঃ বাহিৰ কৰি দিলেহেঁতেন।

Apply Now

লগতে পঢ়কঃ ICC T-20 World Cup: ব্ৰুকৰ বিধ্বংসী ইনিংছো কামত নাহিল; ইংলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলৰ দিশে দক্ষিণ আফ্ৰিকা

সেই চাপত ইউক্ৰেইনে খেলিবলৈ আৰম্ভ কৰে। আৰম্ভণিতে তেওঁলোকে যথেষ্ট ছন্দহীন ফুটবল খেলিছিল। বৰঞ্চ শ্লোভাকিয়া আক্ৰমণাত্মক মেজাজত আছিল। তেওঁলোকৰ আক্ৰমণত ইউক্ৰেইন তিষ্ঠিৱই পৰা নাছিল। খেলখনৰ ১০ মিনিটৰ ভিতৰতে শ্লোভাকিয়াই দুবাৰকৈ আগবাঢ়ি যোৱাৰ সুযোগ পাইছিল। কিন্তু সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি পিছত মেচখনত পৰাস্ত হৈ তাৰ মূল্য ভৰিবলগীয়া হ’ল।

শ্লোভাকিয়াই অৱশ্যে আক্ৰমণৰ পৰা আঁতৰি নাহিল। যাৰ সুফল তেওঁলোকে খেলৰ ১৭ মিনিটত পায়। ইভান সাৰঞ্জে শ্লোভাকিয়াক আগুৱাই লৈ যায়। অৱশ্যে গ’ল দিয়াৰ পাছত ইউক্ৰেইন উজ্জীৱিত হৈ পৰে। শ্লোভাকিয়াৰ প্ৰতিৰক্ষাত কেইবাবাৰো আক্ৰমণো চলায়। কিন্তু গ’ল পোৱা নগ’ল। ইউক্ৰেইনৰ এবাৰ পোষ্টতো বল লাগে। অৱশ্যে প্ৰথমাৰ্ধত গ’ল কৰিব নোৱাৰিলে। পিছপৰি থাকিয়েই বিৰতিত যায়।

বিৰতিৰ পিছত ইউক্ৰেইনে ‘হয় ইপাৰ, নহয় সিপাৰ’ ভংগীত খেলিবলৈ আৰম্ভ কৰিলে। গ’লৰ বাবে হাহাকাৰ কৰি জপিয়াই পৰে। শ্লোভাকিয়াৰ ওপৰত আক্ৰমণাত্মক চলাই থাকিল। খেলখনৰ ৫৪ মিনিটত তেওঁলোকে অক্সিজেন লাভ কৰে। প্ৰত্যাক্ৰমণত মাইকোলা শ্বাপাৰেংকোৱে সমতা স্থাপন কৰে। ইউক্ৰেইনৰ ১-১ গ’লত ড্র হোৱাৰ পাছত দুয়োটা দলৰ মাজত খেলখন অধিক আকৰ্ষণীয় হৈ পৰে।

লগতে পঢ়কঃ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ মাজতে NTA-ই স্থগিত ৰাখিলে CSIR-UGC NET পৰীক্ষা

দুয়োটা দলে ব্যৱধান বৃদ্ধি কৰিবলৈ আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰিলে। অৱশ্যে ইউক্ৰেইনে ৮০ মিনিটত শ্লোভাকিয়াৰ বিৰুদ্ধে ব্যৱধান ২-১ কৰে। ছুপাৰ চাব ৰোমান ইয়াৰেমচুকৰ চকু কপালত তোলা গ’লে শ্লোভাকিয়াৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ সপোন ভাঙি পেলায়। শ্বাপাৰেংকোৰ ক্ৰছৰ পৰা ইয়াৰেমচুকে নিখুঁতভাৱে বল নিয়ন্ত্ৰণ কৰি নেটত প্ৰৱেশ কৰোৱায়। শেষত চেষ্টা কৰাৰ পিছতো শ্লোভাকিয়াই মেচলৈ ঘূৰি আহিব নোৱাৰিলে। ২-১ গ’লত পৰাস্ত হৈ খেলপথাৰ এৰিব লগা হয়৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd