• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

ইতিমধ্যে এই ঘটনাক মানৱ অধিকাৰ সংগঠনসমূহে সমালোচনা কৰিছে। বাংলাদেশৰ সংখ্যালঘু লোকৰ মাজত তীব্ৰ আতংক বিয়পি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2026 12:31 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশত সংঘটিত হৈছে আন এক হিন্দু পৰিয়ালৰ হত্যাকাণ্ড। জানিব পৰা মতে ৰংপুৰত এজন শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক নৃশংসভাৱে হত্যা কৰিছে কেইজনমান দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডই যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, অনুমান কৰা হৈছে যে এই হত্যাকাণ্ড দুদিন পূৰ্বে সংঘটিত হৈছিল। স্থানীয় ৰাইজে তলাবন্ধ ঘৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছতে গম পায়। ইতিমধ্যে এই ঘটনাক মানৱ অধিকাৰ সংগঠনসমূহে সমালোচনা কৰিছে। বাংলাদেশৰ সংখ্যালঘু লোকৰ মাজত তীব্ৰ আতংক বিয়পি পৰিছে।

Apply Now

খবৰ অনুসৰি শনিবাৰে বাংলাদেশৰ ৰংপুৰ চহৰৰ কামাল কাচনা মাচুয়াপাৰা গাঁৱৰ তিনিমহলীয়া অট্টালিকাৰ পৰা আৰক্ষীয়ে এজন অৱসৰপ্ৰাপ্ত শিক্ষককে ধৰি পৰিয়ালটোৰ চাৰিজন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰে। তলাবন্ধ ঘৰটোত ৬৫ বছৰীয়া অৱসৰপ্ৰাপ্ত বিদ্যালয় শিক্ষক গণপতি চক্ৰৱৰ্তী, পত্নী প্ৰীতিলতা চক্ৰৱৰ্তী, কন্যা আগামী চক্ৰৱৰ্তী আৰু পুত্ৰ আয়ুষ চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ হয়।

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এদল দুষ্কৃতিকাৰীয়ে ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে পৰিয়ালৰ লোককেইজনক হত্যা কৰে। কেৱল সেয়াই নহয়, হত্যাকাণ্ডৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পত্নী আৰু কন্যাক ধৰ্ষণো কৰা হৈছিল।

ৰংপুৰ চি আই ডিৰ আৰক্ষী পৰিদৰ্শক আবু হাছান কবীৰে কয় যে, “গোটেই অট্টালিকাটোত দুৰ্গন্ধ বিয়পি পৰিছিল। কোনোবাই তেওঁলোকক হত্যা কৰিছে। সমগ্ৰ পৰিয়ালটো তিনিমহলীয়া অট্টালিকাটোৰ দ্বিতীয় মহলাত বাস কৰিছিল।”

কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত অ’ চি এ কে এম নাজমুল কোৱাডাৰে জানিবলৈ দিয়া মতে, এই হত্যাকাণ্ড দুই-তিনি দিন পূৰ্বে সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু এটা বিশেষ দল গঠন কৰা হৈছে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই নৃশংস হত্যাকাণ্ডৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।

উল্লেখ্য যে বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ, সম্পত্তি দখল, মন্দিৰ ধ্বংস আদি কেইবাটাও ঘটনা পোহৰলৈ আহিছে। আনকি জীৱন্তে জ্বলাই হত্যা কৰাৰ ঘটনাও সংঘটিত হৈছে।

এনে পৰিপ্ৰেক্ষিতত হিন্দু শিক্ষকৰ পৰিয়ালৰ চাৰিজন সদস্যক একেলগে হত্যা কৰা ঘটনাই পুনৰ বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিভিন্ন মানৱ অধিকাৰ সংগঠনে এই হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শাস্তি প্ৰদানৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদো আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd