DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা ৪জন কাশ্মিৰী যুৱকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 4, 2020 10:41 am
kashmirir youth arrested suspecting for terror attack
177
VIEWS
Share on FacebookShare on Twitter

দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ পৰা ৪জন কাশ্মিৰী যুৱকক ৰাজধানীখনত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

এটা বিবৃতিত আৰক্ষীয়ে জানিবলৈ দিয়ে যে চেন্ট্ৰেল দিল্লীৰ আইটিঅ’ অঞ্চলৰ পৰা চাৰিটা অত্যাধুনিক পিষ্টল আৰু ১২০ ৰাউণ্ড গুলিৰে সৈতে ৪জন কাশ্মিৰী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেইজনৰ ভিতৰত আলতাফ আহমেদ ডৰ (২৫) পুলুৱামাৰ বাসিন্দা।

বাকী তিনিজন মোস্তাক আহমেদ গণি(২৭), ইছফাক মজিদ কোকা(২২) আৰু আকিব ছাফি(২২) ছোপিয়ানৰ বাসিন্দা।

আৰক্ষীৰ মতে, ইছফাক মজিদ কোকা সন্ত্ৰাসবাদী বুৰহান কোকাৰ জ্যেষ্ঠ ভাতৃ।

বুৰহান কোকা জম্মু-কাশ্মীৰত অল কায়দা সন্ত্ৰাসবাদী সংগঠনৰ শাখা আনছাৰ গজৱাট উল হিন্দৰ প্ৰাক্তন মুৰব্বী। যোৱা এপ্ৰিলত সেনাৰ হাতত বুৰহান নিহত হৈছিল।

শুকুৰবাৰে আৰক্ষীয়ে জানিব পাৰে যে চৰমপন্থী কাশ্মিৰী যুৱকৰ এটা দল অস্ত্ৰ তথা গুলি-বাৰুদ সংগ্ৰহ কৰিছে আৰু তেওঁলোক আইটিঅ’ আৰু দৰিয়াগঞ্জলৈ আহিব। ইয়াৰ পাছতে আৰক্ষী সষ্টম হৈ পৰে।

বিশেষ শাখাৰ আৰক্ষী আয়ুক্ত প্ৰমোদ সিং কুছবাহে জানিবলৈ দিয়ে যে নিৰ্দিষ্ট খৱৰৰ ভিত্তিতে তেওঁলোকক কৰায়ত্ত কৰিবলৈ পতা জালত পৰে যুৱককেইজন আৰু আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱক চাৰিজনে তেওঁলোকৰ মুখ্য কমাণ্ডাৰৰ নিৰ্দেশত যোৱা ২৭ ছেপ্টেম্বৰত দিল্লীলৈ আহি পাহাৰগঞ্জ অঞ্চলত ঘাটি পাতি তাৰপৰাই অস্ত্ৰ তথা গুলি-বাৰুদ সংগ্ৰহ কৰিছিল।

আৰক্ষীয়ে সন্দেহ কৰে যে যুৱককেইজনে ৰাজধানী চহৰখনত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd