তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ এটা পুখুৰীৰ পৰা মুমূৰ্ষু অৱস্থাত স্থানীয় লোকৰ তৎপৰাত চাৰিটিকৈ কিশোৰ-কিশোৰীক দেওবাৰে সন্ধিয়া উদ্ধাৰ কৰা হয়।
কি কাৰণত কেনেকৈ কিশোৰ-কিশোৰী কেইগৰাকী পুখুৰীৰ পানীত জাপ দিছিল এই কথা জানিব পৰা হোৱা নাই।
কিশোৰ-কিশোৰী কেইগৰাকী নাম ক্ৰমে চপ্না মুঢ়া,(৯) মুস্কান মুৰা(১০),ৰহিমলা মুৰা(১২), প্ৰফুল্ল মুৰা(১২)।
আটাই কেইগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত পাৱতীপুৰ গাঁৱত।
কিশোৰ-কিশোৰী কেইগৰাকীক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰা হৈছে।
এই সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।