• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজগীৰৰ জৈন ধৰ্মশালাত উদ্ধাৰ চাৰিজন পৰ্যটকৰ মৃতদেহ; ৰহস্য উদ্ঘাটনৰ বাবে তদন্তত নামিছে আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2026 7:59 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজগীৰৰ জৈন ধৰ্মশালাৰ এটা কোঠাৰ পৰা উদ্ধাৰ হৈছে চাৰিজন পৰ্যটকৰ মৃতদেহ। মৃতসকলৰ ভিতৰত দুগৰাকী মহিলা। শুকুৰবাৰে আৰক্ষীয়ে কোঠাটোৰ তলা ভাঙি মৃতদেহকেইটা উদ্ধাৰ কৰে।

ধৰ্মশালাটোৰ পঞ্জীয়ন তথ্য অনুসৰি ৩১ জানুৱাৰীত চাৰিওজনেই তালৈ আহিছিল। এজনে নিজকে বেংগালুৰুৰ বাসিন্দা বুলি পৰিচয় দি আধাৰ কাৰ্ড জমা দিছিল। বাকীবোৰে দিয়া নাছিল।

Apply Now

চাৰিওজনৰ একেলগে মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই মৃত্যুৰ কাৰণ জানিবলৈ বিহাৰৰ নালন্দা জিলাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে ৰাজগীৰৰ দিগম্বৰ জৈন ধৰ্মশালাৰ এটা কোঠাৰ পৰা উদ্ধাৰ হয় চাৰিজন পৰ্যটকৰ মৃতদেহ। কোঠাটো ভিতৰৰ পৰা তলা মাৰি থোৱা আছিল। কোঠাটোৰ পৰা দুৰ্গন্ধ ওলাই আহিছিল।

ধৰ্মশালাখনৰ মেনেজাৰ মুকেশ জৈনে দুৰ্গন্ধ ধৰা পৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ধৰ্মশালাত উপস্থিত হৈ দুৱাৰ ভাঙি চাৰিজন লোকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে।

ধৰ্মশালাটোৰ মেনেজাৰে ৩১ জানুৱাৰীত চাৰিজন লোক তালৈ আহিছিল বুলি জনায়। তেওঁলোকে নেপাল ভ্ৰমণ কৰি ৰাজগীৰলৈ অহা বুলি কৈছিল। তাৰ পৰা চাৰিওজন পাৱাপুৰীলৈ যোৱাৰ কথা আছিল। তেওঁ আৰক্ষীক জনায় যে তেওঁলোকৰ এজনে আধাৰ কাৰ্ড জমা দিছে। বাকী কোনোৱেই পৰিচয় পত্ৰ জমা দিয়া নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি স্থানীয় ৰাইজে কমেও দুদিন পূৰ্বে এই চাৰিজন লোকক স্থানীয় বজাৰত ঘূৰি ফুৰা দেখিছিল। সেই কোঠাৰ পৰা উদ্ধাৰ হৈছে তেওঁলোকৰ মোবাইল ফোন। আৰক্ষীয়েও প্ৰাথমিকভাৱে জানিব পাৰিছে যে এই ফোন নম্বৰ বাংগালুৰুৰ।

ৰাজগীৰ অঞ্চলৰ আৰক্ষী বিষয়া সুনীল কুমাৰ সিঙে জনোৱা মতে, কমেও দুদিন পূৰ্বে পৰ্যটককেইজনৰ মৃত্যু হৈছিল। তেওঁ কয় যে মৰণোত্তৰ পৰীক্ষাৰ সমান্তৰালকৈ তেওঁলোকৰ মৃত্যুৰ কাৰণ জানিবলৈ ফৰেনছিক পৰীক্ষাও কৰা হৈছে। ৰাজগীৰৰ উপ-আৰক্ষী অধীক্ষকে কয় যে এই মৃত্যু আত্মহত্যা নেকি বা ইয়াৰ আঁৰত আন কিবা ৰহস্য আছে নেকি সেই বিষয়েও তদন্ত কৰি আছে।

সূত্ৰ অনুসৰি চাৰিজন লোকৰ মোবাইল কলৰ সবিশেষৰ তদন্তও অব্যাহত আছে। অৱশ্যে সেই ভ্ৰমণৰ সময়তে ইজনে সিজনৰ সৈতে পৰিচয় হোৱা বুলি আৰক্ষীয়ে জানিব পাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd