• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ আৰু কংগ্ৰেছৰ মিত্ৰতা এক অবাস্তৱ কথা : প্ৰফুল্ল কুমাৰ মহন্ত

মিণ্টু দাস by মিণ্টু দাস
December 3, 2018 7:22 am
Mahanta in Nagaon.image

বঢ়মপুৰৰ নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনলৈ মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজ গৃহ সমষ্টি বঢ়মপুৰত অগপ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্য মন্ত্ৰীজনে দেওবাৰে সমষ্টিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

সমষ্টিটোৰ বেঙেনাআটি পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি মহন্তই কয় যে অগপ আৰু কংগ্ৰেছৰ মিত্ৰতা এক অবাস্তৱ কথা। অগপ‌ই জন্মলগ্নৰে পৰা কংগ্ৰেছৰ বিৰোধিতা কৰি আহিছে।

Apply Now

ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ সমষ্টিত অগপ আৰু কংগ্ৰেছ দলে একেলগে নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি দেওবাৰে ড: হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মন্তব্যক সম্পূৰ্ণ বিৰোধিতা কৰি অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই কয় যে বৰঞ্চ কোনোবাইহে কংগ্ৰেছৰ পৰা বিজেপিলৈ আৰু বিজেপিৰ পৰা কং‌গ্ৰেছলৈ  ঢাপলি মেলিছে।

বেঙেনাআটি পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী ৰিতুৰাজ বৰা আৰু জিলা পৰিষদৰ সদস্য ৰূপজ্যোতি বৰাকে ধৰি অগপ দলৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি নাম উল্লেখ নকৰাকৈ কয় যে ৰে’ল ৰাজ্য মন্ত্ৰীজনে অসমৰ যুৱক-যুৱতীক ৰে’লৰ চাকৰিৰ বাবে অৰ্হতা নাই বুলি বুলি মন্তব্য কৰিছে। কিন্তু বিগত সময়ত অসমৰ বহু যুৱক-যুৱতী আই এছ, আই পি এছত অৰ্হতাৰে উত্তীৰ্ণ হৈছে।

মহন্তই ‘আচলতে ৰে’ল ৰাজ্যিক মন্ত্ৰীজনে চাকৰি দিব পৰা যোগ্যতাই আহৰণ কৰা নাই’ বুলি মন্তব্য কৰি প্ৰসংগক্ৰমে তেওঁ  বৰপেটাৰ এগৰাকী অসমীয়া  আই এছ বিষয়াই প্ৰধানমন্ত্ৰী মোডীৰ লগত গৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰে।

আনহাতে, অগপ এটা আঞ্চলিক ৰাজনৈতিক দল আৰু আঞ্চলিক দলেহে কেৱল অসমৰ সমস্যা সমূহ সমাধান কৰিব পাৰিব বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে বাহিৰৰ পৰা সৰ্বভাৰতীয় নেতাসকল আহি ডাঙৰ ডাঙৰ কথা কৈ উৰা জাহাজত উৰি গুচি যায়। অসমৰ সমস্যা সমস্যা হৈ থাকে। সেই কাৰণে আপোনালোকে আঞ্চলিক দল সমূহক শক্তিশালী কৰি তোলক।

তদুপৰি তেওঁ কংগ্ৰেছৰ শাসন কালত পঞ্চায়তত টকাৰ অপ-ব্যৱহাৰ আৰু আত্মসাৎ হোৱাৰ কথা উল্লেখ কৰি নগাঁৱৰ পুৰণিগুদামত এগৰাকী পঞ্চায়ত গ্ৰাম ৰোজগাৰ সেৱকে আত্মহত্যা কৰাৰ কথাও সভাখনত ভাষণ প্ৰসংগত উল্লেখ কৰে।

ইপিনে বঢ়মপুৰ বিধানসভা সমষ্টিৰ অধীনৰ চাৰিটা জিলা পৰিষদ সমষ্টি আৰু গাঁও পঞ্চায়ত সমূহত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে ব্যাপক প্ৰচাৰ অভিযান চলোৱাৰ লগতে পিছপৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থী সকলো। অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যাযৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান অন্ত পৰিবলৈ মাজত মাত্ৰ কেইঘন্টামান  বাকী থকাৰ অৱস্থাত দেওবাৰৰ দিনটোত সমষ্টিৰ বিভিন্ন স্থানত বিভিন্ন দলৰ প্ৰাৰ্থী সকলে সমদল কৰি নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলোৱা দেখা যায়।

সমষ্টিটোৰ অধীনৰ ভোটাই পাথৰি জিলা পৰিষদৰ অধীনৰ ভোটাই পাথৰি গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলে বিশাল ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰে। ইপিনে অগপ প্ৰাৰ্থী সকলক জয়ী কৰোৱাৰ উদ্দেশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজনৈতিক বতাহ উত্তাল কৰি তুলিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd