• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সংঘৰ্ষজৰ্জৰ ফ্ৰান্সৰ সংঘৰ্ষৰ মূলত ভিডিঅ’ গেম! অভিভাৱকৰ সহায় ভিক্ষা ৰাষ্ট্ৰপতি মেক্ৰনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2023 11:29 pm
France protest
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিশোৰ হত্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদে কঁপাই তুলিছে ফ্ৰান্সক। ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰা এই প্ৰতিবাদে এতিয়া উদ্বিগ্ন কৰি তুলিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক। দেশখনৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, জৰুৰীকালীন অৱস্থা ঘোষণাৰো চিন্তা-চৰ্চা চলিছে।

বিগত তিনিদিন ধৰি চলি থকা প্ৰতিবাদে কালি নিশাৰ পৰা অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদী জনতাই আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে বিদ্যালয়ৰ উপৰিও অসংখ্য দোকান আৰু বেংক ভৱনো জ্বলাই দিয়ে। এনে হিংসাত্মক কাৰ্যকলাপৰ বাবে আৰক্ষীয়ে ৯ শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে।

Apply Now

প্ৰতিবাদকাৰীৰ আক্ৰমণত আহত হৈছে প্ৰায় তিনি শতাধিক আৰক্ষী কৰ্মী। এই হিংসাত্মক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভিডিঅ’ গেমক দোষাৰোপ কৰিছে। আজি অনুষ্ঠিত হোৱা সংকটকালীন নিৰাপত্তা বৈঠকৰ সময়ত মেক্ৰনে এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অভিভাৱকসকলকো নিজৰ সন্তানক ৰাজপথৰ প্ৰতিবাদৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনাইছে। প্ৰতিবাদৰ সময়ত গ্ৰেপ্তাৰ হোৱা অধিকাংশই কম বয়সীয়া বুলি তেওঁ লগতে মন্তব্য কৰে। এই কিশোৰসকলক ঘৰত ৰখাটো অভিভাৱকৰ দায়িত্ব আৰু এই দায়িত্ব পালন সকলোৰে মানসিক শান্তিৰ বাবে গুৰুত্বপূৰ্ণ বুলি তেওঁ দোহাৰে।

তদুপৰি স্নেপচ্যাট আৰু টিকটকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অনলাইনযোগে এই সংঘৰ্ষত হাত উজান দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে মেক্ৰনে আৰু সেয়ে এই প্লেটফৰ্মসমূহৰ পৰা আঁতৰি থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

এই প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰি সংঘৰ্ষত উচটনি যোগোৱা তথা হিংসাৰ প্ৰচাৰ কৰা লোকসকলৰ পৰিচয় প্ৰকাশ কৰিবলৈ প্লেটফৰ্মসমূহৰ স্বত্বাধিকাৰী কৰ্তৃপক্ষক চৰকাৰে আহ্বান জনাব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে সদৰী কৰিছে।

উল্লেখ্য যে, নাণ্টেৰে চহৰত নাহেল নামৰ এগৰাকী ১৭ বছৰীয়া কিশোৰক হত্যা কৰাৰ ফলতে ফ্ৰান্সত সৃষ্টি হৈছে এই প্ৰতিবাদৰ। কিশোৰগৰাকীৰ মৃত্যু মূলত: আৰক্ষীৰ হিংসাত্মক আচৰণ আৰু প্ৰশাসন ব্যৱস্থাত বৰ্ণবাদৰ চৰিত্ৰ অব্যাহত থকা বুলি দীৰ্ঘদিনে উত্থাপিত অভিযোগৰ বহি:প্ৰকাশ বুলি দাবী কৰিছে প্ৰতিবাদী জনতাই।

ইফালে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে দেশখনৰ দুই শক্তিশালী নিৰাপত্তা ইউনিট, ৰেইড আৰু জিআইজিএন ইউনিটকে ধৰি ৪০ হাজাৰ বিষয়া নিয়োগ কৰা হৈছে বুলি গৃহমন্ত্ৰী জেৰাল্ড ডাৰমানিনে সদৰী কৰিছে।

কিন্তু এইদৰে ব্যাপক হাৰত নিৰাপত্তাবাহিনী নিয়োগ কৰাৰ পিছতো বন্ধ হোৱা নাই হিংসাত্মক কাৰ্যকলাপ। দেশখনৰ একাধিক অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি খবৰ প্ৰকাশিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd