• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২৪ৰ পিছত ‘২৬’, কঠোৰ সাৱধানতাৰ পিছতো NEET-ৰ প্ৰশ্নকাকত ফাদিল? তদন্তত কি ওলাল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 11:15 am
485
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET 2026 পৰীক্ষাক লৈ পুনৰ ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে! ৰাজস্থানৰ ছিকৰত পোৱা এখন ‘Guess Papers’ প্ৰকৃত পৰীক্ষাৰ প্ৰশ্নৰ সৈতে হুবহু একে বুলি কোৱা হয়। ফলত দেশৰ সৰ্ববৃহৎ মেডিকেল প্ৰৱেশ পৰীক্ষাত পুনৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকা তীব্ৰতৰ হৈ পৰিছে।

ৰাজস্থান স্পেচিয়েল অপাৰেচন গ্ৰুপে তদন্তৰ অন্তত জনোৱা মতে, ৩ মে’ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ ৭২০টা প্ৰশ্নৰ ভিতৰত প্ৰায় ৬০০টা প্ৰশ্ন কাকতৰ সৈতে মিল থকা বুলি ধৰা পৰিছে। কেৱল প্ৰশ্নই নহয়, বহু ক্ষেত্ৰত প্ৰশ্নৰ ক্ৰমো একেই!

Apply Now

তদন্তকাৰীয়ে অনুমান কৰিছে যে পৰীক্ষাৰ দুদিন আগতে এই প্ৰশ্নকাকতখন প্ৰথমে ছিকৰ অঞ্চলত বিয়পি পৰিছিল। ২০হাজাৰৰ পৰা ২ লাখ টকাত বিক্ৰি কৰিছিল ছাত্ৰ-ছাত্ৰীক। পৰীক্ষাৰ আগদিনা নিশা সেই প্ৰশ্নকাকত হেনো ৩০ হাজাৰ টকাত বিক্ৰী হৈছিল। এই প্ৰশ্নকাকতখন দ্ৰুতগতিত কোচিং নেটৱৰ্ক, বিভিন্ন কেৰিয়াৰ পৰামৰ্শদাতা আৰু অসংখ্য পৰীক্ষাৰ্থীৰ হাতত পৰে।

এছ অ’ জিৰ তদন্তত প্ৰকাশ পাইছে যে প্ৰশ্নকাকতখন প্ৰথমে শ্বেয়াৰ কৰিছিল চুৰু জিলাৰ এগৰাকী এম বি বি এছৰ ছাত্ৰই, যিগৰাকী বৰ্তমান কেৰেলাৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে। তেওঁ ১ মে’ত ছিকৰত থকা বন্ধু এজনলৈ পঠিয়াইছিল, তাৰ পিছত বিভিন্ন মাধ্যমৰ জৰিয়তে দ্ৰুতগতিত বিয়পি পৰিছিল।

তদন্তকাৰীসকলে দাবী কৰে যে প্ৰশ্নকাকতখনত ৩০০ৰো অধিক হাতেৰে লিখা প্ৰশ্ন আছিল— পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ। সেইবোৰৰ ওপৰত থকা হাতৰ আখৰবোৰো একেই বুলি জনা যায়। ইয়াৰে প্ৰায় ১৪০ টা প্ৰশ্ন হুবহু মূল NEET প্ৰশ্নকাকতত প্ৰকাশ পাইছিল। যিহেতু প্ৰতিটো প্ৰশ্ন চাৰি নম্বৰৰ, গতিকে বিশেষজ্ঞসকলৰ মতে এই সাদৃশ্যই পৰীক্ষাৰ ৰেংকিং আৰু নামভৰ্তি প্ৰক্ৰিয়াত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।

তদন্তত প্ৰকাশ পাইছে যে এনক্ৰিপ্ট কৰা মেছেজিং এপৰ ​​পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকতখন ব্যাপকভাৱে বিয়পি পৰিছিল। বহুবাৰ চ্যাটতো ‘forwarded many times’ টেগটো পোৱা গৈছিল। কিছুমান ক্ষেত্ৰত হেনো ছপা কপিও দিয়া হৈছিল।

ছিকৰৰ এজন পিজি অপাৰেটৰকো সন্দেহজনক তালিকাত ৰখা হৈছে। অভিযোগ অনুসৰি পৰীক্ষাৰ পূৰ্বে তেওঁ প্ৰশ্নকাকতখন লাভ কৰি আনলৈ প্ৰেৰণ কৰিছিল। পিছত অৱশ্যে তেওঁ আৰক্ষী আৰু এন টি এৰ ওচৰত অভিযোগ দাখিল কৰে – যিটো তদন্তকাৰীৰ মতে সন্দেহজনক।

ৰাজস্থান এছ অ’ জিৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি এন টি এয়ে জানিবলৈ দিয়ে। মূলতঃ এই নেটৱৰ্কৰ পৰিসৰ, প্ৰশ্নকাকত ফাদিলৰ উৎস ক’ত আৰু ইয়াৰ আঁৰত কোনো সংগঠিত গোট আছে নেকি সেই বিষয়ে তদন্ত চলি আছে।

উল্লেখ্য যে NEET 2024 ত প্ৰশ্নকাকত ফাদিল হোৱা, মাৰ্ক মেনিপুলেচন আৰু বিভিন্ন অনিয়মক লৈ দেশজুৰি তীব্ৰ আন্দোলন চলিছিল। আনকি উচ্চতম ন্যায়ালয়েও হস্তক্ষেপ কৰিবলগীয়া হৈছিল। এইবাৰো এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি সেই উদ্বেগ বাঢ়িছে। সামগ্ৰিকভাৱে NEET 2026 পৰীক্ষাক কেন্দ্ৰ কৰি স্বচ্ছতা আৰু নিৰাপত্তাজনিত সমস্যাক লৈ এনটিএ পুনৰবাৰ তীব্ৰ চাপত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd