• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন হিংসাৰ ফলত মণিপুৰত ৪৮ ঘণ্টাত ৪ জন লোকৰ মৃত্যু, আহত ৭ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 10:29 am
ফাইল ফটো।

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে (১৭ জানুৱাৰী) নিশাৰ পৰা সমগ্ৰ মণিপুৰত পুনৰ নতুন হিংসাত্মক ঘটনা সংঘটিত হৈছে। পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু ঘটিছে যাৰ মাজত এক পিতৃ-পুত্ৰও আছে। ইয়াৰ  লগতে আন সাতজন লোক আহত হৈছে।

বিষ্ণুপুৰ জিলাৰ নিংথৌখং খা-খুনৌ গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে অনুপ্ৰৱেশ কৰি বৃহস্পতিবাৰে (১৮ জানুৱাৰী) বিয়লি প্ৰায় ৪.৩০ বজাত তিনিজন লোকৰ ওপৰত গুলীচালনা কৰে বুলি অঞ্চলটোৰ সামাজিক সংগঠন চিংটাম লিচিং লুপৰ  সম্পাদক হেইছনাম তাৰ্জিতে জানিবলৈ দিয়ে।

অভূতপূৰ্ব আক্ৰমণৰ ফলত তিনিজন থিতাতে নিহত হয়। তেওঁলোক হৈছে থিয়াম সোমেন (৫৪), অইনাম বামোইজাও (৬১) আৰু তেওঁৰ পুত্ৰ অইনাম মানিটোম্বা (৩৫)।

Apply Now

বিষ্ণুপুৰ আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি ইম্ফলস্থিত ৰিমছ চিকিৎসালয়ৰ মৰ্চাৰীলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনাৰ পূৰ্বে জিলাখনৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়কঃ ছিৰিয়াত বিমান আক্ৰমণ; ১০ জন সাধাৰণ নাগৰিকৰ মৃত্যু, কোনে চলালে আক্ৰমণ?

আনহাতে, বুধবাৰে নিশা কাংপকপি জিলাৰ সীমান্তৱৰ্তী ইম্ফল পশ্চিম জিলাৰ কাংচুপ অঞ্চলৰ এখন গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰে।

এই আক্ৰমণত এজন গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক (ভিডিভি) তাখেলামবাম মনোৰঞ্জন (২৬) নিহত হোৱাৰ লগতে আন এজন স্বেচ্ছাসেৱক মাংছাতাবাম ৱাংলেন গুলীত আঘাতপ্ৰাপ্ত হয়।

ইম্ফল পূৱ জিলাৰ থিয়াম কনজিনৰ মৃত মনোৰঞ্জনৰ সম্পৰ্কীয় ভাতৃ তাখেলম্বাম চিত্তৰঞ্জনে জনায় যে এই ঘটনাৰ প্ৰায় এঘণ্টা আগতে তেওঁ পত্নীক ফোন কৰি কৈছিল যে তেওঁ উগ্ৰপন্থীৰ অহৰহ আক্ৰমণৰ পৰা গাঁওখনক ৰক্ষা কৰিবলৈ কাংচুপৰ পাহাৰতলীত আছে।

আন এক ঘটনাত নিশা থৌবাল জিলা আৰক্ষীক উন্মত্ত জনতাই আক্ৰমণ কৰাত বিএছএফৰ তিনিজন জোৱান আহত হয়। প্ৰতিবাদী লোকসকলে মৰেহ চহৰত উগ্ৰপন্থীয়ে ৰাজ্যিক নিৰাপত্তা বাহিনীক চলোৱা নিৰন্তৰ আক্ৰমণ প্ৰতিহত অধিক বাহিনী প্ৰেৰণ কৰিবলৈ চৰকাৰক দাবী জনায়।

লগতে পঢ়কঃ গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা ১৪ বছৰীয়া কিশোৰীক উত্তৰ প্ৰদেশত উদ্ধাৰ

উত্তেজিত পৰিস্থিতিৰ শাম কটাবলৈ থৌবাল জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনতে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰে।

আৰক্ষীয়ে জনোৱা মতে, খাংগাবকস্থিত ৩য় আই আৰ বিৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা উন্মত্ত জনতাক নিৰাপত্তা বাহিনীয়ে নূন্যতম প্ৰয়োজনীয় শক্তি ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰে। থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভঙাৰ চেষ্টা চলোৱাৰ ফলত নিৰাপত্তা বাহিনীয়ে আইনী বল প্ৰয়োগ কৰে। ভিৰৰ মাজৰ পৰা অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে সজীৱ গুলীচালনা কৰে, যাৰ ফলত বি এছ এফৰ তিনিজন জোৱান গুলীত আঘাতপ্ৰাপ্ত হয়।

এই আক্ৰমণত আঘাতপ্ৰাপ্ত সহকাৰী উপ-পৰিদৰ্শক সোব্ৰম সিং আৰু ৰামজী আৰু কনিষ্টবল গৌৰৱ কুমাৰ ইম্ফলৰ ৰাজ মেডিচিটি হাস্পতালত চিকিৎসাধীন হৈ আছে।

আন এক কাণ্ডত বুধবাৰে নিশা মৰেহত আক্ৰমণৰ বলি হোৱাৰ ফলত ৰাজ্য আৰক্ষীৰ তিনিজন কমাণ্ডো, ৰাইফলমেন কে প্ৰেমানন্দ (১ম আই আৰ বি), এম ডি আব্দুল হাছিম আৰু ৩য় আই আৰ বিৰ ছংছুৱাথুই আইমোল আহত হয়।

লগতে পঢ়কঃ কোচিং চেণ্টাৰত ১৬ বছৰ অনুৰ্ধৰ বাবে নামভৰ্তি বন্ধ; কেন্দ্ৰৰ নতুন নিৰ্দেশনা

উপত্যকাৰ জিলাসমূহত বৃহৎ সংখ্যক মহিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কেন্দ্ৰই ইউনিফাইড কমাণ্ডৰ অধ্যক্ষৰ দায়িত্ব মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক অৰ্পণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd