মণিপুৰৰ সেনাপতি জিলাত সোমবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। টাফৌ অঞ্চলত সংঘটিত গুলীচালনাত এজন CRPF জোৱান আহত হোৱাৰ লগতে অন্তত দুটা ঘৰ জ্বলাই দিয়া বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি নাগা আৰু কুকি জনগোষ্ঠীৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে।
সোমবাৰে পুৱা প্ৰায় ১০ বজাত ৩৬ নম্বৰ বেটেলিয়নৰ CRPFৰ উপ-পৰিদৰ্শক প্ৰদীপ সিং গুলীবিদ্ধ হয়। গুলীটো তেওঁৰ বাওঁ ভৰিত লাগে। পিছত তেওঁক চিকিৎসাৰ বাবে সেনাপতি হাস্পতাললৈ লৈ যোৱা হয়।
জানিব পৰা মতে, অচিনাক্ত দুস্কৃতিকাৰীয়ে বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মালিকানাধীন দুটা ঘৰ জ্বলাই দিয়াৰ পিছতে সশস্ত্ৰ গোটৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, জ্বলাই দিয়া ঘৰ দুটাৰ এটা কুকি সম্প্ৰদায়ৰ এজন লোকৰ আৰু আনটো পউমাই নাগা সম্প্ৰদায়ৰ এজন লোকৰ আছিল। অৱশ্যে ঘৰ দুটা কিয় জ্বলোৱা হ’ল আৰু কোনে এই ঘটনা সংঘটিত কৰিলে, সেই বিষয়ে এতিয়ালৈকে স্পষ্ট তথ্য পোৱা হোৱা নাই।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ টাফৌ অঞ্চলত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। নতুনকৈ হিংসা বিয়পি পৰাৰ আশংকাত বহু স্থানীয় লোকেও অঞ্চলটো এৰি নিৰাপদ স্থানলৈ যাবলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
ইফালে স্থানীয় লোকসকলে অভিযোগ কৰিছে যে সশস্ত্ৰ কুকি গোটে এখন লিয়াংমাই নাগা গাঁৱত আক্ৰমণ চলাইছে। অৱশ্যে এই অভিযোগৰ কোনো স্বাধীন নিশ্চিতকৰণ এতিয়ালৈকে হোৱা নাই।
ঘটনাৰ মাজতে সেনাপতি সদৰৰ ওচৰত ইম্ফল আৰু ডিমাপুৰক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে। ঘটনাস্থলীৰ দৃশ্যত ঘাইপথত জ্বলি থকা টায়াৰ আৰু বিভিন্ন সামগ্ৰী পেলাই পথ বন্ধ কৰি ৰখা দেখা যায়।
টাফৌ কুকি ভিলেজ অথৰিটিয়ে কুকি সম্প্ৰদায়ৰ লোকৰ ঘৰ জ্বলাই দিয়াৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। সংগঠনটোৱে ঘটনাটোক অমানৱীয় আৰু সম্পূৰ্ণ অগ্ৰহণযোগ্য বুলি অভিহিত কৰি জিলা প্ৰশাসন আৰু আৰক্ষীক জড়িত লোকসকলক চিনাক্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
ইয়াৰ লগতে ঘৰ জ্বলাই দিয়াৰ সৈতে জড়িত লোকসকলক ২৪ ঘণ্টাৰ ভিতৰত নিজে আগবাঢ়ি আহি কুকি সমাজৰ প্ৰচলিত কাষ্টমাৰী আইন অনুসৰি বিষয়টো সমাধান কৰিবলৈও সময়সীমা বান্ধি দিছে গাঁও কৰ্তৃপক্ষই।
টাফৌত সংঘটিত এই নতুন হিংসাৰ ঘটনাই মণিপুৰৰ নাগা আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা উত্তেজনাক পুনৰ উচটাই তুলিছে। ইয়াৰ পূৰ্বেও অঞ্চলটোত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
যোৱা ১৩ মে’ত নুনী আৰু কাংপকপি জিলাৰ দুটা পৃথক স্থানত অচিনাক্ত সশস্ত্ৰ লোকৰ আক্ৰমণত চাৰিজন লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত তিনিজন গীৰ্জাৰ নেতা আৰু এজন নাগা লোক আছিল। ইয়াৰ পিছতে আৰম্ভ হোৱা প্ৰতিশোধমূলক হিংসাৰ সময়ত নাগা আৰু কুকি-জো সম্প্ৰদায়ৰ ৪৮ জন সাধাৰণ লোকক বিপৰীত পক্ষৰ গোটে বন্দী কৰি ৰখা বুলি খবৰ প্ৰকাশ পাইছিল।
প্ৰায় এমাহৰ পিছত এই লোকসকলক মুক্তি দিয়া হয়। তাৰ পিছতে কাংপকপি জিলাৰ খাৰাম ভাইফেই গাঁৱৰ ওচৰত ছজন নাগা লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল। ঘটনাটোৰ তদন্ত বৰ্তমান ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চলাই আছে। তদন্তৰ অংশ হিচাপে জুলাই মাহত পৃথক দুটা অভিযান চলাই চাৰিজন লোকক গ্ৰেপ্তাৰো কৰা হৈছিল।
টাফৌ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত বৰ্তমানেও নিৰাপত্তা বাহিনী মোতায়েন হৈ আছে। হিংসা যাতে পুনৰ অধিক ভয়ংকৰ ৰূপ নলয় আৰু অঞ্চলটোত শান্তি ঘূৰি আহে, তাৰ বাবে প্ৰশাসনে পৰিস্থিতিৰ ওপৰত কঠোৰ নজৰ ৰাখিছে।





