মাৰ্চ মাহৰ আৰম্ভণিলৈ মাত্ৰ দুটা দিন বাকী। আৰু তাৰ পিছতে এপ্ৰিল মাহ আহি আছে। আৰু ১ এপ্ৰিলৰ পৰা আমাৰ দৈনন্দিন জীৱনত কেইবাটাও পৰিৱৰ্তন হ’বলৈ গৈ আছে। কেন্দ্ৰীয় বাজেট ২০২৬ত ঘোষণা কৰা নিয়মাৱলী ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। এই পৰিৱৰ্তনে আৰ্থ-সামাজিক খণ্ডত কিছু প্ৰভাৱ পেলাবলৈ গৈ আছে।
এপ্ৰিলৰ পৰা পেনকে ধৰি একাধিক পৰিৱৰ্তন
এপ্ৰিল মাহৰ পৰা একাধিক পৰিৱৰ্তন হ’বলৈ গৈ আছে। পেন কাৰ্ডৰ সৈতে জড়িত কিছুমান নিয়ম সহজ কৰি তোলা হৈছে। এতিয়াৰে পৰা বেংক বা ডাকঘৰত বছৰি ১০ লাখ টকা পৰ্যন্ত নগদ ধন জমা আৰু উলিওৱাৰ বাবে পেনৰ প্ৰয়োজন নহ’ব।
৫ লাখ টকা পৰ্যন্ত গাড়ী বা বাইক ক্ৰয় কৰাৰ বাবে, ২০ লাখ টকা পৰ্যন্ত মূল্যৰ সম্পত্তি ক্ৰয়-বিক্ৰয়ৰ বাবে বা হোটেল, ৰেষ্টুৰেণ্ট বা যিকোনো অনুষ্ঠানত ১ লাখ টকা পৰ্যন্ত খৰচ কৰাৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নহ’ব।
কি কি নিয়ম সলনি হৈছে
আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়সীমাত পৰিৱৰ্তন কৰা হৈছে। যিসকলৰ অডিটৰ প্ৰয়োজন নাই তেওঁলোকে ৩১ জুলাইৰ পৰিৱৰ্তে ৩১ আগষ্টৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব। ক্ষুদ্ৰ ব্যৱসায়ীসকলে ইয়াৰ পৰা সকাহ পাব।
যিকোনো ধৰণৰ বীমা পলিচীৰ বাবে পান কাৰ্ড বাধ্যতামূলক কৰা হৈছে। শিশুৰ শিক্ষাৰ বাবে কৰ কৰ্তনৰ পৰিমাণ বৃদ্ধি পাইছে। শিশুৰ শিক্ষা ভাট্টাত কৰ্তন ৩০০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰা হৈছে। মাহৰ প্ৰথম দিনটোত এল পি জি গেছ চিলিণ্ডাৰৰ মূল্যও সলনি হ’ব পাৰে।
শ্বেয়াৰ বজাৰতো পৰিৱৰ্তন
আনহাতে শ্বেয়াৰ বজাৰত লেনদেন অলপ ব্যয়বহুল হ’ব পাৰে। ভৱিষ্যত ব্যৱসায়ৰ ওপৰত ছিকিউৰিটিজ লেনদেন কৰ ০.০২ৰ পৰা ০.০৫ শতাংশলৈ বৃদ্ধি পাব। এই পৰিৱৰ্তনৰ বাবে মধ্যবিত্ত শ্ৰেণীয়ে সৰু সৰু লেনদেনত সকাহ পাব। সৰু গাড়ী, কম মূল্যৰ সম্পত্তি কিনাটো সহজ হ’ব।
এপ্ৰিল মাহৰ পৰা নতুন নিয়মৰ বাবে শিশুৰ শিক্ষাত কৰ সঞ্চয় বৃদ্ধি পাব। বীমা ক্ৰয়ৰ বাবে প্ৰয়োজন হ’ব পেন। আনহাতে, এতিয়াৰে পৰা ট্ৰেডিং অধিক ব্যয়বহুল হ’ব।





