• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪ বছৰত অসম ভ্ৰমণ কৰিলে ২.৪৩ কোটি পৰ্যটকে! বিধানসভাত ৰণজিৎ কুমাৰ দাসে প্ৰকাশ কৰিলে তথ্য  

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
March 12, 2025 3:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১-২২ চনৰ পৰা ২০২৪-২৫ চনৰ ডিচেম্বৰ মাহলৈকে অসমলৈ মুঠ ২ কোটি ৪৩ লাখ ৬৪ হাজাৰ ১৮০ জন পৰ্যটকে ভ্ৰমণ কৰিছে। পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে বিধানসভাত এই তথ্য দাঙি ধৰে। বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ চনৰ পৰা ২০২৪-২৫ চনৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰে ৬০,৩০৬ জন আছিল বিদেশী পৰ্যটক।

উল্লেখ্য যে ২০২২-২৩ বৰ্ষত সৰ্বাধিক সংখ্যক পৰ্যটকে অসম ভ্ৰমণ কৰিছিল। এই সময়ছোৱাত মুঠ ৯৮ লাখ ৩১ হাজাৰ ১৪১ জন পৰ্যটক ৰাজ্যখনলৈ আহিছিল। ২০২৩-২৪ চনত এই সংখ্যা আছিল ৭০ লাখ ৬৭ হাজাৰ ৩৩৫ জন। ২০২১-২২ চনত পৰ্যটকৰ সংখ্যা আছিল ১৭ লাখ ২ হাজাৰ ৯৩২ জন। আনহাতে, ২০২৪-২৫ চনৰ ডিচেম্বৰ মাহলৈকে ৫৭ লাখ ৬২ হাজাৰ ৭৭২ জন পৰ্যটকে অসম ভ্ৰমণ কৰাৰ তথ্য পোৱা গৈছে।

Apply Now

এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰ্যটন খণ্ডক অধিক বিকশিত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়ন, প্ৰচাৰ আৰু দক্ষতা বিকাশৰ বিভিন্ন আঁচনি হাতত লোৱা হৈছে।

উল্লেখ্য যে নদীভিত্তিক পৰ্যটনৰ প্ৰসাৰৰ বাবে পৰ্যটন বিভাগটোৱে ১৯৯১-৯২ চনত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত ‘জলপৰী’ আৰু ২০১১-১২ চনত গুৱাহাটীৰ পৰা মাজুলীলৈ ‘মহাবাহু’ নামৰ বিলাসী ক্ৰুজ সেৱা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ আঠটা প্ৰধান ধৰ্মীয় স্থান আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহ সংযোগ কৰি ‘হপ অন হপ অফ’ (hop On Hop Off )নাও সেৱাৰ পৰিকল্পনা হাতত লোৱা হৈছে উল্লেখ কৰে।

এই পৰিকল্পনাৰ কাৰ্যকৰীকৰণৰ বাবে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ লিমিটেড, ৰাজ্যৰ পৰ্যটন বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অসমৰ যৌথ উদ্যোগত এটা নতুন সংস্থা গঠন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সংস্থাটোক ‘ব্ৰহ্মপুত্ৰ সাগৰমালা মন্দিৰ দৰ্শনম এছ পি ভি প্ৰাইভেট লিমিটেড’ নামেৰে নামকৰণ কৰা হৈছে আৰু প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd