‘এনাৰ্জি ড্ৰিংক’ নামটোক লৈ তীব্ৰ আপত্তি দৰ্শাইছে দেশৰ খাদ্য সুৰক্ষা বিভাগে। এই পানীয় গ্ৰহণ কৰিলেই যে শৰীৰত শক্তি বৃদ্ধি পাব, তেনে কোনো কথা নাই। বৰঞ্চ এইধৰণৰ পানীয়ত এনে কিছুমান উপাদান থাকে, যিবোৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি দাবী কৰা হৈছে। এফ এছ এছ এ আইয়ে জনোৱা মতে, এনাৰ্জি ড্ৰিংক নাম দি যিবোৰ পানীয় বজাৰত বিক্ৰী কৰা হৈছে, তাত প্ৰচুৰ পৰিমাণে কেফেইন আৰু কৃত্ৰিম ৰং থাকে, যি স্বাস্থ্যৰ বাবে মুঠেও উপকাৰী নহয়। সেয়েহে এতিয়াৰে পৰা ‘এনাৰ্জি ড্ৰিংক’ নাম দি কোনো পানীয় বিক্ৰী কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে বিভাগটোৱে।
শেহতীয়াকৈ দেশৰ খাদ্য সুৰক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা এখন নিৰ্দেশিকাত স্পষ্টকৈ কোৱা হৈছে যে ‘এনাৰ্জি ড্ৰিংক’ নাম দি বজাৰত কোনো পানীয় বিক্ৰী কৰিব পৰা নাযাব। আনকি, এই পানীয় গ্ৰহণ কৰিলে শক্তি বাঢ়িব, শৰীৰ সতেজ হ’ব বা মনোযোগ বৃদ্ধি পাব এনেধৰণৰ কোনো বিভ্ৰান্তিকৰ কথাও বটলত লিখিব নোৱাৰিব। ইতিমধ্যে কেইবাটাও ব্ৰেণ্ডক তেওঁলোকৰ সামগ্ৰীৰ পৰা ‘এনাৰ্জি ড্ৰিংক’ শব্দটো আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে। এফ এছ এছ এ আইৰ পৰামৰ্শ অনুসৰি, এনে নাম থকা পানীয় ক্ৰয় কৰাৰ আগতে তাত কি কি উপাদান মিহলোৱা আছে আৰু সেইবোৰ কিমান পৰিমাণত আছে, সেয়া গ্ৰাহকে ভালদৰে পঢ়ি চোৱাটো অতিকৈ প্ৰয়োজনীয়।
সাধাৰণতে শক্তিবৰ্ধক পানীয় হিচাপেই এনাৰ্জি ড্ৰিংক বজাৰত বিক্ৰী হয়। বৰ্তমান শ্বপিং মলৰ পৰা আৰম্ভ কৰি ৰেস্তোঁৰালৈকে প্ৰায় সকলোতে সৰু-বৰ বটলত এই পানীয়ৰ উভৈনদী। বহুতে ভাৱে যে সাধাৰণ শীতল পানীয়তকৈ এনাৰ্জি ড্ৰিংক বেছি ভাল, কিন্তু প্ৰকৃততে সেয়া সঁচা নহয়। ইয়াত প্ৰচুৰ পৰিমাণে চেনি আৰু কেফেইন মিহলোৱা থাকে বাবেই খোৱাৰ লগে লগে শৰীৰটো সতেজ অনুভৱ হয়। খাদ্য সুৰক্ষা বিভাগে জনোৱা মতে, এটা ২৫০-৩০০ মিলিলিটাৰৰ এনাৰ্জি ড্ৰিংকৰ কেনত কমেও ৯০-৯৫ মিলিগ্ৰাম বা তাতকৈ অধিক কেফেইন থাকে। সাধাৰণতে আমাৰ শৰীৰে ৩০-৩২ মিলিগ্ৰাম কেফেইনহে সহ্য কৰিব পাৰে। সেয়েহে এনে পানীয় বেছিকৈ খালে হজম শক্তি দুৰ্বল হোৱাৰ লগতে গেছ, এচিডিটি আৰু এচিড ৰিফ্লাক্সৰ সমস্যা বহুগুণে বৃদ্ধি পায়। একেদৰে, যদি পানীয়ৰ বটলত ৪০-৫০ গ্ৰাম বা তাতকৈ অধিক চেনি থকা বুলি লিখা থাকে, তেন্তে সেয়া শৰীৰৰ বাবে অতি ক্ষতিকাৰক আৰু ই ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে।
কেফেইন আৰু চেনিৰ উপৰিও এই পানীয়সমূহত ‘টৰিন’ নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে উদ্দীপক হিচাপে কাম কৰে। বাণিজ্যিকভাৱে প্ৰস্তুত কৰা এনাৰ্জি ড্ৰিংকত টৰিনৰ পৰিমাণ বেছি থাকে আৰু ই কেফেইনৰ সৈতে লগ লাগি শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। টৰিনৰ লগতে যদি জিনছেং বা এল-কাৰ্নিটিনৰ দৰে আন উদ্দীপকৰ নাম লিখা থাকে, তেন্তে বুজিব লাগিব যে সেই পানীয় খোৱাটো একেবাৰেই নিৰাপদ নহয়। ইয়াৰ উপৰিও, লেবেলত যদি ‘হাই ফ্ৰুক্টজ কৰ্ণ ছিৰাপ’ লিখা থাকে, তেন্তে ই লিভাৰৰ বাবে বিপদজনক। পানীয়ত মিহলোৱা সুক্ৰালজ বা এছপাৰ্টেমৰ দৰে কৃত্ৰিম চেনিয়ে নিয়মীয়াকৈ গ্ৰহণ কৰিলে পেটৰ নানা সমস্যাৰ সৃষ্টি কৰে। আনহাতে, ৰেড ৪০, য়েলো ৫, য়েলো ৬, ব্লু ১ আদি কৃত্ৰিম ৰঙৰ নাম থাকিলে তেনে পানীয় ক্ৰয় নকৰাই শ্ৰেয়, কিয়নো এইবোৰ ৰঙে এলাৰ্জি বৃদ্ধি কৰাৰ লগতে লিভাৰ আৰু কিডনীৰ বিস্তৰ ক্ষতিসাধন কৰে।





