NORTHEAST NOW (Assamese)

মোদীৰ আশীৰ্বাদতে ৰাজ্য জয়: উৎফুল্লিত ‘মামা’ই দিলে সাফল্যৰ আঁৰৰ কিটিপ

December 3, 2023 2:17 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি ভোটগণনা চলি আছে চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনৰ। এই নিৰ্বাচনত বিজেপি-কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হ’ব বুলি চলি থকা জল্পনা-কল্পনাৰ বিপৰীতে গৈ দুই ৰাজ্যত অনায়সে ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে বিজেপি।

মধ্য প্ৰদেশ আৰু ৰাজস্থানত যথেষ্ট আসনত আগবাঢ়ি থকা বিজেপিয়ে আশ্চৰ্যকৰভাৱে ছত্তীশগড়তো কংগ্ৰেছক পিছ পেলাই জয়ৰ সম্ভাৱনা গঢ়ি তুলিছে। দলটোৰ এনে সফলতাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

দুপৰীয়ালৈকে বিপুল আসনত আগবাঢ়ি থকা মধ্য প্ৰদেশত বিজেপিয়ে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতাত অব্যাহত থাকিব বুলি আত্মবিশ্বাসেৰে দাবী কৰিছে চৌহানে। বৰ্তমানলৈকে ২৩০ খন আসনৰে ১৬১ খন আসনত আগবাঢ়ি আছে দলটো।

দলৰ এই সাফল্যত উৎফুল্লিত শিৱৰাজ সিং চৌহানে এক টুইট যোগে কয় যে জনসাধাৰণৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্বৰ দ্বাৰা বিজেপিয়ে পুনৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চিত।

বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো ৰাজ্যখনত জনসাধাৰণৰ বিশ্বাস বিজেপিৰ সৈতে থাকিব আৰু সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নিশ্চিতি প্ৰদান কৰিছিল।

Related News