• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰৰ যুঁজ তৰুণ গগৈৰ আদৰ্শৰ নতুন কংগ্ৰেছৰ আৰু হিমন্ত বিশ্বৰ ‘দাগী কংগ্ৰেছ’ৰ মাজত: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2026 8:13 pm
Photo source: Facebook

Photo source: Facebook

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক বতাহ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। শনিবাৰে মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বৰ্তমান অসমত প্ৰকৃত বিজেপি দলৰ কোনো অস্তিত্ব নাই, বৰঞ্চ বিজেপিৰ নামফলক আঁৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একাংশ প্ৰাক্তন কংগ্ৰেছী নেতাইহে দলটো চলাই আছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে তৰুণ গগৈৰ চৰকাৰৰ আমোলত যিসকল নেতা-মন্ত্ৰীৰ বেয়া কাম-কাজৰ বাবে ৰাইজে কংগ্ৰেছক বেয়া পাইছিল, সেইসকল দাগী নেতাই এতিয়া ক্ষমতা আৰু পৰিয়ালৰ স্বাৰ্থত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত একত্ৰিত হৈছে। তেওঁ এইবাৰৰ নিৰ্বাচনী যুঁজখনক সাধাৰণ নিৰ্বাচনৰ সলনি ‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন দাগী কংগ্ৰেছ’ আৰু ‘তৰুণ গগৈৰ আদৰ্শৰে পৰিচালিত নতুন কংগ্ৰেছ’ৰ মাজৰ আদৰ্শগত যুঁজ বুলি অভিহিত কৰে। গগৈৰ মতে, কংগ্ৰেছ দলে এতিয়া নতুন মুখ আৰু নিকা ভাৱমূৰ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিটো ৰাইজে ইতিমধ্যে ইতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছে। অসমৰ ৰাইজে এইবাৰ পুৰণি আৰু দাগী নেতাৰ পৰিৱৰ্তে তৰুণ গগৈৰ আদৰ্শৰে উদ্বেলিত নতুন কংগ্ৰেছক আঁকোৱালি ল’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।

Apply Now

নিৰ্বাচনী ফলাফলক লৈ গভীৰ আশাবাদ ব্যক্ত কৰি গগৈয়ে কয় যে উজনি আৰু উত্তৰ অসমত বিৰোধী মিত্ৰজোঁটৰ মাজত এক সুন্দৰ বুজাবুজি গঢ় লৈ উঠিছে আৰু ইয়াৰ পৰাই কংগ্ৰেছ নেতৃত্বাধীন নতুন চৰকাৰ গঠনৰ ৰণডংকা বাজি উঠিব। মিত্ৰজোঁটক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তসমূহ মানি চলিবলৈ তেওঁ সকলো পৰ্যায়ৰ নেতা-কৰ্মীক আহ্বান জনায়। মিত্ৰদলসমূহৰ প্ৰতিগৰাকী কৰ্মীৰ ত্যাগ আৰু কষ্টৰ শলাগ লৈ গগৈয়ে কয় যে ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিলে পৰিৱৰ্তন নিশ্চিত।

উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে গৌৰৱ গগৈয়ে মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ড° ইন্দ্ৰনীল পেগুৰ সমৰ্থনত এক বিশাল মটৰচাইকেল সমদলত অংশগ্ৰহণ কৰে। সহস্ৰাধিক মটৰচাইকেলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এই সমদলৰ জৰিয়তে তেওঁ সমষ্টিবাসী ৰাইজৰ ঘৰে ঘৰে গৈ আশীৰ্বাদ বিচাৰে আৰু মাজুলীত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd