• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীয়ে মহাৰাষ্ট্ৰ চৰকাৰক অস্থিৰ কৰাৰ পৰিৱৰ্তে বানপীড়িত অসম ভ্ৰমণ কৰা উচিত: গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2022 5:57 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ চৰকাৰক অস্থিৰ কৰাৰ পৰিৱৰ্তে বানপীড়িত অসম ভ্ৰমণ কৰা উচিত।

“যদি কোনো সংকট হৈছে, সেয়া বানপানীৰ। বিজেপি ক্ষমতাৰ বাবে অন্ধ হৈ পৰিছে। অসমত বানপানী হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰি বিশেষ পেকেজ ঘোষণা কৰা উচিত, কিন্তু তেওঁ মহাৰাষ্ট্ৰ চৰকাৰ উৎখাত কৰাৰ বাবে বা গুজৰাট নিৰ্বাচনত ব্যস্ত… বিজেপিৰ বাবে কেৱল ক্ষমতাহে গুৰুত্বপূৰ্ণ,” কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয়।

লগতে পঢ়ক: Maharashtra Crisis: একনাথ সিন্দেকে ধৰি ১৭-২০ জন বিদ্ৰোহী বিধায়ক আছে ইডিৰ নজৰত; দাবী সঞ্জয় ৰাউটৰ

Apply Now

বৰ্তমান বানপানীৰ ঢৌত অসমৰ ৩৪ খন জিলাৰ ৪১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

কুচিয়াৰা, লংগাই আৰু চিংলা নদীৰ পানীয়ে জিলাখনৰ অধিক অঞ্চল প্লাবিত কৰাৰ ফলত জিলাখনৰ ১.৩৪ লাখৰো অধিক লোক প্ৰভাৱিত হোৱাৰ পিছত অসমৰ কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে। বানপানীৰ ফলত জিলাখনৰ কেইবাটাও মুখ্য পথ ডুবি গৈছে।

অসমত এই বছৰ এতিয়ালৈকে ৰাজ্যখনত বানপানী আৰু ভূমিস্খলনত ৮২ জন লোকৰ মৃত্যু হৈছে।

কেৱল নামনি অসমৰ বৰপেটা জিলাত ১২.৩০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছত দৰঙত ৪.৬৯ লাখ, নগাঁৱত ৪.৪০ লাখ, বজালীত ৩.৩৮ লাখ, ধুবুৰীত ২.৯১ লাখ, কামৰূপত ২.৮২ লাখ, গোৱালপাৰাত ২.৮০ লাখ, কাছাৰত ২.০৭ লাখ, নলবাৰীত ১.৮৪ লাখ, দক্ষিণ শালমাৰাত ১.৫১ লাখ, বঙাইগাঁৱত ১.৪৬ লাখ, আৰু কৰিমগঞ্জ জিলাত ১.৩৪ লাখ।

লগতে পঢ়ক: TMC protest মহাৰাষ্ট্ৰৰ বিধায়কক ৰাজ আতিথ্য কিয়? ৰেডিশ্যন ব্লুৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (এএছডিএমএ) লগতে জনাইছে যে প্ৰাকৃতিক দুৰ্যোগৰ মাজত সাতজন লোক সন্ধানহীন হৈ আছে আৰু ৰাজ্যখনৰ ৮১০ টা সাহায্য শিবিৰত ২,৩১,৮১৯ জন লোকে আশ্ৰয় লৈ আছে।

এই দুৰ্যোগৰ ফলত মুঠ ১,১৩, ৪৮৫.৩৭ হেক্টৰ ভূমি ক্ষতিগ্ৰস্ত হৈছে। আনহাতে এএছডিএমএ-য়ে ইয়াৰ প্ৰতিবেদনত সদৰী কৰিছে যে ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ পৰা কমেও ১১,২৯২জন লোকক স্থানান্তৰ কৰা হৈছে। প্ৰায় ২.৩২ লাখ লোক বৰ্তমান সাহায্য শিবিৰত বন্দী হৈ আছে।

বৃহস্পতিবাৰে পুৱা গুৱাহাটীত শিৱসেনাৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়কসকলৰ বিদ্ৰোহী গোটত আৰু তিনিজন শিৱসেনা বিধায়কে যোগদান কৰাৰ যাৰ ফলত শাসনাধিষ্ঠিত মহা বিকাশ অঘাডী চৰকাৰৰ ৰাজনৈতিক অস্থিৰতা অধিক গভীৰ হৈ পৰিছে।

লগতে পঢ়ক:কেৱল শাৰীৰিকভাৱেই বলৱান নহয়; অপত্য স্নেহৰ গুণেৰেও তুলনাবিহীন হাতী: ভিডিঅ’

তেওঁলোকে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত উপস্থিত হয় য’ত আন বিদ্ৰোহী বিধায়কসকল বাহৰ পাতি আছে।

যোৱা নিশা আৰু চাৰিজন বিধায়কে গুৱাহাটীৰ সিন্দে শিৱিৰত যোগদান কৰিছিল। ইয়াৰ সৈতে যোৱা ২৪ ঘণ্টাত বিদ্ৰোহী গোটত যোগদান কৰা বিধায়কৰ সংখ্যা সাতজনলৈ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd