• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ লেতেৰা ৰাজনীতি চাব নিবিচাৰেঃ তিতাবৰত গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:51 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। নিৰ্বাচনলৈ যিমানেই দিন চমু চাপিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ অভিযান কংগ্ৰেছে তীব্ৰতৰ কৰি তুলিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও শনিবাৰে তিতাবৰ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য সমৰ্থিত তথা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ হৈ তিতাবৰবাসী ৰাইজৰ মৰম, আশীৰ্বাদ আৰু পূৰ্ণ সমৰ্থন বিচাৰি কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।

গগৈয়ে কয়, ”গুৰুজনাৰ আদৰ্শৰে প্ৰভাৱিত চাহ জনগোষ্ঠীৰ এজন সমাজ সেৱক, পৰিশ্ৰমী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাক এইবাৰ কংগ্ৰেছ দলে তিতাবৰত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এইয়া কেৱল এজন প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন নহয়—ই হৈছে চাহ জনগোষ্ঠীৰ মৰ্যাদা, অধিকাৰ আৰু উন্নয়নৰ যুঁজৰ প্ৰতি এক সন্মান।’’গগৈয়ে তিতাবৰবাসী ৰাইজক হাতত হাত ধৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মীক জয়ী কৰাবলৈ আহ্বান জনায়।

Apply Now

গগৈয়ে কয় যে এইবাৰ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদী চৰকাৰখনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ বিদায় দিব বুলিও কয় গৌৰৱ গগৈয়ে। তেওঁ কয় যে মহিলাসকলক আঁচনি দিয়াৰ নামতো বিজেপি চৰকাৰে ভয়-ভাবুকিৰ ৰাজনীতি কৰিছে। গগৈয়ে লগতে কয় যে বিজেপিৰ সভালৈ নগ’লেই, মোদীৰ মন কী বাত নুশুনিলেই মহিলাসকললৈ আঁচনি কাটি দিব বুলি ফোন আহে।

গগৈয়ে কয় যে চৰকাৰৰ কাম হৈছে ৰাইজক সুযোগ-সুবিধা প্ৰদান কৰা। চৰকাৰৰ কাম কেৱল দলীয় সভালৈ গ’লে ১২৫০ টকাকৈ দিয়াটোৱেই নহয়। চৰকাৰৰ কাম হৈছে শিক্ষা প্ৰদান কৰা, গাঁৱত আন্তঃগাঁথনি নিৰ্মাণ কৰা, বস্তুৰ দাম নিয়ন্ত্ৰণত ৰখা। কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত কথাবোৰ সলনি হৈ পৰিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে এতিয়া অসমত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিলে। চৰকাৰী স্কুলবোৰ বন্ধ হৈ পৰাত ল’ৰা-ছোৱালীবোৰে শিক্ষা গ্ৰহণৰ বাবে দূৰলৈ যাবলগীয়া হ’ল। গাঁওবোৰতো প্ৰাইভেট স্কুলৰ সংখ্যা বৃদ্ধি পালে। দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীবোৰে সদায় স্কুললৈ যাবলৈ বাছভাৰা যোগাৰ কৰিব  নোৱাৰে আৰু প্ৰাইভেট স্কুলৰ ফিজ দিব নোৱাৰে বাবে আধাতে স্কুল এৰা ল’ৰা-ছোৱালীৰ সংখ্যা বাঢ়িছে। চৰকাৰী হাস্পতালবোৰত কেৱল ঘৰকেইটাহে আছে, কিন্তু ডাক্তৰ আৰু ঔষধ পাবলৈ নাই। উন্নত চিকিৎসাৰ বাবে চৰকাৰী হাস্পতাললৈ গ’লে প্ৰাইভেট হাস্পতাললৈ ৰেফাৰ কৰি দিয়ে।

তেওঁ আৰু কয় যে অসমে আজিৰ অৱস্থা পোৱাত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱদান যথেষ্ট আছে। তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট বিশ্বাস কৰিছিল যদিও সেই বিশ্বাসৰ প্ৰতিদান দিলে পিছফালৰ পৰা ডেগাৰ মাৰি। তাতেই ক্ষান্ত নাথাকি তৰুণ গগৈৰ পৰিয়ালটোকো আজি আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলিও কয় গৌৰৱ গগৈয়ে। তেওঁ কয় যে মোৰ বিৰুদ্ধে আজি হিমন্ত বিশ্ব শৰ্মাই ইমানবোৰ মিছা প্ৰচাৰ কৰিছে যে ৰাইজে সকলো বুজি পাইছে। মোৰ বিৰুদ্ধে প্ৰচাৰ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই আজি তৰুণ গগৈৰ বোৱাৰী আৰু কণমানি নাতি-নাতিনীকো নিজৰ লেতেৰা ৰাজনীতিলৈ টানি আনিবলৈ কুণ্ঠাবোধ কৰা নাই। মুখ্যমন্ত্ৰীৰ আসনত বহি থকা এজন লোকৰ পৰা অসমৰ মানুহে এনে লেতেৰা ৰাজনীতি চাব নিবিচাৰে বুলিও কয় গৌৰৱ গগৈয়ে। কিন্তু এবছৰ হৈ গ’ল যদিও একো প্ৰমাণ দিব নোৱাৰিলে।

গগৈয়ে ৰসিকতা কৰি কয়, ”তেওঁ কৈছিল যে প্ৰমাণ দিব নোৱাৰিলে মই ৰাতি ঘৰলৈ নাযাও। মই সেয়ে সুধিব বিচাৰিছো যে আজিকালি ৰাতি তেওঁ ক’ত শোৱে? ৰাইজে আজি সেই কথা জানিব বিচাৰে।’’ ইমান মিছা কথা, ইমান পাতল কথা কেনেকৈ ক’ব পাৰে বুলিও গগৈয়ে প্ৰশ্ন কৰে।

নিজৰ ভাষণত জুবিন গাৰ্গকৈ লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰসংগও উল্লেখ কৰে গগৈয়ে। তেওঁ কয়, ”বিধানসভা নিৰ্বাচনৰ আগতে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল নে নাই? নিৰ্বাচনটো আহি গ’ল। জুবিন গাৰ্গক তেওঁৰ চৰকাৰে ন্যায় দিব নোৱাৰিলে। এতিয়া তেওঁ সেই কথা ক’ব পাৰিবনে?’’ নিজকে ডাঙৰ মানুহ বোলাবলৈ মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ কথা কৈছিল বুলিও গগৈয়ে কয়। তেওঁ কয় যে আজি যদি জুবিন গাৰ্গ জীয়াই থাকিলহেতেনে তেতিয়া আঁচনিৰ নাম মহিলাসকলক ভয় খুৱাই অহাৰ কথা জানিবলৈ পালে তেওঁ ক’লেহেতেন যে অসমীয়া মানুহ স্বাভিমানী মানুহ। অসমীয়া মানুহে কোনো ৰাজনৈতিক দললৈ ভয় নকৰে, কোনো মুখ্যমন্ত্ৰীলৈ ভয় নকৰে।

গগৈয়ে কয় যে আঁচনি আগতেও আছিল আৰু আগলৈকো আঁচনি থাকিব। কংগ্ৰেছ চৰকাৰ আহিলে আঁচনিবোৰ এতিয়াতকৈয়ো ভাল হ’ব আৰু তেতিয়া কোনো দলীয় সভালৈ নোযোৱাকৈ ঘৰতে বহি মহিলাসকলে আঁচনিৰ ধন পাব বুলিও স্পষ্ট কৰি দিয়ে গৌৰৱ গগৈয়ে। মিঞাক লৈ ৰাজনীতি কৰি থকা বিজেপি আৰু এনডিএই- নিজৰ প্ৰাৰ্থীক ৰাজ্যসভাত এআইইউডিএফৰ ভোট লৈ জিকোৱাৰ সময়ত মিঞা ক’লৈ গ’ল বুলি প্ৰশ্ন কৰে। অসমত মিঞাৰ দাদাগিৰি চলিব আৰু মুখ্যমন্ত্ৰীৰ কামিহাড় ভাঙিম বুলি কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে।

গগৈয়ে তিতাবৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী সন্দৰ্ভত কয় যে তেওঁ তৰুণ গগৈক নিজৰ গুৰু হিচাপে পাইছিল। সেয়ে তৰুণ গগৈক গুৰু হিচাপে পোৱা প্ৰাণ কুৰ্মীক ভোট দি তিতাবৰক আৰু অধিক আগুৱাই লৈ যাবলৈ গগৈয়ে সমষ্টিবাসী ৰাইজক আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd