• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 8, 2026 8:28 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

জেন জি শিক্ষক হিচাপে এই প্ৰজন্মটো মোৰ বৰ মৰমৰ। এওঁলোক বুদ্ধিদীপ্ত আৰু দায়বদ্ধ। তেওঁলোকৰ কথা ভাবিলে মোৰ দুখ লাগে। এতিয়া সমগ্ৰ বিশ্বতে, বিশেষকৈ ভাৰতত বিত্তবান পৰিয়ালৰ বাহিৰে সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালীৰ উপাৰ্জন তেওঁলোকৰ মাক-বাপেকৰ উপাৰ্জনতকৈ বহু কম। তাৰ এটা ইতিবাচক দিশো আছে। কুৰি শতিকাৰ শেষৰ ফালে যিসকলৰ বয়স ৬০ বা ২০ৰ ঘৰত আছিল, তেওঁলোকৰ উপাৰ্জনৰ লগত সেই সময়ৰ তেওঁলোকৰ সমবয়সৰ দুখীয়াসকলৰ উপাৰ্জনৰ কোনো সম্পৰ্ক নাছিল। আমি উচ্চ শিক্ষিত আছিলোঁ বাবে ভাল দৰমহা পোৱা চাকৰি কৰিছিলোঁ আৰু আমাৰ প্ৰথম দৰমহাৰ পৰাই আয়কৰ দিছিলোঁ। আমাৰ বয়সৰ যিসকল আমাতকৈ দুখীয়া আছিল তেওঁলোকে আয়কৰ দিবলগীয়া হোৱা নাছিল। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ অনুকম্পাহে আছিল, কিন্তু আমাৰ অৱস্থা একে নাছিল।

Apply Now

 

এতিয়া সেই অৱস্থা নাই। এতিয়াৰ জেন জি প্ৰজন্ম, আই টি আইয়েই হওক বা আই আই টিয়েই হওক, কোনেও তেওঁলোকৰ প্ৰথম দৰমহাৰ পৰা আয়কৰ দিব নালাগে। মানে আয়কৰ দিবলগীয়াৰ জোখেৰে তেওঁলোকে উপাৰ্জনেই নকৰে। গতিকে উপাৰ্জনহীনতাই এতিয়া সকলোকে এক কৰিছে। বৰ্তমানৰ জেন জি প্ৰতিবাদত আমি সেই ঐক্য দেখা পাইছোঁ। সেই ১৯৭০ৰ মাজভাগত দেখা দিয়া নৱনিৰ্মাণ আন্দোলনৰ পিছত, প্ৰথমবাৰৰ বাবে আমি এনে এটা আন্দোলন দেখা পাইছোঁ য’ত আন্দোলনকাৰীসকলৰ আন্দোলনৰ বিষয় ধৰ্ম, জাতি, আঞ্চলিক পৰিচয় বা ধৰ্ষণৰ সলনি আৰ্থ-সামাজিক।

 

দিল্লী আৰু ভাৰতৰ অন্য চহৰত হোৱা জেন জিসকলৰ আন্দোলনৰ মূল কাৰণ হ’ল উপাৰ্জনহীনতা। তেওঁলোকৰ ভৱিষ্যত যে ভাল হ’ব তাৰ কোনো ৰাজনৈতিক প্ৰতিশ্ৰুতিও নাই। এতিয়া দেশৰ সকলো সা-সুবিধাৰ অধিকাৰী অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰতিপত্তিশালী পৰিয়ালবোৰ। দেশৰ শিক্ষা, অৰ্থনীতি আৰু সংস্থানৰ দায়িত্ব যিসকলৰ, তেওঁলোকে নিজৰ ল’ৰা-ছোৱালীক বিদেশৰ নামী শিক্ষানুষ্ঠানত পঢ়ুৱাৰ ব্যৱস্থা কৰিছে আৰু বাকী যুৱক-যুৱতীক সাম্প্ৰদায়িক ৰাজনীতিত ব্যস্ত কৰি ৰাখিছে নাইবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই তেওঁলোক ককবকাই আছে।

 

মানুহৰ দুৰ্দশাৰ দায়িত্ব ল’বলৈ সম্ভ্ৰান্ত পৰিয়ালৰ পৰা অহা এই লোকসকল নাৰাজ। চৰকাৰী চাকৰি পোৱা আৰু লটাৰীত টকা পোৱা এতিয়া প্ৰায় সমপৰ্যায়ৰ হৈছে। চৰকাৰী চাকৰিনো কি, বন্ধুৱা শ্ৰমিকৰ দৰে গেবাৰী খটা, কিন্তু তাৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাতো খেলিমেলি। সেই খেলিমেলিৰ দায়িত্ব ক্ষমতাত থকাসকলে ল’ব নিবিচাৰে। আগতে সকলোৱে আই টিৰ চাকৰি বুলি ক’লে বলীয়া আছিল। আজিকালি সেই চাকৰিবোৰো কৃত্ৰিম বুদ্ধিমত্তাই অধিকাৰ কৰিলে। আজিকালি এপল, চামছেং কোম্পানীত চাকৰি কৰি যিমান দৰমহা পোৱা যায়, তাতকৈ আঢ্যৱন্ত পৰিয়ালৰ ঘৰত কাম কৰিয়েই বেছি পইচা উপাৰ্জন কৰিব পাৰি। এইবোৰেই হ’ল জেন জিসকলৰ কিছুমান অতি গুৰুত্বপূৰ্ণ অভিযোগ।

 

শাসকীয় দল আৰু বিৰোধীৰ এইবোৰত চকু নপৰে। সম্ভ্ৰান্তবংশীয় ৰাজনৈতিক শ্ৰেণীটোৰ কাম হৈছে যিকোনো প্ৰকাৰে সম্পদৰ পাহাৰ গঢ়া। তেওঁলোকে মানুহক ধৰ্মীয় আৰু জাতিগতভাৱে বিভাজিত কৰি সময়ে সময়ে হিতাধিকাৰী আঁচনিৰ যোগেদি ধনী মানুহে ভিখাৰীক দুপইচা দলিয়াই দিয়াৰ দৰে দি ৰাজনৈতিক ব্যৱস্থাটো চলাই নিব বিচাৰে। চৰকাৰী অনুষ্ঠানসমূহ উদ্যোগপতি, ৰাজনীতিক আৰু আমোলাৰ সতি-সন্ততিৰ দখলত পৰি শেষ। মানুহে প্ৰতিবাদ কৰি পৰিত্ৰাণৰ বাবে ন্যায়পালিকাৰ ওচৰ চাপিলে প্ৰক্ৰিয়া দীঘলীয়া কৰি চৰকাৰৰ শৰণাপন্ন ন্যায়পালিকায়ো প্ৰতিবাদকাৰীকহে শাস্তি দিয়ে।

 

এতিয়াৰ সম্ভ্ৰান্ত শ্ৰেণীৰ লগত আগৰ পিৰিবোৰৰ সম্পৰ্ক আছে। ষাঠীৰ দশকত জন্ম হোৱা লোকসকলৰ যিসকলে চৰকাৰী চাকৰি কৰিছিল, ভাৰতীয় অৰ্থনীতিৰ উদাৰীকৰণৰ পিছত দৰমহা বৃদ্ধি আৰু মাটি তথা ঘৰৰ অভাৱনীয় মূল্যবৃদ্ধিৰ দ্বাৰা তেওঁলোক বাৰুকৈয়ে উপকৃত হৈছিল। আজি যিসকলৰ বয়স ৩০/৪০ বছৰৰ ওপৰৰ, তেওঁলোকো তথ্য-প্ৰযুক্তি আৰু প্ৰচাৰ মাধ্যমৰ প্ৰসাৰৰ দ্বাৰা আৰু দ্বিতীয় তথা তৃতীয় শ্ৰেণীৰ মহানগৰসমূহৰ বিকাশৰ দ্বাৰা উপকৃত হৈছিল। তেওঁলোকৰ ওপৰৰ ফালৰ ৫০%ই ২০০৩ আৰু ২০০৮ৰ দশকত সুফল ভোগ কৰিছিল। তেওঁলোকে পুৰণি ধৰ্মনিৰপেক্ষ ভাৰত আৰু মণ্ডল, কমণ্ডলৰ দৰে নতুনকৈ আৱিৰ্ভাৱ হোৱা বিষয়বোৰত পক্ষ লৈছিল। কিন্তু ২০১৪ চনৰ পিছত পৰিস্থিতি সলনি হ’ল। তেতিয়াৰে পৰা, তেওঁলোকৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে ভাৰতৰ অৰ্থনীতিয়ে গেথেলা মাৰিলে, বিশ্বৰ আন দেশবোৰৰ তুলনাত ভাৰত পিছপৰি ৰ’ল।

 

এই খুৰা-খুৰীসকলে মিউচুৱেল ফাণ্ড ভাল বুলি কৈছিল—এতিয়া সেইটোৱেও কাম নকৰা হ’ল। এই অৰ্থনৈতিকভাৱে খোপনি পোতা খুৰা-খুৰীহঁতে যি ব্যৱস্থাই আজি সকলোকে নিঃসম্বল, আত্মমৰ্যাদাহীন কৰি তুলিছে, সেই ব্যৱস্থাটোকে সমৰ্থন কৰে। তেওঁলোকে তেওঁলোকৰ প্ৰতিবিম্বত এটা জেন জিৰ জন্ম দিব বিচাৰিছে। কিন্তু সেই জেন জি কিন্তু বৰ উচ্চাকাংক্ষী হ’ব নোৱাৰিব। এই খুৰা-খুৰীহঁতে জেন জিক কোটা আৰু নীট, জি ই ই, ক্লেট, ইউজিচি-নেট আদি লটাৰীলৈ (লটাৰী এই কাৰণে, কিমান ল’ৰা-ছোৱালীয়ে পৰীক্ষা দিয়ে, কিন্তু পাছ কৰে মাত্ৰ এমুঠিমানে) পঠিয়ায়। কিন্তু এই লটাৰীবোৰো এতিয়া আৰু আগৰ দৰে হৈ থকা নাই। এইবোৰৰ সকলোতে দুৰ্নীতি আৰু খেলিমেলি। অথচ এসময়ত এইবোৰ পৰীক্ষা দিয়েই এই খুৰা-খুৰীহঁতে চাকৰি কৰি নিজৰ ভাগ্য ধন্য কৰিছিল।

 

গতিকে আজি জেন জি নিজেই নিজৰ ভাগ্যবিধাতা হ’বলগীয়া হৈছে। কিন্তু তেওঁলোকৰ বাবে পৃথিৱীখনেই সংকুচিত হৈ পৰিছে। প্ৰথমতে ষ্টাৰ্টআপৰ ধামাকা আহিল। কিন্তু দেখা গ’ল যিসকলে এই ষ্টাৰ্টআপ খুলি সফল হৈছে, তেওঁলোকৰ প্ৰায় সকলোৱে উচ্চ জাতৰ আৰু বেছ প্ৰতিপত্তি তথা সম্পদশালী পৰিয়ালৰ পৰা অহা। এতিয়া পৰিস্থিতি কেনে- চাকৰি-বাকৰি নাই। কিবা ক’ৰবাত আছে যদিও দৰমহা অতি কম। গতিকে জেন জিসকলে কি কৰিব? তেওঁলোক য’তে আছে বা যাৰ যি শিক্ষাগত অৰ্হতা নাথাকক কিয় আৰু তেওঁলোকৰ হাতত যি সম্বল আছে তাকে সাৰথি কৰি তেওঁলোক আন্দোলনৰ বাবে প্ৰস্তুত হ’ল। তাত আওপকীয়াকৈ উদগনি দিলে মতগৰ্বী ভাৰতৰ মুখ্য ন্যায়াধীশে।

 

তাৰ পিছত আজিৰ এই অৱস্থা। অৰ্থনৈতিক অসন্তুষ্টিৰ প্ৰতি মনোযোগ নিদিলে এদিন নহয় এদিন সি বিস্ফোৰণ ঘটিবই। এই প্ৰতিবাদ শাম কাটিব পাৰে, কিন্তু তাৰ অৰ্থনৈতিক কাৰণবোৰ আঁতৰি নাযায়। বাৰে বাৰে ই উভতি আহিব আৰু ক্ৰমান্বয়ে তীব্র ৰূপ ধাৰণ কৰিব যেতিয়ালৈকে ৰাজনৈতিকভাৱে তাৰ কাৰণবোৰ নিৰসনৰ ব্যৱস্থা কৰা নহয়। এই জেন জিসকল তেওঁলোকৰ আগৰ প্ৰজন্মৰ দ্বাৰা প্ৰতাৰিত আৰু এতিয়া তেওঁলোকে যি চৰকাৰক প্ৰত্যাহ্বান জনাইছে, সেই চৰকাৰৰ মনোভাবো তেওঁলোকৰ প্ৰতি শত্ৰুতামূলক। মই আশা কৰোঁ ইতিহাসত বাৰে বাৰে ঘটাৰ দৰে তেওঁলোকৰ সংগ্ৰাম যাতে উত্তৰ-পুৰুষৰ বাবে কেৱল এক ত্যাগ আৰু বলিদান হৈ নৰয়, অৰ্থাৎ তেওঁলোকে নিজেও যাতে এই সংগ্ৰামৰ ফল ভোগ কৰিব পাৰে।

 

(অৰ্থনীতিবিদ ৰথীন ৰায় এসময়ত  নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা কমিটিৰ সদস‍্য আছিল।কিন্তু চৰকাৰৰ অৰ্থনৈতিক নীতি সমালোচনা কৰা কাৰণে তেওঁ চৰকাৰৰ ৰোষত পৰে।জেন জি আন্দোলনৰ বিষয়ে এই প্ৰবন্ধটো যোৱা ২২ জুলাইৰ দিনা Economic Times ত ‘Gen Z marks the rot: NEET protests mark a deep socioeconomic grievance, and fractured employment system’ নামেৰে প্ৰকাশ পাইছিল। প্ৰবন্ধটোৰ গুৰুত্ব বুজি মই তাক অসমীয়ালৈ অনুবাদ কৰিলোঁ।আশা কৰোঁ আমাৰ শ্ৰোতা, দৰ্শক আৰু  পাঠক সকলে ৰথীন ৰায়ৰ কথাখিনিৰ তাৎপৰ্য উপলব্ধি কৰিব)

 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd