NORTHEAST NOW (Assamese)
Popular Stories

ভাৰত-পাকিস্তান : দুয়োখন দেশে অতীতক পাহৰি নতুনক আদৰিবলৈ আহ্বান পাক সেনাপ্ৰধানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 7:54 pm

পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল কোৱামাৰ জাভেড বাজৱাই বৃহস্পতিবাৰে কয় যে ভাৰত আৰু পাকিস্তানে পুৰণি শত্ৰুতা পাহৰি একেলগে আগবাঢ়ি যাব লাগে।

‘ইছলামাবাদ চিকিউৰিটী ডায়লগ’ত তেওঁ এই ভাষ্য প্ৰদান কৰিছে।

আৰ্মী জেনেৰেলজনে কয় যে ভাৰত-পাকিস্তানৰ মাজত শান্তিপূৰ্ণ সম্পৰ্কই পূব আৰু পশ্চিম এছিয়াৰ মাজত সংযোগ স্থাপনত সহায় কৰে।

সেয়ে ইছলামাবাদ আৰু নতুন দিল্লীয়ে অতীতক পাহৰি সমুখলৈ বাট বুলিবৰ বাবে মৈত্ৰী সম্পৰ্ক স্থাপন কৰিব লাগে বুলি তেওঁ কয়।

আনহাতে, ভাৰত-পাকিস্তানৰ বিবাদত কাশ্মীৰক মূল কাৰণ হিচাপে গণ্য কৰি তেওঁ কয় যে এই বিবাদ শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰেহে সমাধান হ’ব।

কাশ্মীৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰে সুস্থ পৰিৱেশ গঢ়াৰ প্ৰয়োজন বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে যোৱা মাহত ভাৰত চৰকাৰে কৈছিল যে পাকিস্তানৰ হৈ দেশখনে শান্তিপূৰ্ণ সম্পৰ্ক ৰাখিব বিচাৰে।

এইক্ষেত্ৰত ভাৰত চৰকাৰে কৈছিল যে পাকিস্তান আগবাঢ়ি আহিলেই বিবাদসমূহৰ সলনি মৈত্ৰি সম্পৰ্ক স্থাপন কৰিব পৰা যাব।

আনহাতে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে যোৱাকালি কৈছিল যে পাকিস্তানে শান্তি স্থাপন কৰিব বিচাৰি আছে, কিন্তু ইয়াৰ বাবে ভাৰত চৰকাৰে প্ৰথম পদক্ষেপ ল’ব লাগিব।

তদুপৰি পাকিস্তানৰ স’তে মৈত্ৰী সম্পৰ্ক ৰাখিলে ভাৰতে অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব বুলিও ইমৰাণ খানে কৈছিল।

ইমৰাণ খানে কৈছিল যে পাকিস্তানৰ স’তে মৈত্ৰী সম্পৰ্ক ৰাখিলে ভাৰতে মধ্য এছিয়ালৈ পোনে পোনে যোগাযোগ ৰাখিব পাৰিব।

উল্লেখযোগ্য যে মধ্য এছিয়া তেল আৰু গেছৰ দৰে খনিজ সম্পদেৰে চহকী।

আনহাতে, জেনেৰেল বাজৱাই কয় যে ভাৰত-পাকিস্তানৰ দৰে অমিমাংসিত বিবাদসমূহৰ বাবে দক্ষিণ এছিয়াই দৰিদ্ৰতা আৰু অনুন্নয়নশীলতাৰ মুখামুখি হৈ আহিছে।

আনকি তেওঁ ইয়াৰ স’তে ‘শীতল যুদ্ধ’ৰো প্ৰসংগ টানি আনে।

তেওঁ কয় যে এনেধৰণৰ বিবাদসমূহে আন এখন শীতল যুদ্ধৰ আৰম্ভণি ঘটাব পাৰে।

জেনেৰেল বাজৱাই কয় যে এইধৰণৰ বিবাদসমূহৰ ফলত দেশসমূহে প্ৰতীৰক্ষাৰ ক্ষেত্ৰত অত্যধিক ব্যয় কৰিব লগা হয়, যিটোৱে মানৱ উন্নয়নত হেঙাৰ সৃষ্টি কৰে।

আনহাতে, সুৰক্ষাজনিত প্ৰত্যাহ্বানৰ মুখামুখী হৈও পাকিস্তানে প্ৰতীৰক্ষা বাজেটৰ পুঁজি বৃদ্ধি কৰা নাই বুলি তেওঁ জনায়।

উল্লেখযোগ্য যে ২০১৬ চনৰ পাঠানকোট এয়াৰ ফ’ৰ্চ সংঘৰ্ষৰ পাছতে দুয়োখন দেশৰ মাজত সম্পৰ্ক বিঘ্নিত হৈ আহিছে।